শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত বহন কৰিছে অগপই

প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত বহন কৰিছে অগপই

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিজেপিৰে পুনৰ মিত্ৰতা কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত বহন কৰিছে আঞ্চলিক দলটোৰ নেতৃত্বই। যিকোনো মূহুৰ্ততে দলে অগপৰ সভাপতিগৰাকীৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি বুধবাৰে দলৰ সভাপতি অতুল বৰাৰ মন্তব্যত স্পষ্ট হৈ পৰে।শেহতীয়াকৈ প্ৰফুল্ল কুমাৰ মহন্তই তেজপুৰত সাংবাদিকৰে হোৱা কথা বতৰাত ৰাজ্যসভাৰ আসনক লৈ আওপকীয়াকৈ পুনৰ এবাৰ অতুল বৰা আৰু তেওঁৰ সহযোগী সকলক কটাক্ষ কৰিছিল।

বুধবাৰে তেজপুৰত অনুষ্ঠিত অগপৰ পৰ্যালোচনা সভাৰ পাছতে সভাপতি বৰাই সাংবাদিকৰ আগত মহন্ত সন্দৰ্ভত মত ব্যক্ত কৰি কয়, ‘সকলো দলতে ভিন্ন ধৰণৰ মানুহ থাকে। এজন মানুহক লৈ দল নহয়। দলৰ উৰ্ধত কোনো নহয়, প্ৰফুল্ল মহন্তও নহয় অতুল বৰাও নহয়’। ইয়াৰ উপৰি সভাপতি বৰাই প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰি বিগত সময়ত মহন্তৰ নেতৃত্বত অগপৰ ধাৰাবাহিক বিপৰ্যয় হোৱা বুলিও মহন্তক মনত পেলাই দিয়ে।

উল্লেখ্য যে ‘কেব’ বিৰোধী স্থিতিত অটল প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তৰ শেহতীয়া স্থিতিয়ে স্বাভাৱিকতে অশ্বস্তিত পেলোৱা পৰিলক্ষিত হৈছিল অগপ দলটোক। লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীক সহযোগিতা নকৰাৰ উপৰি সংবাদ মাধ্যমৰ জৰিয়তে মহন্তই তীব্ৰ সমালোচনা কৰিছিল অগপ-বিজেপিক। তদুপৰি দুবাৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰাও বিৰত আছিল। এতিয়া কথা হ’ল অহা ১৪ আৰু ১৫ মে’ত অগপই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ বৈঠক আহ্বান জনাইছে। উক্ত বৈঠকতে প্রফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে নেতৃত্বই কঠোৰ সিদ্ধান্ত ল’ব পাৰে বুলি বিভিন্ন জনৰ মনত প্ৰশ্নৰ উদ্ৰেগ ঘটিছে।