শেহতীয়া খবৰ
Home / ৰাজনীতি / তেজপুৰৰ ইভিএম আমিনগাঁৱলৈ স্থানান্তৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগক অভিযোগ কংগ্ৰেছৰ

তেজপুৰৰ ইভিএম আমিনগাঁৱলৈ স্থানান্তৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগক অভিযোগ কংগ্ৰেছৰ


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ এপ্ৰিল : তেজপুৰৰ অব্যৱহৃত ইভিএম আৰু ভিভিপেট মেচিন আমিনগাঁৱৰ গুদামলৈ স্থানান্তৰ কৰাক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া। শাসকীয় দলে ইভিএম টেম্পাৰিং কৰাৰ চেষ্টা চলোৱাৰ আশংকা কৰি কংগ্ৰেছে নিৰ্বাচন আয়োগৰ কাষ চাপিছে। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই নতুন দিল্লীৰ মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি তেজপুৰৰ ইভিএম আমিনগাঁৱলৈ স্থানান্তৰ সন্দৰ্ভত এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। উক্ত ঘটনাৰ লগত জড়িত কামৰূপ জিলা গ্ৰাম্যৰ উপায়ুক্ত আৰু এচিএছ বিষয়া ময়ূৰী ওজাৰ বদলিৰ দাবী উত্থাপন কৰিছে। এনেদৰে আমিগাঁৱৰ গুদামত ইভিএম আৰু ভিভিপেট মেচিন মজুত কৰি শাসকীয় দলটোৱে টেম্পাৰিং কৰাৰ আশংকা ব্যক্ত কৰিছে। একেদৰে সমস্ত ঘটনাৰ লগত জড়িত দোষী ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। ৰিপুন বৰাই একেদৰে আজি আমিনগাঁৱলৈ ইভিএম স্থানান্তৰ কৰা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। মন কৰিবলগীয়া যে যোৱা দেওবাৰে তেজপুৰৰ প্ৰায় দুই সহস্ৰাধিক ইভিএম আৰু ভিভিপেট মেচিন আমিনগাঁৱলৈ স্থানান্তৰ কৰা হৈছিল। নিশাৰ ভাগত এনেদৰে তিনিখন বাহনত ইভিএমসমূহ আনি গুদামত মজুত কৰিবলৈ ধৰোতেই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছিল। নিশাৰ ভাগত ইভিএম স্থানান্তৰৰ বিষয়ক লৈ ৰাজনৈতিক মহলতো জোকাৰণিৰ সৃষ্টি হৈছিল। শাসকীয় দলে এনেদৰে প্ৰশাসনক মেনেজ কৰি এনেবোৰ কাৰ্য সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল। আনকি ইভিএম স্থানান্তৰ কৰিবলৈ হ’লে ৰাজনৈতিক দলৰ প্ৰতিনিধিক অৱগত কৰাই নহয়, নিৰ্বাচন আয়োগৰ অনুমোদনৰ প্ৰয়োজন। তেনেস্থলত নিশাৰ ভাগত এনেদৰে ইভিএম স্থানান্তৰক লৈ কংগ্ৰেছ দল তৎপৰ হৈ পৰে আৰু বিষয়টোৰ সন্দৰ্ভত তদন্তৰ দাবী তুলি দেশৰ নিৰ্বাচন আয়ুক্তৰ কাষ চাপে।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )