শেহতীয়া খবৰ
Home / আঞ্চলিক / নগাঁৱত ৰাজ্যিক জমিয়তৰ গুৰুত্বপূৰ্ণ সভা

নগাঁৱত ৰাজ্যিক জমিয়তৰ গুৰুত্বপূৰ্ণ সভা

এন আৰ চিৰ পৰা বাদ পৰা বৈধ নাগৰিকক সহায়ৰ বাবে প্ৰতিটো আঞ্চলিক কাৰ্যালয়ত আইন সাহায্য কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত

গণ বাৰ্তা, নগাঁওঃ নগাঁও চহৰৰ হয়বৰগাঁওস্থ মদানী হলত আজি অসম ৰাজ্যিক জমিয়ত উলেমাৰ উদ্যোগত এক বিশেষ সভা অনুষ্ঠিত হয়। সংগঠনটোৰ ৰাজ্যিক সভাপতি হাজী মোস্তাক আনফৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰাক্তন মন্ত্ৰী তথা জমিয়তৰ উপ-সভাপতি ৰকিবুল হুছেইনে কয় যে বিজেপি দলৰ একাংশ নেতা-কৰ্মীয়ে সংখ্যালঘু লোকৰ নাগৰিকত্ব সন্দৰ্ভত নিৰ্বাচনৰ পূৰ্বে কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁলোক মুকলিকৈ কোৱা কথাবোৰ আজি আখৰে আখৰে পালন কৰি আছে। এই ক্ষেত্ৰত সংখ্যালঘু ৰাইজে তেওঁলোকক দোষাৰোপ কৰি লাভ নাই। ৰাইজে নাগৰিকত্বৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ প্ৰসংগ উল্লেখ কৰি হুছেইনে কয় যে আজি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকৰখন অহাৰ মুল নায়ক হ’ল বদৰুদ্দিন আজমল। আজমলে বিজেপিৰ শ্ৰুতলিপি অনুসৰি কাম কৰিছিল। যাৰ বাবে অসমত সংখ্যালঘুৰ ওপৰত এটাৰ পিছত এটা দুৰ্যোগ নামি আহিছে। ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা কোনো লোক যদি এন আৰ চিৰ পৰা বাদ পৰে, তেন্তে এই ক্ষেত্ৰত জাতি-ধৰ্ম-নিৰ্বিশেষে সকলোকে সহায় কৰিবলৈ ৰাজ্যিক জমিয়ত প্ৰস্তুত বুলিও তেওঁ মন্তব্য কৰে। এই সভাত অংশ গ্ৰহণ কৰি আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে কয়— আমছুৱে অসম চুক্তি অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হোৱাটো সদায় বিচাৰি আহিছে। সেই অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা কোনো ভাৰতীয় লোক হাৰাশাস্তি হোৱাটো সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি আমছুৰ নেতা গৰাকীয়ে কয় যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চি প্ৰস্তুতৰ ক্ষেত্ৰত কেতবোৰ কাম কৰি আছে। এই সভাত ৰাজ্যিক জমিয়ত সাধাৰণ সম্পাদক মৌলানা আব্দুৰ ৰছিদ কাচিমী, আমছুৰ মুখ্য উপদেষ্টা তথা অধিবক্তা আজিজুৰ ৰহমান, ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ’ছাইটিৰ কাৰ্যকৰী সভাপতি আব্দুল বাতিন খন্দকাৰ, জাষ্টিচ ফ’ৰাম অসমৰ সাধাৰণ সম্পাদক মতিউৰ ৰহমান, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ক্ৰমে হাফিজ ৰছিদ চৌধুৰী, আব্দুৰ ৰহমান শিকদাৰ, মোস্তাফা খাদ্দাম হুছেইন, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক অধ্যাপক আব্দুল মন্নান, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা আদিকে ধৰি বিভিন্ন সংখ্যালঘু সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে। এই সভাতে অহা ৩০ জুলাইত ৰাজ্যত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ খচৰা তালিকাৰ পৰা বাদ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পুৰ্বে অহা জাপ-পাত অবিহনে সকলো ভাৰতীয় নাগৰিকক আইনী সাহায্য প্ৰদানৰ বাবে জৰিয়তৰ প্ৰতিটো আঞ্চলিক কাৰ্যালয়ত এখনকৈ আইন সাহায্য কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য, এই সভাত প্ৰায় প্ৰতিজন বক্তাই সম্প্ৰতি চলি থকা বিদেশী ন্যায়াধীকৰণৰ ৰায় ব্যৱস্থা, ডি ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি আদি বিষয়ত উদ্বেগ প্ৰকাশ কৰে। ইপিনে, ৰাজ্যখনত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ কেইটামান দিন বাকী থকাৰ সময়তে আজিৰ জমিয়তৰ এই সভাখনে বিশেষ তাৎপৰ্য বহন কৰিছে।