শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / নিৰ্বাচন আয়োগৰ পৰা অন্তৰ্ধান ২০ লাখ ইভিএম মেচিন

নিৰ্বাচন আয়োগৰ পৰা অন্তৰ্ধান ২০ লাখ ইভিএম মেচিন

ইভিএমৰ সংখ্যাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ-ইভিএম নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিপৰীত তথ্য

নতুন দিল্লী  : চলিত সাধাৰণ নিৰ্বাচনৰ সামৰণি পৰিবলৈ আৰু দুটা পৰ্যায় বাকী থকাৰ সময়ছোৱাতে এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। প্ৰকাশ পোৱা তথ্য অনুসৰি নিৰ্বাচন আয়োগৰ পৰা অন্তৰ্ধান হৈছে প্ৰায় ২০ লাখ ইভিএম। বোম্বে হাই কোৰ্টত এটা গোচৰৰ শুনানিৰ সময়ছোৱাত এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। ইংৰাজী পত্ৰিকা ‘ফ্ৰণ্ট লাইন’ত প্ৰকাশ পোৱা তথ্য অনুসৰি বোম্বে হাই কোৰ্টে এখন ৰাজহুৱা আবেদনৰ শুনানিৰ সময়ছোৱাত নিৰ্বাচন আয়োগৰ দায়বদ্ধতাক লৈ এক প্ৰশ্ন উত্থাপন হৈছিল। তাতেই ওলাই পৰিছিল ইভিএমৰ প্ৰসংগটো। কিয়নো নিৰ্বাচন আয়োগৰ হাতৰ পৰা নোহোৱা হৈছে প্ৰায় ২০ লাখ ইভিএম।

উল্লেখ্য যে ২০১৮ৰ ১৭ মাৰ্চত আৰটিআই কৰ্মী মনোৰঞ্জন ৰায়ে এখন ৰাজহুৱা আবেদন দাখিল কৰি নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগক ইভিএম আৰু ভিভিপেটৰ ক্ৰয়, মজুতৰ সংখ্যা আৰু ক’ত ক’ত ব্যৱহাৰ হৈছে তথা হয় তাৰ সবিশেষ তথ্য বিচাৰিছিল। আৰটিআই মাধ্যমেৰে গোটোৱা তথ্যৰ আধাৰত এই ৰাজহুৱা আবেদনখন বোম্বে হাই কোৰ্টত দাখিল কৰিছিল আৰটিআই কৰ্মীগৰাকীয়ে। এই আবেদনৰ ভিত্তিতেই বোম্বে হাই কোৰ্টে কেন্দ্ৰীয় নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, মহাৰাষ্ট্ৰ ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু ইভিএম নিৰ্মাণকাৰী ৰাজহুৱা খণ্ডৰ দুই কোম্পানী ইলেকট্ৰনিক্ছ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড (আইচিআইএল), হাইদৰাবাদ আৰু ভাৰত ইলেকট্ৰনিক্ছ লিমিটেড বেংগালুৰুৰ পৰা তথ্য বিচাৰিছিল।

খবৰ অনুসৰি এই কোম্পানী দুটাৰ ফালৰ পৰা নিৰ্বাচন আয়োগক দিয়া ইভিএম আৰু নিৰ্বাচন আয়োগৰ হাতত মজুত থকা ইভিএমৰ সংখ্যাৰ ক্ষেত্ৰত বৃহৎ ব্যৱধান দেখা পোৱা গৈছে। প্ৰায় ২০ লাখ ইভিএমৰ ব্যৱধান দেখা পোৱা গৈছে। কিয়নো ইভিএম নিৰ্মাতা কোম্পানীয়ে নিৰ্বাচন আয়োগক দিয়া ইভিএমৰ পৰা প্ৰায় ২০ লাখ অন্তৰ্ধান হোৱাৰ তথ্য পোহৰলৈ আহিছে। মন কৰিবলগীয়া যে এই ৰাজহুৱা আবেদনৰ শুনানি ১৩ মাহৰ ভিতৰত এতিয়ালৈ সাতবাৰকৈ শুনানি হৈছে বোম্বে হাই কোৰ্টত। অন্তৰ্ধান হোৱা ইভিএমৰ বিষয়ে নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগ কোনো ধৰণে অৱগত নহয়। আৰটিআই কৰ্মীগৰাকীয়ে দাখিল কৰা আৰটিআইৰ এক আবেদনৰ নিৰ্বাচন আয়োগে ২০১৭ৰ ২১ জুনত উত্তৰ দি কৈছিল যে ভাৰত ইলেকট্ৰনিক্ছ লিমিটেডৰ ফালৰ পৰা ১৯৮৯-৯০ আৰু ২০১৪-১৫ৰ মাজৰ সময়ছোৱাত ১০,০৫,৬৬২ ইভিএম যোগান ধৰিছিল। তাৰ বিপৰীতে ভাৰত ইলেকট্ৰিক্ছ লিমিটেডে আৰটিআই আবেদনৰ উত্তৰত কৈছিল যে ১৯৮৯-৯০ আৰু ২০১৪-১৫ৰ মাজৰ সময়ছোৱাত নিৰ্বাচন আয়োগক ১৯,৬৯,৯৩২ ইভিএম যোগান ধৰা হৈছিল। আনহাতে ইভিএম নিৰ্মাণকাৰী আন এটা কোম্পানী ইলেকট্ৰনিক্ছ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডে ২০১৭ৰ ১৬ ছেপ্টেম্বৰত এক আৰটিআই আবেদনৰ উত্তৰত কৈছিল যে নিৰ্বাচন আয়োগক ১৯,৪৪,৫৯৩ ইভিএম যোগান ধৰা হৈছিল। কিন্তু নিৰ্বাচন আয়োগে তাৰ বিপৰীত সংখ্যা আৰটিআইৰ এক আবেদনৰ উত্তৰত দিয়ে। নিৰ্বাচন আয়োগে এক আৰটিআই আবেদনত কয় যে এই সময়ছোৱাত, অৰ্থাৎ ১৯৮৯-৯০ আৰু ২০১৬-১৭ৰ মাজৰ সময়ছোৱাত ইলেকট্ৰনিক্ছ ইণ্ডিয়াই ১০,১৪,৬৪৪টা ইভিএম যোগান ধৰিছিল।

এতিয়া দেখা পোৱা গৈছে যে ইভিএম নিৰ্মাণকাৰী প্ৰতিষ্ঠান দুটাই আৰটিআই আবেদনত অধিকসংখ্যক ইভিএম নিৰ্বাচন আয়োগক যোগান ধৰাৰ কথা প্ৰকাশ কৰিছে, তাৰ বিপৰীতে নিৰ্বাচন আয়োগে প্ৰতিষ্ঠান দুটাৰ পৰা কম পৰিমাণৰ ইভিএম লাভ কৰাৰ কথা প্ৰকাশ কৰিছে। অৰ্থাৎ ইভিএমৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে আৰটিআই আবেদনত ইভিএম নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ পৰা কম পৰিমাণৰ ইভিএম লাভ কৰাৰ কথা প্ৰকাশ কৰিছে। তাৰ বিপৰীতে ইভিএম নিৰ্মাণকাৰী প্ৰতিষ্ঠান দুটাই নিৰ্বাচন আয়োগক অধিক পৰিমাণৰ ইভিএম যোগান ধৰাৰ কথা আৰটিআই আবেদনৰ উত্তৰত প্ৰকাশ কৰিছে।