শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / পাঁচ লাখৰ বণ্ডত বিদেশীক মুকলি কৰি দিব চৰকাৰে

পাঁচ লাখৰ বণ্ডত বিদেশীক মুকলি কৰি দিব চৰকাৰে

ন্যায়ালয়ত ক্ষমাপ্ৰাৰ্থনা ৰাজ্যৰ মুখ্য সচিবৰ


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ এপ্ৰিল :
জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰে এইবাৰ মুকলি কৰি দিব বিদেশীক। পাঁচ বছৰ অথবা তাতোকৈ বেছি কাল ডিটেনচন কেম্পত থকা বিদেশীক পাঁচ লাখ টকাৰ বণ্ডত আৰু বায়’মেট্ৰিক লৈ জামিনত মুকলি কৰি দিব। ৰাজ্য চৰকাৰৰ এনে অদ্ভ³ত সিদ্ধান্ত সন্দৰ্ভত ন্যায়ালয়ত দাখিল কৰা শপতনামাক লৈ জাঙুৰ খাই উঠিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়। বিদেশীক বিতাড়ন কৰাৰ বিপৰীতে এনেদৰে পাঁচ লাখ টকাৰ বণ্ডত মুকলি কৰি দিয়াৰ চৰকাৰী সিদ্ধান্তক ভৰ্ৎসনা কৰি ৰাজ্য চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰৰ বিৰুদ্ধে অগ্নিশৰ্মা হৈ পৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। মুখ্য ন্যায়াধীশগৰাকীয়ে মুখ্য সচিবক এইবুলি তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে এইসকলক পোনপটীয়াভাৱে বিতাড়ন কৰিব লাগিব। এই কাম সম্পূৰ্ণৰূপে সংবিধানবিৰোধী। এনে কাৰ্যৰ বাবে মুখ্য সচিব হৈ থকাৰ যোগ্যতা নাই বুলিও কটাক্ষ কৰে ৰঞ্জন গগৈয়ে। অৱশেষত ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে ন্যায়ালয়ৰ মজিয়াত ক্ষমা খুজিবলৈ বাধ্য হয়। উল্লেখ্য যে ৰাজ্যৰ ডিটেনচন কেম্পসমূহত ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘনৰ অভিযোগ উত্থাপন কৰিছিল মানৱ অধিকাৰ কৰ্মী হৰ্ষ মাণ্ডাৰে।
অসমৰ ডিটেনচন কেম্পসমূহ পৰিভ্ৰমণ কৰি আৱাসীৰ বুজ লৈছিল। সেই সময়তেই ডিটেনচন কেম্পসমূহত আৱাসীসকলৰ মানৱ অধিকাৰ উলংঘনৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় মানৱ অধিকাৰ কৰ্মীগৰাকী। উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক ডিটেনচন কেম্পৰ আৱাসীৰ সমস্ত নথি দাখিল কৰাৰ নিৰ্দেশ দিয়ে। সেই অনুসৰি আজি ৰাজ্য চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰে ন্যায়ালয়ৰ মজিয়াত এই শপতনামা দাখিল কৰি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অৱগত কৰে। শপতনামাত চৰকাৰী সিদ্ধান্তৰ কথা উল্লেখ কৰি কয় যে পাঁচ বছৰ অথবা তাতোকৈ অধিক কাল ডিটেনচন কেম্পত থকা বিদেশীক পাঁচ লাখ টকাৰ বণ্ডত জামিনত মুকলি কৰি দিব।
একেদৰে প্ৰতি সপ্তাহত জামিনত মুক্তি লাভ কৰা বিদেশীয়ে স্থানীয় আৰক্ষী থানাত হাজিৰা দিব লাগিব। চৰ্ত সাপেক্ষে বিদেশীক এনেদৰে জামিনত মুকলি কৰি দিয়া চৰকাৰী সিদ্ধান্তক ভৰ্ৎসনা কৰি আজি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে তীব্ৰ সমালোচনা কৰি কাইলৈৰ ভিতৰত চৰকাৰৰ নিৰ্ণায়ক নথি-পত্ৰসমূহ দাখিল কৰাৰ নিৰ্দেশ দিয়ে। আজি শুনানিৰ ৰায়দান স্থগিত ৰাখি কাইলৈ চৰকাৰৰ কাৰ্যবিৱৰণীৰ ওপৰত ভিত্তি কৰি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিব। যি কি নহওক বিদেশীক এনেদৰে জামিনত মুকলি কৰি দিয়াৰ সিদ্ধান্তক লৈ চৰকাৰৰ বিৰুদ্ধে অগ্নিশৰ্মা হৈ পৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। মন কৰিবলগীয়া যে পূৰ্বে এক শুনানিত মুখ্য সচিব আলোক কুমাৰ উচ্চতম ন্যায়ালয়ত অনুপস্থিত আছিল। মুখ্য সচিবগৰাকীক ন্যায়ালয়ে উপস্থিত থকাৰ নিৰ্দেশ দিয়াৰ পিছতো ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰাৰ বাবে মুখ্য সচিবগৰাকীক কঠোৰ সমালোচনা কৰিছিল, আনকি গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিব নেকি বুলিও সকীয়নি প্ৰদান কৰিছিল।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )