শেহতীয়া খবৰ
Home / ৰাজনীতি / দুৰ্নীতিৰ পৰা ৰক্ষা পাবলৈ বিজেপিৰ শৰনাপন্ন অতুল-কেশৱ : অগপৰ প্ৰাক্তন কেন্দ্ৰীয় আইন উপদেষ্টা হেমেন বৰাৰ অভিযোগ

দুৰ্নীতিৰ পৰা ৰক্ষা পাবলৈ বিজেপিৰ শৰনাপন্ন অতুল-কেশৱ : অগপৰ প্ৰাক্তন কেন্দ্ৰীয় আইন উপদেষ্টা হেমেন বৰাৰ অভিযোগ

মন্ত্ৰী অতুল বৰাই ট্ৰেক্টৰ-বীজ কেলেংকাৰীত লিপ্ত থকাৰ বিপৰীতে কেশৱৰ ভাতৃ কৃষ্ণ মহন্ত মথাউৰি কেলেংকাৰীত লিপ্ত


মহানগৰ প্ৰতিবেদক, ১০ মে’ : বিয়াগোম দুৰ্নীতিৰ পৰা নিজক বচাবলৈ অগপ দলক বিজেপিৰ শৰণাপন্ন কৰিলে অতুল বৰা, কেশৱ মহন্তই। পাঁচ শতাংশ কৰ্মীৰ সমৰ্থনেৰে এই দুগৰাকী অগপ নেতাই বিজেপিৰ সৈতে পুনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত মিত্ৰতা গঢ়িলে বুলি আজি সংবাদমেল যোগে অভিযোগ উত্থাপন কৰিছে দলটোৰে প্ৰাক্তন কেন্দ্ৰীয় আইন উপদেষ্টা হেমেন বৰাই। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত তেওঁ কয় যে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু দলৰে আন এগৰাকী জ্যেষ্ঠ নেতা তথা জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যত বিয়াগোম দুৰ্নীতি সংঘটিত কৰিছে। মন্ত্ৰী অতুল বৰাই ট্ৰেক্টৰ আৰু বীজৰ কেলেংকাৰী সংঘটিত কৰাৰ বিপৰীতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই নিজ বিভাগতে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে হেমেন বৰাই।

তেওঁ কয়- কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তই মথাউৰি নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰিছে। সেই কেলেংকাৰীৰ পৰা ৰক্ষা পোৱাৰ স্বাৰ্থতেই বিজেপিৰ শৰণাপন্ন হৈছে বুলি অভিযোগ কৰিছে হেমেন বৰাই। সংবাদমেলত তেওঁ কয় যে বিজেপিৰে পুনৰ মিত্ৰতা গঢ়াত মাথোঁ পাঁচ শতাংশ লোকৰহে সমৰ্থন আছিল। বিপৰীতে ৯৫ শতাংশ অগপ কৰ্মীয়ে বিজেপিৰ সৈতে মিত্ৰতা গঢ়াটো পুনৰ বিচৰা নাছিল বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে যোৱা ২০ ফেব্ৰুৱাৰীত অগপৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত বিজেপিৰ সৈতে পুনৰ মিত্ৰতা গঢ়াৰ প্ৰসংগটো উত্থাপন হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে এখন ৯জনীয়া সমিতিও গঠন কৰা হৈছিল। কিন্তু বৈঠকত বিজেপিৰ সৈতে মিত্ৰতা কোনো কাৰণতেই বিচৰা নাছিল দলটোৰ বহুসংখ্যক সদস্যই। বিজেপিৰ বাদে অন্য যিকোনো দলৰ সৈতে মিত্ৰতা গঢ়াৰ আলোচনা হৈছিল বৈঠকত। কিন্তু অগপৰ সভাপতি অতুল বৰা আৰু দলৰে জ্যেষ্ঠ নেতা কেশৱ মহন্তই নিজৰ কেলেংকাৰী গাপ দিয়াৰ স্বাৰ্থতেই দলটোক বিজেপিৰ হাতত বন্ধকত থৈ পুনৰ মিত্ৰতা গঢ়িলে। তেওঁ কয়- ২০ ফেব্ৰুৱাৰীৰ বৈঠকত কোনো ধৰণৰ বিজেপিৰ সৈতে মিত্ৰতা গঢ়াৰ আলোচনা হোৱা নাছিল। আজিৰ সংবাদ মেলতেই লগতে তেওঁ কয় যে এইবাৰৰ সাধাৰণ নিৰ্বাচনত অগপই এখনো আসন লাভ কৰিব নোৱাৰে। নিৰ্বাচনৰ ফলাফলৰ পিছতেই আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত চিৰদিনলৈ তলা ওলমিব বুলিও আশংকা প্ৰকাশ কৰিছে হেমেন বৰাই।

তেওঁ কয়- যি ধৰণে যোৰহাটৰ জিলা কাৰ্যালয়ত বিজেপিৰে পুনৰ মিত্ৰতা গঢ়া কাৰ্যৰ বিৰোধিতা কৰি চিৰদিনৰ বাবে তলা ওলমোৱা হৈছে, ঠিক একেদৰে আমবাৰীৰ মুখ্য কাৰ্যালয়তো তলা ওলমোৱা হ’ব। আজিৰ সংবাদ মেলতেই তেওঁ এইবুলিও কয় যে অগপ দলক ধবংস কৰাৰ ঠিকা লৈছে অতুল বৰা আৰু কেশৱ মহন্তই। দলটোৰ অস্তিত্ব নোহোৱা কৰিবলৈ উঠি-পৰি লাগিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ক্ষমতাৰ ৰাগিত বলীয়ান হৈ মন্ত্ৰিত্বৰ মোহত অতুল বৰা আৰু কেশৱ মহন্তই অগপ ধবংস কাৰ্যকলাপত লিপ্ত হৈছে। লগতে কয়- অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দলৰ পৰা বহিষ্কাৰ কৰাৰো গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অতুল বৰা আৰু কেশৱ মহন্ত। তেওঁ কয়- নাজিৰা, বোকাখাত, তেজপুৰ আদি ঠাইত দলীয় পৰ্যালোচনা সভাৰ অচিলা লৈ অতুল বৰা আৰু কেশৱ মহন্তই কেববিৰোধী আৰু প্ৰফুল্ল মহন্তৰ সমৰ্থকক দলৰ পৰা আঁতৰোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইয়াৰ উপৰি তেওঁ কয় যে দলীয় নিৰ্বাচন অনুষ্ঠিত হ’লে বৰ্তমানৰ অগপৰ সভাপতি অতুল বৰা পৰাস্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইবাবে অতুল বৰাই প্ৰফুল্ল মহন্তক দলৰ পৰা একাষৰীয়া কৰিব বিচাৰিছে।

আনহাতে দলৰ হৈ মাত মতাসকলকো দলটোৰ পৰা বহিষ্কাৰ কৰাত উঠি-পৰি লাগিছে অতুল বৰা। তেওঁ কয়- দলটোৰ এই দুগৰাকী নেতাৰ স্বাৰ্থলোভী মনোভাবৰ বাবেই কোনো শিক্ষিত লোকে এই দলটোলৈ পুনৰ ঢাপলি মেলা নাই। আনহাতে আজিৰ সংবাদ মেলতেই প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৰেশ ভূঞাই আজিৰ সংবাদ মেলত কয় যে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে অগপৰ নামত বেপাৰ চলাইছে। নিৰ্বাচনৰ সময়ত বৃহৎ ধন উপাৰ্জন কৰাত নামি পৰে এই তিনিগৰাকী বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে লোকসভা নিৰ্বাচনৰ সময়ছোৱাত কংগ্ৰেছৰ সৈতেও মিত্ৰতা গঢ়িবলৈ আলোচনাত মিলিত হৈছিল। কিন্তু কংগ্ৰেছৰ পৰা অধিক লাভালাভ নোপোৱাৰ বাবে তেওঁলোকে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কথা পৰিহাৰ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত থকা বিজেপিৰ সৈতে পুনৰ মিত্ৰতা গঢ়িলে। তেওঁলোকক দলৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে এইগৰাকী প্ৰাক্তন নেতাই।