শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / অসমত যোৱা বৰ্ষত মেলেৰিয়া ৰোগত আক্ৰান্ত ৩৮১৬জন

অসমত যোৱা বৰ্ষত মেলেৰিয়া ৰোগত আক্ৰান্ত ৩৮১৬জন

প্ৰতিবছৰে বিশ্বত মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ লাখ       

নতুন দিল্লী, ২৫ এপ্ৰিল ঃ
আজি সমগ্ৰ বিশ্বই উদ্যাপন কৰিলে মেলেৰিয়া দিৱস। ২০৩০ৰ ভিতৰত সমগ্ৰ ভাৰতে মেলেৰিয়ামুক্ত দেশ গঢ়াৰ লক্ষ্যৰে আগবাঢ়ি থকাৰ সময়ছোৱাতেই ২০১৮ত মেলেৰিয়া ৰোগত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩,৯৯,১৩৪। উল্লেখ্য যে ২০১৭ত বিশ্বজুৰি মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ২৭ লাখৰ। বিশ্ব স্বাস্থ্য সংস্থাৰ বিশ্ব মেলেৰিয়া ৰিপোৰ্ট-২০১৭ অনুসৰি প্ৰতিবছৰে বিশ্বজুৰি এই ৰোগত পঞ্চাশ কোটি লোক আক্ৰান্ত হয়। ইয়াৰে ভিতৰত প্ৰতিবছৰে ২৭ লাখ লোকৰ মৃত্যু ঘটে বুলি প্ৰতিবেদনত উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। লগতে প্ৰতিবেদনত এই কথাও প্ৰকাশ কৰিছে যে মৃত্যু ঘটা লোকসকলৰ অধিকসংখ্যকৰে বয়স পাঁচ বছৰতকৈ তলত। মন কৰিবলগীয়া যে ২০১৮ত মেলেৰিয়া ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ৩,৮১৬। ভাৰতত ২০১৮ত সৰ্বাধিক মেলেৰিয়া ৰোগত আক্ৰান্ত হৈছিল ছত্তীসগড়ৰ জনতা।
ছত্তীসগড়ৰ ৭৭,১৪০জন ৰোগী ২০১৮ত মেলেৰিয়া ৰোগত আক্ৰান্ত হৈছিল। আনহাতে দ্বিতীয় স্থানত আছে উৰিষ্যা। উৰিষ্যাত ২০১৮ত ৬৬,৩০১জন মেলেৰিয়া ৰোগত আক্ৰান্ত হৈছিল। তাৰ পিছত ঝাৰখণ্ডত এই ৰোগীৰ সংখ্যা আছিল ৫৩,৭৯৮ জন। একেদৰে পশ্চিমবংগত ইয়াৰ সংখ্যা ২৬,৩৮২ হোৱাৰ লগতে গুজৰাটত ইয়াৰ সংখ্যা হৈছিল ২১,৩২৭জন। এতিয়াও মেলেৰিয়া ৰোগৰ বাবে এই ৰাজ্যকেইখন সৰ্বাধিক আশংকিত বুলি তথ্য প্ৰকাশ পাইছে। মেলেৰিয়া ৰোগৰ আশংকাত ভোগা ৰাজ্যসমূহৰ ভিতৰত চৈধ্য নম্বৰ স্থানত আছে অসম। যিহেতু অসমত ২০১৮ত ৩,৮১৬জন মেলেৰিয়া ৰোগত আক্ৰান্ত হৈছিল।