শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / নগাঁৱত ১-২ জুনত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ নৰ্থ-ইষ্ট, ২০১৯

নগাঁৱত ১-২ জুনত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ নৰ্থ-ইষ্ট, ২০১৯

অভিনেত্ৰী ৰুণু দেৱীলৈ জীৱনজোৰা সাধনা বঁটা, অসম কন্যা ৰীমা দাসলৈ গ্ল’বেল আইকন বঁটা

মহানগৰ প্ৰতিবেদক  : অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক অধিক গতিশীল আৰু সমৃদ্ধ কৰাৰ উদ্দেশ্যৰে এ এম টেলিভিছন প্ৰাইভেট লিমিটেডে ২০০৩ চনৰ পৰা অনুষ্ঠিত কৰি অহা উত্তৰ-পূবৰ সৰ্ববৃহৎ ইভেণ্ট প্ৰাগ চিনে এৱাৰ্ডছ এইবাৰ সংস্কৃতি আৰু সাহিত্যৰ অন্যতম পীঠস্থান নগাঁৱত অনুষ্ঠিত হ’ব। অহা ১-২ জুনত নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়ামত ২০১৯ৰ ‘প্ৰাগ চিনে এৱাৰ্ডছ’ নৰ্থ-ইষ্ট অনুষ্ঠিত হ’ব বুলি আজি ঘোষণা কৰিছে এই এৱাৰ্ডছৰ মুখ্য পৃষ্ঠপোষক তথা প্ৰাগ নিউজৰ অধ্যক্ষ সঞ্জীৱ নাৰায়ণে। তেওঁ আজি এখন সংবাদমেল সম্বোধন কৰি কয় যে গুৱাহাটীকেন্দ্ৰিক নকৰি প্ৰাগ চিনে এৱাৰ্ডছ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বহিঃৰাজ্যতো অনুষ্ঠিত কৰি অহা হৈছে।

চলিত বৰ্ষত প্ৰাগ চিনে এৱাৰ্ডছ অনুষ্ঠিত হ’ব স্বাধীনতাৰ পাছৰ প্ৰথমখন অসমীয়া ছবি ‘বিপ্লৱী’ নিৰ্মাণ কৰা অসমৰ সাংস্কৃতিক আৰু সাহিত্যৰ অন্যতম পীঠস্থান নগাঁৱত। তেওঁ লগতে কয়- অসমীয়া ছবিজগতলৈ নগাঁৱৰ আছে অনবদ্য বৰঙনি। ১৯৩৫ চনত নিৰ্মাণ হোৱা ‘জয়মতী’ ছবিৰ ‘ল’ৰা ৰজা’ৰ চৰিত্ৰত অভিনয় কৰিছিল নগাঁৱৰ নৰেন বৰদলৈয়ে। ইয়াৰোপৰি সেই ‘জয়মতী’ ছবিতে চোৰাংচোৱাৰ চৰিত্ৰত অভিনয় কৰিছিল নগাঁৱৰ ছামচুল হুদাই। স্বাধীনতাৰ পাছত অসমীয়া ভাষাৰ প্ৰথমখন ছবি ‘বিপ্লৱী’ নিৰ্মাণ কৰা হৈছিল এই নগাঁৱৰ পৰাই। ইয়াৰ উপৰি তেওঁ কয়- ‘প্ৰাগ চিনে এৱাৰ্ৰ্ডছ’ৰ মূল উদ্দেশ্য হ’ল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ উদ্যোগটোক অধিক গতিশীল কৰাৰ লগতে ইয়াৰ লগত জড়িত শিল্পী, কলা-কুশলীসকলক উদ্বুদ্ধ আৰু অনুপ্ৰাণিত কৰা। সঞ্জীৱ নাৰায়ণে কয়- এই ক্ষেত্ৰত আমি সফল হৈছো। কাৰণ ৰাজ্যৰ যিসমূহ চহৰত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ অনুষ্ঠিত কৰা হৈছে সেইসমূহ চহৰৰ পৰা চিনেমা নিৰ্মাণ হৈছে।

লগতে কয়- আনহাতে এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছ-২০১৯ৰ ‘থীম’ ৰখা হৈছে ‘মহাবাহু ব্ৰহ্মপুত্ৰ’। ব্ৰহ্মপুত্ৰক থীম হিচাপে লৈ আগবঢ়াৰ মূল উদ্দেশ্য হ’ল মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতেই সূচনা হৈছে অসমীয়া ছবিৰ জয়যাত্ৰা। নিৰৱধি বুঢ়া লুইতৰ দৰেই অসমীয়া ছবিয়ে অনন্ত কাললৈ যাতে নিজৰ গৰিমা বজাই ৰাখি আগবাঢ়ি যাব পাৰে সেই উদ্দেশ্যৰে ব্ৰহ্মপুত্ৰক থীম হিচাপে লোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ আশিসধন্য ‘প্ৰাগ চিনে এৱাৰ্ডছ’ আজি প্ৰতিজন লুইতপৰীয়াৰেই বুকুৰ স্পন্দন। উল্লেখযোগ্য যে পূৰ্বৰ দৰে এইবাৰো ‘প্ৰাগ চিনে এৱাৰ্ড’ত অন্তৰ্ভুক্ত কৰা হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক। ‘প্ৰাগ চিনে এৱাৰ্ডছ নৰ্থ-ইষ্ট’ ২০১৯ বৰ্ষৰ কাৰ্যসূচীত ২০১৮ চনত চেন্সৰ হোৱা সৰ্বমুঠ ৩৮খন ছবিৰ মাজৰ পৰা অসমীয়া আৰু অন্যান্য ভাষাৰ চিনেমাৰ শিতানত শ্ৰেষ্ঠত্বৰ ভিত্তিত বঁটা প্ৰদান কৰা হ’ব। আনহাতে উত্তৰ-পূৰ্বাঞ্চলক সামৰি প্ৰদান কৰা হ’ব শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। তদুপৰি এইবাৰ ‘প্ৰাগ চিনে এৱাৰ্ডছ নৰ্থ-ইষ্ট, ২০১৯’ৰ ‘জীৱনজোৰা সাধনা বঁটা’ আগবঢ়োৱা হ’ব প্ৰখ্যাত অভিনেত্ৰী ৰুণু দেৱীলৈ। সঞ্জীৱ নাৰায়ণে কয়- অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা বৰঙনিৰ বাবে ৰুণু দেৱীলৈ এই সন্মান আগবঢ়াবলৈ পাই আমি ধন্য মানিছো। উল্লেখযোগ্য, ইয়াৰ পূৰ্বে ‘জীৱনজোৰা সাধনা বঁটা’ আগবঢ়োৱা হৈছিল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, জ্ঞানদা কাকতি, আব্দুল মজিদ, নিপন গোস্বামী, বিজু ফুকন, মৃদুলা বৰুৱা, বিষু্ণ খাৰঘৰীয়া, বিদ্যা ৰাও, মুনিন বৰুৱা আৰু কুলদা কুমাৰ ভট্টাচাৰ্যলৈ।

আনহাতে সংবাদমেলত উদ্যোক্তাসকলে ঘোষণা কৰে যে প্ৰত্যেক বছৰৰ দৰে এইবাৰো আগবঢ়োৱা হ’ব ‘গ্ল’বেল আইকন বঁটা।’ এইবাৰ এই বঁটা প্ৰদান কৰা হ’ব ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ ছবিৰ ‘স্বৰ্ণকমল’ বঁটাপ্ৰাপ্ত আৰু বিদেশী ভাষাৰ ছবিৰ শিতানত ভাৰতৰ পৰা অস্কাৰলৈ মনোনীত হোৱা ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ পৰিচালক অসম-কন্যা ৰীমা দাসক। ‘প্ৰাগ চিনে এৱাৰ্ডছ নৰ্থ-ইষ্ট, ২০১৯’ৰ দুয়োদিনৰ কাৰ্যসূচীতে অংশগ্ৰহণ কৰিব বলীউডৰ প্ৰখ্যাত তাৰকাৰ লগতে অসম তথা উত্তৰ-পূবৰ জনপ্ৰিয় শিল্পী, অভিনেতা-অভিনেত্ৰীসকলে। উল্লেখযোগ্য যে ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ সমগ্ৰ কাৰ্যসূচীত পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হ’ব। সেয়েহে ‘প্ৰাগ চিনে এৱাৰ্ডছ নৰ্থ-ইষ্ট, ২০১৯’ক ইক’ ফ্ৰেণ্ডলী বুলি ঘোষণা কৰিছে উদ্যোক্তাসকলে। আজিৰ সংবাদমেলত উদ্যোক্তাৰ হৈ সঞ্জীৱ নাৰায়ণৰ লগতে উপস্থিত থাকে মঞ্জু বৰা, মলয়া গোস্বামী, যতীন বৰাৰ লগতে আন বহুজন।