শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / অসমৰ বহু জনপ্ৰতিনিধিয়ে নাজানে ইতিহাস

অসমৰ বহু জনপ্ৰতিনিধিয়ে নাজানে ইতিহাস

✍️  আব্দুল আলিম

অসমৰ জনগাঁথনি বিভিন্ন জাতি-জনগোষ্ঠীয় উপাদানেৰে পৰিৱেষ্টিত বৃহত্তৰ অসমীয়া জাতি গঠনত গৰিয়া-মৰিয়া দেশীৰ ভূমিকা লেখত ল’বলগীয়া। ইয়াৰ মুছলমানসকল অসমৰ প্ৰাচীন জনগোষ্ঠীসমূহৰ এটা ভাগ।
অসমত ইছলাম ধৰ্মৰ পাতনি মেলিছিল ১২০৬ খ্ৰীষ্টাব্দত। ১২০৬ খ্ৰীষ্টাব্দত বংগৰ তুৰ্কী সেনাপতি বখতিয়াৰ খিলিজি তিববত জয় কৰাৰ আশাৰে অসমত প্ৰৱেশ কৰিছিল। কামৰূপৰ ৰজা পৃথুৰ হাতত মুছলমানসকল হাৰি যায় যদিও বহুত মুছলমান সৈন্যই অসমত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰে। জনজাতীয় ৰজা আলি মেচে বখতিয়াৰক আদৰিছিল আৰু¸ তেওঁ ইছলামলৈ দীক্ষিত হৈছিল। তেওঁ প্ৰথম অসমীয়া মুছলমান। ইয়াৰ পিছত ক্ৰমান্বয়ে ১৩২০ খ্ৰীঃ গিয়াছ উদ্দিন বাহাদুৰ শ্বাহ, ১৩৫৭খ্ৰীঃ চুলতান সিকান্দাৰ শ্বাহ, ১৩৮৯ খ্ৰীঃত চুলতান গিয়াছ উদ্দিন মুজাফৰ আজম, ১৪৯০ খ্ৰীঃত হুছেইন শ্বাহ আদিয়ে কামৰূপ আক্ৰামণ কৰে ইয়াক নিজৰ আয়ত্তাধীন কৰে। এইসকলৰ লগত অহা সৈন্য-সামন্ত, ৰাজপুৰুষ, পৰিব্ৰাজক, লেখক, ধৰ্মীয় পুৰুষসকলৰ উত্তৰসূৰীবোৰ পূৰ্বৰবোৰৰ দৰে থলুৱা মৰ্যাদাৰে অসমত বসবাস কৰি আহি আছে। এই সকলৰ দ্বাৰা প্ৰতিষ্ঠিত মান, দৰ্গাহ, মাজাৰ, পীৰপাল, খানকাহ, মছজিদ, ঈদগাহ আদিক ধৰ্মনিৰ্বিশেষে ইয়াক সন্মান কৰি ৰক্ষণাৱেক্ষণ দি ভাতৃত্ববোধৰ পৰিচয় দিছে। কালৰ সোঁতে সিহঁতে নিজৰ সম্পূৰ্ণ স্বকীয়তা পৰিত্যাগ কৰি অসমৰ খিলঞ্জীয়া ভাষা, সংস্কৃতি, পৰম্পৰা, ৰীতি-নীতি আদিৰ সৈতে একাকাৰ হৈ গ’ল।

প্ৰায় ১৩-১৪ শতিকাৰ পৰাই আহোম ৰাজশক্তিৰ সদইচ্ছাৰ ফলত সংগঠিতভাৱে ভাটিৰ পৰা জনস্ৰোত বৈছিল। নামনি অসম আছিল ইয়াৰ দুৱাৰমুখ। সেই বাবেই এই প্ৰব্ৰজনকাৰীসকলৰ প্ৰভাৱ নামনিত অধিক। ক্ৰমাগতভাৱে উজনিত তেনেই পাতল। তথাপি ছেগাছোৰোকাকৈ কমতাৰ কোচ ৰজাৰ অনুগ্ৰহত দৰঙৰ পূব সীমালৈ গৈ পাইছিল। অসম ভূমিলৈ আহি স্থায়ী বসতিৰে থলুৱা মৰ্যাদা পাইছিল।

সোতৰশ শতিকাত আহোম স্বৰ্গদেউসকলে বিশেষকৈ ৰুদ্ৰসিংহ দেৱে বংগদেশৰ পৰা ব্ৰাহ্মণাদি উচ্চ বৰ্ণ হিন্দুসকলক আনে। এই ব্ৰাহ্মণসকলেই উপজাৰ পৰা মৃত্যুলৈ সমাজৰ বিধি নিয়মবোৰ বান্ধি দিয়ে। সমাজত চাৰি বৰ্ণৰ সৃষ্টি হ’ল। সমাজৰ কঠোৰ নিয়ম পালন কৰিব নোৱাৰাৰ বাবেই বহুত মানুহ সমাজচ্যুত হ’ল। এনে সমাজহীন মানুহবোৰ জীয়াই থকা বৰ টান হৈ পৰিছিল। তেনে সময়ত সুদূৰ বাগদাদৰ পৰা অহা শ্বামিলন ওৰফে আজান ফকিৰে এই সমাজে পৰিত্যাগ কৰাসকলক ইছলামলৈ আনি এখন সুন্দৰ সমাজ পাতি দিলে। এইসকল মুছলমান কোনো বাহিৰাগৰ আগমন নহয়। আজান চাহাবৰ দৰে আৰু বহুত ধৰ্মীয় গুৰুৰ আৱিৰ্ভাৱ হৈছিল। তাৰ মাজত বিশেষকৈ পোৱামক্কা হাজো (গিয়াছ উদ্দিন), সিজুবাৰী-গুৱাহাটীৰ (শ্বাহ মুখদুম শ্বাহ) জলেশ্বৰ-গোৱালপাৰা (নুৰউদ্দিন) আদি। এই বিজ্ঞ আৰু¸ আধ্যাত্মিক পূণ্যৱানৰ আশাসুধীয়া চেষ্টাৰ পৰিণতিত ইছলামৰ প্ৰচাৰ আৰু¸ প্ৰসাৰ তীব্ৰ হৈছিল। দিনক দিনে সদস্যাৰ সংখ্যা আশাতীতভাৱে বৃদ্ধি পাবলৈ ধৰিলে। মিৰজুমলা, খোৰাছানী পীৰ, পাঁচপীৰ, আউলীয়া সাজী হাইদৰ আদিসকলৰ আগমনে সোণত সোৱাগা চৰোৱা হ’ল। মূৰ্তি-পূজ্যহীন এক ঈশ্বৰ বাদলৈ অহৰহ জন সমাগম ঘটিল। বাহিৰৰ পৰা যিমান আহিছিল তাতকৈ ইয়াৰ স্থানীয়বোৰ শুদ্ধ পথ বিচাৰি ইছলামৰ গণ অভ্যুত্থান ঘটিছিল। এওঁলোক থলুৱা ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, কৃষ্টি-কলা আদিৰ লগত মিল ৰাখি শৃখলাবদ্ধভাৱে জীৱন-যাপন কৰিব ধৰিলে। তেওঁলোক হাড়ে-হিমজুৱে অসমীয়া হৈ মোগল ৰাজত্বৰ এটা সময়ত নামনি অসমত নগদ ধন খাজনা ব্যৱস্থাৰ প্ৰৱৰ্তন আছিল। জাহাংগীৰ বাদছাহে কোচ ৰজাৰ উচ্চপদস্থ অভিজাত কৰ্মচাৰী কবিন্দ্ৰ পাত্ৰে যি গৌৰীপুৰ ৰাজপৰিয়ালৰ পূৰ্বপুৰুষ, তেওঁক ৰঙামাটিৰ থানাৰ নায়েৰ কাননগো হিচাপে নিযুক্তি দিছিল। বাদছাহৰ কৃপাত গোৱালপাৰাৰ বহুতেই একোটা পৰগনাৰ খাজনা সংগ্ৰহৰ দায়িত্বত নিয়োজিত হৈছিল। সিহঁতক ‘চৌধুৰী’ বোলা হৈছিল মোগল শাসনৰ অধীনৰ গোৱালপাৰাৰ দৰে কামৰূপৰ ব্যৱস্থাও একেই আছিল। ১৬৮২ ইং চনৰ পৰাই গোৱালপাৰা পুনৰ আহোম ৰাজত্বৰ অধীন হয়। ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজৰ পৰাই আহোম-মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হয়। এই যুদ্ধত মোগল পৰাজয় হ’ল। সেই সময়ত কামৰূপৰ উত্তৰ পাৰৰ বেছিভাগ ঠাই মোগলৰ অধীন। শৰাইঘাটত মোগল সেনাপতি ৰাম সিংহই পৰাজয়ৰ সাক্ষী দিবলৈ কামৰূপৰ কিছুমান চৌধুৰীক দিল্লীলৈ লৈ গৈছিল। সাক্ষী কেইজন হ’ল– কন্দৰ্পেশ্বৰ চৌধুৰী, জয়ানন্দ কাননগো, কামেশ্বৰ চৌধুৰী আৰু কঠোৰাম পাটোৱাৰী। ১৮ শতিকাত হৰদত্ত আৰু বীৰ দত্তই কিছু চৌধুৰীৰ হতুয়াই বাহিৰৰ পৰা বৰকান্দজ আনি আহোম ৰাজত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। গোলাৱপাৰাৰ মেচপাৰা, কৰাইবাৰী, কালুমুলাপাৰা আৰু¸ ঘূৰ্লাৰ মানুহে বাদছাহক কপাহৰে ৰাজহ আদায় দিছিল। ইয়াৰ পৰা বুজা যায় যে অবিভক্ত গোৱালপাৰা বাদছাহী আমোলৰ অধীন আছিল যি আহোমৰ অন্তৰ্ভুক্ত নহয়। বাদছাহী আমোলৰ পিছত ই আকৌ ১৭৮৮ চনত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ অন্তৰ্ভুক্ত হয়। ১৭৯৩চনত গোৱালপাৰা-ছিলেটত লৰ্ড কৰ্ণৱলিছে চিৰস্থায়ী জমিদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। অসমৰ মূল ভূখণ্ড ১৮২৬ চনতহে ইংৰাজৰ অধীন হয়।

১৭৯৩ চনত স্বৰ্গদেউ গৌৰীনাথ সিংহই কেপ্টেইন ওৱেলছৰ লগত এটি ব্যৱসায় সংক্ৰান্তত চুক্তি কৰিছিল। সেই চুক্তিৰ চৰ্তানুসৰি গোৱালপাৰাৰ উত্তৰ পাৰত হাদিৰা চকীত ব্যৱসায় কৰিছিল। সাধাৰণতে দুৱৰীয়া-বৰুৱাসকলে বেংক ব্যৱসায়ী সংস্থা আৰু জগত শেঠৰ দৰে নামজলা ব্যৱসায়ীৰ লগত বেহা-বেপাৰ কৰিছিল। এসময়ত এই ব্যৱসায়ীসকলে বিপদত অসমীয়া ডা-ডাঙৰীয়াসকলক সহায় কৰিছিল, আশ্ৰয় দিছিল। বিশেষকৈ ভগাৰাজা চন্দ্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহই আশ্ৰিত হৈছিল। মানে অসম ধবংস কৰাৰ সময়ত এনে দুৰ্যোগ নামি আহিছিল।

অসমৰ শেষ ৰজা চন্দ্ৰকান্তই আহোম বংশৰ শেষ সিংহাসনৰূপে স্থাপন কৰা হাদিৰাচকীক বঙালহাট বুলিছিল। অবিভক্ত কামৰূপ জিলা বা বৰ্তমানৰ বৰপেটা জিলাৰ এই হাদিৰাচকীৰ চৌপাশে (চতলা, হাপাচৰ, ৰৌখোৱা, তাৰাকান্দি, মইনবৰী, বাঘবৰ, বৰজানা, লতিবাৰী-মধুফল, কুশবাৰী) কথিতৰূপৰ বাংলা ভাষা-ভাষীৰ মানুহ। (পঢ়াৰ মাধ্যম অসমীয়া) বৃহত্তৰ এলেকাত এনে মানুহৰ সমাগমৰ মাজত আহোম ৰাজক আশ্ৰয় দি হাদিৰাচকীক অসমৰ ৰাজধানী ৰূপে মানি লোৱাটো অসম তথা অসমীয়াকে ভাল পোৱাৰ জ্বলন্ত নজিৰ নহয়নে· বঙালহাট মোগলৰ মাটি আছিল· আহোমৰ· ব্ৰিটিছৰ· ১৯৪৭ চনৰ স্বাধীনতাত ইয়াক বাংলাদেশে পালে· নে শাসনযন্ত্ৰৰ ফৈদ বদলি হোৱাৰ লগে লগে ইয়াত থকা জনগণৰ শাসনযন্ত্ৰৰ চাকনৈয়াত ঘূৰিছে· অসমৰ বহুবল্কী বহু জন প্ৰতিনিধিয়ে তেন্তে মুখ চম্ভালি কথা ক’ব লাগে যে এইবোৰ, এই বৃহৎ এলেকা বাংলাদেশ নহয়, বাংলাদেশী নহয়। এওঁলোক গধুলিৰ মহ নহয় যে, অলপ ধূপ-ধূনাৰ ধোঁৱা দিলেই পলাই পত্ৰং দিব। এওঁলোকৰ সাতামপুৰুষ ইয়াৰ মাটিতেই হজম হৈ গৈছে।
ঘন বসতিৰ পৰা পাতল বসতিলৈ মানুহৰ প্ৰব্ৰজন ঘটাটো এটা স্বাভাৱিক প্ৰৱণতা। যি সময়ত পূৰ্ববংগৰ জনবসতি অতিশয় ঘনৰ বিপৰীতে অসমৰ জন-বসতি তেনেই সেৰেঙা আছিল। ১৯১১ চনৰ লোকপিয়ল মতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত জনবসতিৰ ঘনত্ব আছিল ৬৩ জন মাত্ৰ। সেই একে বছৰত পূৰ্ববংগৰ জনবসতিৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত ২৪৩জন। সেই বাবেই পূৰ্ব বংগৰ পৰা প্ৰব্ৰজনৰ মাত্ৰা প্ৰচণ্ড গতিত বৃদ্ধি পালে। প্ৰাগ ব্ৰিটিছ যুগত অসমত মোৱামৰীয়া বিদ্ৰোহ, মানৰ অসম আক্ৰমণ আদিৰ ফলত ইয়াৰ জনগাঁথনি বৰকৈ ছেদেলি-ভেদেলি হ’ল। ইয়াৰ উপৰি আকাশ-মাৰিমৰকৰ কবলত পৰি বুজন পৰিমাণৰ জনসংখ্যা হেৰাবলগীয়া হ’ল। ১৮৯৭ চনৰ বৰ ভূইকঁপৰ ফলত জনসংখ্যাৰ ওপৰত বিৰোপ প্ৰভাৱ পৰিল। বহু ঠাই জলাহ ভূমিত পৰিণত হ’ল। বহু ঠাই হাবি বননিত পতিত হ’ল। এনে হাবিয়নি-অনুপযোগী মাটিৰ পৰা কোনো ৰাজহ নহাত ব্ৰিটিছ চৰকাৰৰ চিন্তিত হ’ল। তেনে সময়ত অৰ্থাৎ ১৮৩১ চনৰ পৰা ১৮৩৩ চনলৈ পূৰ্ব বংগত দুদুমিয়াঁৰ নেতৃত্বত কৃষক বিদ্ৰোহ হৈছিল। গতিকে পূৰ্ববংগৰ খেতিয়কক সন্তুষ্ট কৰাৰ বাবে বহু কৃষকক অসমলৈ লৈ আহিল। এই পূৰ্ব বংগীয়সকল নামনিৰ বহু ঠাইত বসতি স্থল কৰি ল’লে। উপনিৱেশিক চৰকাৰৰ ৰাজহৰ স্বাৰ্থৰ খাতিৰত এনে কাৰ্যৰ যতি পৰা নাছিল। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে, চাউলখোৱা, বেঁকী, মানাহ, আই আদিৰ অৱবাহিকাত ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হ’ল। পূৰ্ববংগীয় কৃষকসকলৰ প্ৰব্ৰজনৰ বাবে শ্ৰেণীস্বাৰ্থৰ বাবেই জমিদাৰ আৰু¸ শাসকসকলেও উদগনি দিছিল। সময়ৰ সুযোগ গ্ৰহণ কৰিছিল।

১৯০৩ চনৰ ১২ ডিচেম্বৰ তাৰিখে গেজেট অৱ ইণ্ডিয়াত বংগ ভংগৰ সিদ্ধান্ত প্ৰকাশ পালে। ১৯০৫ চনত লৰ্ড কাৰ্জনে বংগক দুই ভাগ কৰি পূৰ্ব বংগ (আজিৰ বাংলাদেশ)ক অসমৰ লগত সংলগ্ন কৰি দিলে। ফলত অসমৰ ৰাজধানী ঢাকা হ’ল। ১৯০৫চনৰ পৰা ১৯১১চনলৈ ঢাকাই ৰাজধানী হৈ থাকিল। উক্ত সময়ছোৱাত পূৰ্ববংগ আৰু¸ অসম একেখন হোৱা বাবেই মানুহৰ যাৰ য’ত ভাল লাগিছিল তালৈ গৈছিল। সেইহেতুকেই পূৰ্ববংগৰ ঘনবসতি অঞ্চলৰ পৰা অসমৰ পাতল বসতি লৈ জনস্ৰোত বব ধৰিলে। আজিও বাংলাদেশৰ চিটাগং, চট্টগ্ৰাম অঞ্চলত বহু অসমীয়া আছে য’ত বসন্তৰ বিহু উদ্যাপন হয়। একেখন দেশ- ৰাজ্য য’ত মানুহ ইফালে সিফালে যোৱাত বাধা ক’ত· শান্তিপূৰ্ণ বসবাস কৰাৰ স্বাধীনতা যুগ যুগ ধৰি আছিল আৰু অদূৰ ভৱিষ্যতলৈ থাকিব·
চতুৰ ব্ৰিটিছ শাসক শ্ৰেণীটোৰ সদায় দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি স্বাৰ্থ সিদ্ধিৰ বাবে যত্ন কৰিছিল। অসমীয়াৰ বহু আগতইে ইংৰাজে বঙালীৰ স্পৰ্শ পাইছিল। বুজি পাইছিল বাংলা ভাষা। গতিকে নতুন ভাষা অসমীয়া বুজাৰ আজৰি নাপাই বাংলা ভাষাৰ মানুহক অনুবাদক হিচাপে ব্যৱহাৰ কৰি অসমলৈ বাংলা ভাষাৰ মানুহক কেৰাণী, মহৰিৰ চাকৰিত মকৰল দিছিল। তাৰ ফলত অসম উপত্যকালৈ লানি-নিছিগা এচাম শিক্ষিত শ্ৰেণীৰ আগমন ঘটিল। লৰ্ড কাৰ্জনৰ যি ভেদবাদী শাসন নীতি আছিল তাৰ বিৰোধিতা কৰা বা তাৰ বিৰুদ্ধে আলোড়নৰ সৃষ্টি কৰা তেনে কোনো শক্তিশালী অনুষ্ঠান-প্ৰতিষ্ঠান নাছিল। আসাম এছ’চিয়েচনে মাত্ৰ মৃদু আবেদন আপত্তিৰ দ্বাৰাই দায়িত্ব সামৰিছিল। গতিকে এনে শিথিলতাৰ সুযোগলৈ মুছলমান প্ৰেমী ইংৰাজে তেওঁলোকৰ মনপচন্দ কাম কৰি গৈছিল। ১৯১৯ চনৰ নিৰ্বাচন প্ৰক্ৰিয়াৰে ধৰ্মীয় ভেদাভেদৰ বিহ গুটি সিঁচিলে। ধৰ্মীয় ভেদাভেদৰ ভাব জাগৰিত কৰাৰ বাবেই ব্ৰিটিছে তোষামোদৰে ঢাকাৰ নবাব ছালিমোল্লাৰ নেতৃত্বত ১৯০৬ চনত মুছলিম লীগ গঠন কৰাইছিল।

১৯০৫-১৯০৬ চনৰ সময়ছোৱাত পূৰ্ববংগ আৰু অসম প্ৰদেশত মুছলমান সংখ্যাগৰিষ্ঠ হোৱা বাবে নিৰ্বাচনী ফলাফল ইংৰাজৰ মতত অনুকূলে আছিল। তাৰ সুযোগ ব্যৰ্থ নকৰি পূৰ্ববংগৰ দুখীয়া খেতিয়কক অসমৰ পতিত মাটিত সংস্থাপিত কৰিছিল। লাইন প্ৰথা চালু কৰি চৰুৱা-পমুৱাবোৰক ইয়ালৈ আনিছিল আৰু থলুৱাৰ মাজত এটি বিৰাট ব্যৱধান ৰাখিছিল। প্ৰব্ৰজনৰ সোঁত ইমানেই প্ৰবল আছিল যে মানুহবোৰ চৰ-চাপৰি, চৰকাৰী পতিত মাটি আদিলৈ প্ৰসাৰিত হ’ল প্ৰব্ৰজনকাৰীসকল উন্নত মানৰ খেতিয়ক হোৱা বাবে অতি কম দিনৰ ভিতৰতেই থলুৱাবৰতকৈ উন্নত হ’ল। ফলত দুয়ো শ্ৰেণীৰ মাজত কাজিয়া- বিবাদ, হিংসা-হিংসী, দ্বন্দ্ব-খৰিয়াল আদি উপসৰ্গই দেখা দিলে। পিছে চৰকাৰে লাইন প্ৰথাৰে সমস্যাৰ সমাধান আনি পমুৱাসকলক বেলেগ বেলেগ অঞ্চলত একো একোডোখৰ মাটি দি নিগাজি কৰিলে। পমুৱাসকল ধনী হোৱাৰ মূলতে আছিল তেওঁলোকৰ বজাৰমুখী গুণ আৰু উন্নত কৃষক। গতিকে তেওঁলোকৰ অঙহী-বঙহীবোৰেও আহি পালে। এওঁলোকৰ ভোট বেংকৰ অংকটো মোটা হ’ল। ছাৰ ছৈয়দ ছাদুল্লাই পৰাধীন অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী হ’ল। মুছলীম লীগৰ নেতৃত্বত বৰপেটাৰ উপকণ্ঠত যি সমাৱেশ ঘটিছিল তাত মুখ্য দাবী আছিল মাটি লাগে। সমাৱেশত সমৱেত হোৱা একলাখ লোকৰ শ্ল’গান আছিল-‘মন্ত্ৰীয়ে আমাক মাটি দিয়ক নহয় গাদী এৰক।’
১৮৭০ চনত অবিভক্ত গোৱালপাৰা জিলাখন অসমৰ লগত যুক্ত হয়। ইংৰাজে অসম দখল কৰাৰ সময়ত অৰ্থাৎ ১৮২৬ চনৰ ইয়াণ্ডাবুৰ সন্ধিমতে মানৰ পৰা যেতিয়া অসমখন পায়, তেতিয়া ইয়াক বংগ দেশৰ ৰংপুৰ কালেক্টৰীৰ অন্তৰ্ভুক্ত কৰিছিল। চিলেট আৰু বৰাক উপত্যকাত ইয়াৰ লগত চামিল হৈছিল। সেই সময়ত অসমত পাৰ্চী মিহলা বঙ্গ ভাষা আদালতৰ ভাষা আছিল। পিছত ১৮৩৭ চনৰ পৰা ১৮৭৩ চনলৈ অসমত বাংলা ভাষা ভিত্তিত ৰাজ্য গঠনৰ সময়ত অসম সাহিত্য সভাই কোচবিহাৰ আৰু¸ উত্তৰ বঙ্গৰ কিছুঠাই অসমৰ লগত চামিল হোৱাটো বিচাৰিছিল।

ৰজা সলনিৰ সৈতে ৰাজ্যৰ সীমা সলনি হোৱাটো বৰ ডাঙৰ কথা নহয়। কিন্তু সমাজ, ধৰ্ম, ভাষা, সংস্কৃতি, কৃষ্টি, কলা আদিৰ পৰিসীমা ৰাজনীতিৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ ৰূপ সলনি নহয়। প্ৰাক স্বাধীনোত্তৰ কালছোৱাত নামনিৰ ৰাজনৈতিক দৃশ্যপট যেনেতেনে যি পৰিৱৰ্তন হ’ল, সেইমতে ইয়াৰ সমাজ আৰু আনুসাঙ্গিক কাৰকবোৰ ঘোঁৰাৰ দৌৰৰ নিচিনা পৰিৱৰ্তন নহ’ল। সেই বাবেই গোৱালপাৰা বা নামনি অসমখন কোচ বিহাৰৰ-চিলেট-ৰংপুৰৰ লগত বহুক্ষেত্ৰ মিলি থাকিল। ইয়াৰ ৰাজনৈতিক মেপ বদলি হ’ল যদিও অৰ্থনৈতিক বা সাংস্কৃতিক মেপ সলনি হ’বলৈ বহুত দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব। গতিকে কেৱল ৰাজনৈতিক মেপৰ ওপৰত ভিত্তি কৰি নামনি অসমৰ জনসমাজৰ গাঁথনিৰ ওপৰত বিৰূপ প্ৰশ্নতোলা তেনেই ভ্ৰান্তিকৰ আৰু জ্ঞানশূন্যতাৰ চৰম প্ৰমাণ-পত্ৰ। বহুবল্কী জনপ্ৰতিনিধিবোৰে ইতিহাসৰ জ্ঞান অৰ্জন নকৰাকৈ নামনি অসম অবৈধ বাংলাদেশীৰ বুলি উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি গোষ্ঠীগত বিভাজনৰ মাজেৰে শাসন আৰু শোষণ কৰিব বিচৰাটো কেৱল সাংবিধানিক ভুলেই নহয়, ই মানৱতাৰ ঘোৰ শত্ৰু। এনে চয়তানক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহি সমাজ তথা দেশক ৰক্ষা কৰা দেশৰ প্ৰতিজন সদ আৰু সচেতন নাগৰিকৰ বাধ্যতামূলক কৰ্তব্য। অসমত আহোমৰ আগমন ঘটে ১২২৮ খ্ৰীঃত আৰু মুছলমানৰ ১২০৬ খ্ৰীষ্টাবাদত। অৰ্থাৎ আহোমৰ ২২ বছৰ আগতেই মুছলমানসকলে অসমত প্ৰৱেশ কৰিছিল। কালৰ সোঁতত বিলীন হৈ শংকৰ-আজানৰ দেশ শান্তিৰ দেশ বুলি পৰিগণিত হ’ল। কালচক্ৰৰ বেহু ফালি ব্ৰিটিছৰ পৰা স্বাধীনতা লভিলে। সংবিধানে দিয়া স্বীকৃতি-নাগৰিকত্ব প্ৰমাণ থকাৰ পিছতো যদি বিদেশী-বাংলাদেশী-পাকিস্তানী-ৰোহিংগা বুলি গালি-গালাজ কৃত্ৰিমতা নহয়· এই পাক-জালেৰে জালিয়াতি কৰাবোৰ হুঁচিয়াৰ হোৱাৰ সময় সমাগত। হুঁচিয়াৰ নহ’লে এনে ইতিহাস নজনা বহুবল্কী নেতাৰ মুখত জনতাই চূণ-কালিৰে লেকাম লগাই দিব।