শেহতীয়া খবৰ
Home / আঞ্চলিক / সংস্থাপনৰ পৰিৱৰ্তে সোণোৱাল চৰকাৰে শিক্ষিত নিবনুৱাৰ মূৰ খাইছে

সংস্থাপনৰ পৰিৱৰ্তে সোণোৱাল চৰকাৰে শিক্ষিত নিবনুৱাৰ মূৰ খাইছে

এপিএছচিৰ খেলিমেলি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ অভিযোগ


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মে’ : কালি অসম লোকসেৱা আয়োগৰ অধ্যক্ষকে ধৰি অন্যান্য সদস্যসকলে সংবাদমেল যোগে তেওঁলোকৰ তত্ত্বাৱধানত আসোঁৱাহপূৰ্ণ আৰু চূড়ান্ত বেমেজালিৰে অনুষ্ঠিত হৈ যোৱা ২০১৮ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা সম্পৰ্কে যি চূড়ান্ত দায়িত্বজ্ঞানহীন আৰু পালমৰা উত্তৰ দি দায় সাৰিব বিচাৰিছে তাক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ গৰিহণা দিছে। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয় যে হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ জীৱনক লৈ হেতালি খেলিবলৈ এপিএছচি আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰক কোনে অধিকাৰ দিলে· অসমত ২৬ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে সোণোৱাল চৰকাৰ অসমত অধিষ্ঠিত হৈছিল।

কিন্তু অত্যন্ত দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰৰ দিনতে অসমত নিবনুৱা সংস্থাপনৰ বাবে বিভিন্ন চৰকাৰী বিভাগসমূহে অনুষ্ঠিত কৰা পৰীক্ষা, সাক্ষাৎকাৰসমূহ সাক্ষাৎকাৰ নহৈ প্ৰহসনত পৰিণত হৈছে। সি লাগিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগেই হওক, শক্তি বিভাগেই হওক নতুবা অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাই নহওক কিয়। সংবাদ মাধ্যমযোগে সকলোৰে অৱগত যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কেনেদৰে বিজেপি নেতা-মন্ত্ৰীৰ খুলখালীয়েক, পত্নী, অঙহী-বঙহীকে ধৰি বিজেপি পালিনেতাই কেনেদৰে নিযুক্তি লাভ কৰিছিল। যোৱা সপ্তাহত শক্তি বিভাগত অনুষ্ঠিত হোৱা পৰীক্ষাতো চূড়ান্ত প্ৰহসন আৰু বেমেজালিৰ সৃষ্টি হোৱাৰ কথা সকলোৰে অৱগত। এনে আসোঁৱাহসমূহৰ প্ৰতিবাদ কৰাৰ বাবেই ওলোটাই শক্তিমন্ত্ৰীজনে নিবনুৱা পৰীক্ষাৰ্থীসকলকহে দুষ্ট, ধুৰন্ধৰ আখ্যা দিছে।

এতিয়া পুনৰ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা এটা প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল দুবাৰকৈ দি চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি শিক্ষিত নিবনুৱাৰ জীৱনক লৈ বিজেপি চৰকাৰখনে পুনৰ হেতালি খেলিছে। এটা সাধাৰণ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা চৰকাৰখনৰ বৰমূৰীয়াসকল আৰু অসম লোকসেৱা আয়োগৰ সদস্যসকলৰ দায়িত্বত থকাৰ কোনো নৈতিক অধিকাৰ আছেনে· চৰকাৰখনৰ কথা আৰু কৰ্মকাণ্ডৰ পৰা এইখন চৰকাৰক এখন চূড়ান্ত অকৰ্মণ্য, অপদাৰ্থ চৰকাৰ আখ্যা দিব পাৰি। সকলোতে মাথোঁ ফাঁকি, পালমৰা আৰু প্ৰতাৰণাৰ কাৰবাৰ। দুৰ্নীতি নিৰ্মূল আৰু এপিএছচিৰ সংস্কাৰৰ কথা কোৱা সোণোৱাল চৰকাৰে যোৱা তিনি বছৰত এপিএছচিৰ এনে সংস্কাৰহে কৰিলে নেকি· শিক্ষিত নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ বাট দেখুওৱাৰ পৰিৱৰ্তে এই চৰকাৰখন শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ মূৰ খোৱা চৰকাৰ। প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দাবী জনায় যে যিহেতু ২১টা বিষয়ত ৯২টা আসোঁৱাহপূৰ্ণ প্ৰশ্নৰে প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছিল।

গতিকে ৩১ মাৰ্চ, ২০১৯ৰ প্ৰথমটো ফলাফলত উত্তীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীৰ বহী পুনৰীক্ষণ হ’ব লাগে। যদি শুদ্ধ প্ৰশ্নৰ সহায়ত ৩০ এপ্ৰিল তাৰিখে ৪০৮গৰাকী পৰীক্ষাৰ্থীক দ্বিতীয়বাৰ ফলাফল দি উত্তীৰ্ণ কৰাব পাৰে, তেন্তে আসোঁৱাহপূৰ্ণ প্ৰশ্নৰে উত্তীৰ্ণ হোৱা ৩,৩৬১জন প্ৰাৰ্থীৰ বহী পুনৰীক্ষণ নহ’ব কিয়· সংস্কাৰৰ নামত প্ৰশ্নকাকতৰ ব্যাপক খেলিমেলিৰে দুবাৰকৈ ফলাফল ঘোষণা কৰা আৰু অযোগ্য প্ৰাৰ্থী যোগ্য ঘোষণা হ’ব পাৰে বুলি স্বীকাৰ কৰা আয়োগৰ অধ্যক্ষকে ধৰি সদস্যসকলে কোন সতেৰে সম্পূৰ্ণৰূপে পৰীক্ষণ নোহোৱাকৈ মূল পৰীক্ষা পাতিবলৈ বিচাৰিছে· প্ৰদেশ কংগ্ৰেছে দাবী জনাইছো যে প্ৰথমটো ফলাফলত উত্তীৰ্ণ হোৱাসকলৰ বহীসমূহ পুনৰীক্ষণ নোহোৱালৈকে মূল পৰীক্ষা অনুষ্ঠিত কৰিব নালাগে। সকলো পৰীক্ষাৰ্থীকে ন্যায় প্ৰদান কৰিব লাগে। যিসকল ব্যক্তিৰ গাফিলতিৰ বাবে পৰীক্ষাৰ্থীসকল এনে দুৰ্ভাগ্যজনক সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ কোনোৱে যাতে সাৰি নাযায়। সমগ্ৰ বিষয়টোৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে। যদি বহীসমূহ পুনৰীক্ষণ নকৰি আয়োগ আৰু চৰকাৰে মূল পৰীক্ষা পাতিবলৈ পদক্ষেপ গ্ৰহণ কৰে, তেন্তে এটা কথাত সকলোৱে সন্দেহ কৰিবলৈ সুযোগ পাব যে প্ৰথমবাৰত উত্তীৰ্ণ ৩,৩৬১জন প্ৰাৰ্থীৰ ভিতৰত হয়তো বিজেপি নেতা-মন্ত্ৰীৰ পত্নী, খুলশালী আৰু অঙহী-বঙহীয়ে স্থান লাভ কৰিছে। গতিকে স্বচ্ছতা, নৈতিকতাৰ স্বাৰ্থত আৰু সকলো পৰীক্ষাৰ্থীকে ন্যায় প্ৰদানৰ স্বাৰ্থত আয়োগ আৰু চৰকাৰে অতি গুৰুত্ব সহকাৰে, দায়বদ্ধতাৰে বিষয়টো গ্ৰহণ কৰিব লাগে।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )