শেহতীয়া খবৰ
Home / ক্ৰীড়া / এছিয়ান ৰেংকিং টেনিছ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত বৈদেহী, সোহা

এছিয়ান ৰেংকিং টেনিছ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত বৈদেহী, সোহা

পুনে, ৩ মে’ ঃ ৱাইল্ড কাৰ্ডধাৰী বৈদেহী চৌধুৰীয়ে ৩০০০ ডলাৰৰ ফিনআইকিউ এটিটি এছিয়ান ৰেংকিং মহিলা টেনিছ চেম্পিয়নশ্বিপত শুকুৰবাৰে ইয়াত প্ৰবল দাবীদাৰ নিধি ছিলুমুলাক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেল প্ৰতিদ্বন্দ্বিতাত গুজৰাটৰ প্ৰাক্তন জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন বৈদেহীয়ে নিধিক ৬-৪, ৭-৫ত পৰাস্ত কৰে। ছেমি ফাইনেলত তেওঁৰ মুখামুখি হ’ব প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন ছাই সৰ্মিষ্ঠা চামৰ্ঠিৰ সৈতে। যিগৰাকী খেলুৱৈয়ে ৰিয়া অগোভেজাক একপক্ষীয় প্ৰতিদ্বন্দ্বিতাত ৬-১, ৬-০ত পৰাস্ত কৰে। আন এগৰাকী জুনিয়ৰ খেলুৱৈ সোহা ছাদিকে কোৱাৰ্টাৰ ফাইনেলৰ দ্বিতীয়খন খেলত বংশিকা পাঠানীয়াক ৬-৩, ৭-৫ত পৰাস্ত কৰি ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। ছেমি ফাইনেলত তেওঁৰ মুখামুখি হ’ব প্ৰতিভা নাৰায়ণ প্ৰসাদ। প্ৰসাদে ৱাইল্ড কাৰ্ড ধাৰক বেলা টমহাংকৰক ৬-৩, ৬-১ত পৰাস্ত কৰে।