শেহতীয়া খবৰ
Home / আঞ্চলিক / ডিটেনচন কেম্পৰ কাৰাবন্দী সকলক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ডিটেনচন কেম্পৰ কাৰাবন্দী সকলক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

চৰ্ত সাপেক্ষে কাৰাৰন্দীক মুকলাই দিয়াৰ নিৰ্দেশনা

ডিজিটেল সংবাদ, নতুন দিল্লীঃ অসমৰ বিদেশী ন্যাধীকৰণৰ প্ৰসংগক লৈ দ্বিতীয় দিনাও উচ্চতম ন্যায়ালয়ত শুনানী অনুষ্ঠিত হয়৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়ধীশ সঞ্জিৱ খান্নাৰ বিচাৰপীঠে বিদেশী ন্যাধীকৰণৰ প্ৰসংগটোক লৈ দ্বিতীয় দিনা তথা শুকুৰবাৰে শুনানী গ্ৰহণ কৰে৷ আজিৰ শুনানীত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে অসমৰ বিদেশী ন্যাধীকৰণৰ কাৰাবন্দী সকলৰ প্ৰসংগটোক লৈ এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে৷ মন কৰিবলগীয়া যে, কালি এই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ মজিয়াত শুনানী হৈছিল৷ যত কেন্দ্ৰীয় চৰকাৰৰৰ পক্ষত ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই কৈছিল যে, বিদেশী বহিষ্কৰণক লৈ বাংলাদেশৰ সৈতে উচ্চস্তৰীয় কূটনৈতিক আলোচনা চলি আছে৷ কিন্তু বিদেশী ন্যাধীকৰণৰ প্ৰসংগটো সঠিক ভাৱে উচ্চতম ন্যায়ালয়ৰ মজিয়াত তুলি ধৰিব নোৱাৰা বাবেই তেওঁ সমালোচনাৰো সন্মুখীন হৈছিল৷ কিয়নো বিষয়টো সম্পৰ্কত হোমৱৰ্ক কৰি উচ্চতম ন্যায়ালয়ত অহাৰ নিৰ্দেশনা প্ৰদান কৰিছিল৷

আজি বিষয়টোক লৈ পুনৰ উচ্চতম ন্যায়ালয়ত শুনানী হয়৷ যত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে বিদেশী ন্যাধীকৰণৰ প্ৰসংগটোক লৈ ৰায়দান প্ৰদান কৰি কয় যে, তিনিবছৰ বা তাতোধিক সময় কাৰাবন্দী হৈ থকা লোকসকলক চৰ্তৰ ভিত্তিত মুকলি দিয়া৷ লগতে ৰায়দানত  এই কথাও কৈছে যে মুকলি কৰি দিয়া কাৰাবন্দীৰ সপক্ষে এক লাখ টকাৰ দুজন ভাৰতীয় নাগৰিকৰ জামিনদাৰ হিচাপে থাকিব লাগিব৷ আনহাতে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই বুলিও ৰায়দান প্ৰদান কৰি কয় যে, মুকলিৰ পিছত সেই ব্যক্তিজন ক’ত থাকিব সেই কথা মুকলিৰ পূৰ্বেই অৱগত কৰিব লাগিব৷ ইয়াৰ উপৰিও তেওঁলোকৰ বায়’মেট্ৰিক তথ্য, ফটো আদি ডিটেনচন কেন্দ্ৰ পৰা মুকলিৰ পূৰ্বে জমা কৰিব লাগিব৷ মুকলিৰ পিছত যদি নিজৰ ঠিকনা সলনি কৰে তেন্তে একে দিনাই নিজৰ স্থানীয় থানত অৱগত  কৰিব লাগিব লগতে মুকলি হৈ অহা ব্যক্তিজনে প্ৰতি সপ্তাহে স্থানীয় থানাত উপস্থিত হৈ হাজিৰা দিব লাগিব৷ সীমান্ত আৰক্ষীয়ে মুকলি হৈ অহা ব্যক্তি সকলৰ প্ৰতিবেদন প্ৰতি তিনি মাহৰ মূৰে মূৰে বিদেশী ন্যাধীকৰণত জনাই থাকিব লাগিব৷ যদি কোনো মুকলি হৈ অহা ব্যক্তিয়ে এই চৰ্তসমূহ উলংঘা কৰে তেন্তে তেওঁক সীমান্ত আৰক্ষীয়ে পুনৰ আটক বিদেশী ন্যাধীকৰণত উপস্থিত কৰাৰ লাগিব৷