শেহতীয়া খবৰ
Home / আঞ্চলিক / ভাৰত-ভূটান সীমান্তৰ গয়বাৰীত বন্য হস্তীৰ তাণ্ডৱ : কেইবাটাও ঘৰবাৰী ভাঙি তাণ্ডৱ চলালে বন্য হস্তীয়ে

ভাৰত-ভূটান সীমান্তৰ গয়বাৰীত বন্য হস্তীৰ তাণ্ডৱ : কেইবাটাও ঘৰবাৰী ভাঙি তাণ্ডৱ চলালে বন্য হস্তীয়ে

গণ বাৰ্তা, তামুলপুৰ, ৩ মে’ : ধাৰাবাহিক বনাঞ্চল ধবংসৰ পৰিণতিত পুনৰ হাতী-মানুহৰ সংঘাত বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী গয়বাৰী অঞ্চলত। যোৱানিশা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী গয়বাৰীত এটি বন্যহস্তীয়ে কেইবাটাও ঘৰ-দুৱাৰ ভাঙি তাণ্ডৱ চলোৱাৰ উপৰি ভঁৰালৰ গুটিধান খাই তহিলং কৰে । স্থানীয় লোকৰ ভাষ্য মতে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা ‘লাডেন’ নামৰ হাতীটোৱে নিশা গাঁওখনত সোমাই গাঁওখনৰ পাঁচটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তাণ্ডৱ চলোৱাৰ উপৰি ভঁৰালৰ গুটিধান খাই তহিলং কৰে। জানিব পৰা মতে লাডেন নামৰ বন্যহস্তীটোৱে নিৰণ কলিতা, হৰ্ষবাহাদুৰ চেত্ৰী, ধাপা হাজং, শ্ৰীকান্ত দাস, চিত্ৰ বাহাদুৰ চেত্ৰীৰ গৃহত তাণ্ডৱ চলায় ।

বন্যহস্তীৰ উপদ্ৰৱৰ খবৰ পায়েই গাঁওবাসীয়ে ওলাই আহি জুইৰ মোহলা দি, টিন বজাই, ফটকা ফুটাই হাতী খেদিবলৈ যাওঁতে গয়বাৰী গাঁৱৰ বাসিন্দা তথা বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ খবৰ পাই কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ লোকে আহি মাধৱ চেত্ৰীক তামুলপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ আনি চিকিৎসা প্ৰদান কৰে। উল্লেখ্য যে আজি কেইবামাহো ধৰি ভাৰত-ভূটান সীমান্তৱৰ্তী গয়বাৰী, কাউলী, নাগ্ৰীজুলি আদি অঞ্চলত লাডেন নামৰ বন্যহস্তীটোৱে অত্যাচাৰ চলাই অহাৰ লগতে শিশুকে ধৰি বহু মানুহক হত্যা কৰি আহিছিল।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )