শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / নামাজক লৈ সংঘাত : দ্বিতীয় দিনাও সান্ধ্য আইনৰ কবলত হাইলাকান্দি

নামাজক লৈ সংঘাত : দ্বিতীয় দিনাও সান্ধ্য আইনৰ কবলত হাইলাকান্দি

হতাহতৰ পৰিয়াললৈ সাহায্য ঘোষণা চৰকাৰৰ, আৰক্ষী-প্ৰশাসনৰ সৈতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গুৰুত্বপূৰ্ণ বৈঠক


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ মে’ : শুকুৰবৰীয়া নামাজ আদায়ক কেন্দ্ৰ কৰি হাইলাকান্দিত সংঘটিত ভয়াৱহ সংঘাতৰ পিছতেই সমগ্ৰ জিলাখনতেই অব্যাহত আছে চেপা উত্তেজনা। পৰিস্থিতি এতিয়াও স্বাভাৱিক হৈ পৰা নাই। সমগ্ৰ জিলাখনতেই আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ দলে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে যদিও আজিও ভিতৰি অব্যাহত আছে উত্তেজনা। মূলতঃ নামাজ পঢ়াক কেন্দ্ৰ কৰি হাইলাকান্দিৰ মাৰোৱাৰীপট্টিত সংঘটিত ভয়াৱহ সংঘাতৰ ঘটনাৰ দ্বিতীয়দিনাও সান্ধ্য আইনৰ কবলত আছে হাইলাকান্দি। দেওবাৰে পুৱা ৭ বজালৈকে প্ৰশাসনে সান্ধ্য আইন ঘোষণা কৰিছে। আনহাতে উক্ত ঘটনাক কেন্দ্ৰ কৰি যাতে কোনো দুষ্কৃতিকাৰীয়ে উৰাবাতৰি বিয়পাব নোৱাৰে তাৰ বাবে সমগ্ৰ জিলাখনতেই ইন্টাৰনেট সেৱা বন্ধ কৰি দিছে। প্ৰতিমুহূৰ্তত অৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দলে সমগ্ৰ অঞ্চলত টহল দি ৰাখিছে।

মন কৰিবলগীয়া যে কালি শুকুৰবৰীয়া নামাজ পঢ়াক কেন্দ্ৰ কৰি হাইলাকান্দিৰ মাৰোৱাৰীপট্টিৰ পুৰণি মছজিদৰ সন্মুখত দুই পক্ষৰ মাজত সংঘটিত হৈছিল ভয়াৱহ সংঘাতৰ ঘটনা। পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছিল। আৰক্ষীৰ গুলীত জমিৰ হুছেইন নামৰ লোকজন নিহত হয়। আনহাতে দহজনকৈ লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। ইপিনে আজি নিহতৰ পৰিয়ালক পাঁচ লাখ টকা আৰু আহতসকলক পঞ্চাশ হাজাৰ টকাকৈ সাহায্য ঘোষণা কৰিছে চৰকাৰে। হাইলাকান্দিৰ উক্ত ঘটনাক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে। অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰাক উক্ত তদন্তৰ দায়িত্ব প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি পৰিস্থিতিৰ বুজ ল’বলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, এডিজিপি মুকেশ আগৰৱাল আৰু বৰাক উপত্যকাৰ আয়ুক্ত আনোৱাৰ উদ্দিন চৌধুৰী হাইলাকান্দিত উপস্থিত হৈ ঘটনাৰ বুজ লয়। এই সন্দৰ্ভত ডিজিপি কুলধৰ শইকীয়াই পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলিও উল্লেখ কৰি তেওঁ আৰু কয় যে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। ছ’চিয়েল মিডিয়াৰ ওপৰতো তীক্ষ® নজৰ ৰখা হৈছে, যাতে কোনোধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পাব নোৱাৰে।

উল্লেখ্য যে যোৱা তিনি দিন পূৰ্বে হাইলাকান্দিৰ মাৰোৱাৰীপট্টিৰ পুৰণি মছজিদৰ সন্মুখত বাইক ৰখাই থৈ নামাজ আদায় কৰিবলৈ ভিতৰলৈ যোৱাৰ পিছতে কোনো দুষ্কৃতিকাৰীয়ে বহুকেইখন বাইকৰ ক্ষতিসাধন কৰিছিল। উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে উত্তেজনাৰ সৃষ্টি হৈছিল। যিকোনো সময়তে অঞ্চলটোত এক সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটিব পাৰে বুলি আশংকা কৰি সচেতন ৰাইজে প্ৰশাসনক বিষয়টো অৱগত কৰিছিল। আৰক্ষী প্ৰশাসনৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই কালিৰ এই ভয়াৱহ ঘটনাটো সংঘটিত হ’ল বুলি একাংশই মুকলিভাৱে অভিযোগ কৰে। কালি দিনৰ ১২ বজাত শুকুৰবাৰৰ নামাজ আদায় কৰাৰ বাবে পুৰণি মছজিদত বহু লোকৰ সমাগম হৈছিল। মছজিদৰ ভিতৰত স্থান নথকাৰ বাবেই একাংশ লোকে মছজিদৰ সন্মুখৰ ৰাজপথত নামাজ আদায় কৰাৰ সিদ্ধান্ত লৈছিল। ৰাজপথত এনেদৰে নামাজ আদায় কৰিবলৈ চেষ্টা কৰাৰ সময়তে একাংশ লোকে বাধা প্ৰদান কৰে। তাক লৈ দুয়ো পক্ষৰ মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয়। শুকুৰবাৰৰ নামাজৰ পিছত পুনৰবাৰ উক্ত কাজিয়াই ভয়াৱহ ৰূপ ধাৰণ কৰে। দুই পক্ষৰ মাজত হতাহতিৰো সৃষ্টি হয়। ইটো গোটে আনটো গোটৰ ওপৰত শিল-ইটাৰে ভয়াৱহ আক্ৰমণ চলায়। কে’বা ঘণ্টা ধৰি দুয়ো পক্ষৰ মাজত এনেদৰে আক্ৰমণ-প্ৰত্যাক্ৰমণ চলে। এটা সময়ত উত্তেজিত ৰাইজে ৰাজপথত থকা বাহনসমূহত অগ্নি সংযোগ কৰে। মুহূৰ্তৰ ভিতৰতে দাও দাওকৈ জ্বলি ছাৰখাৰ হৈ যায় বাহনসমূহ। পিছত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ দুয়ো পক্ষক লাঠিচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও সফল নোহোৱাত শূন্যলৈ কে’বাজাঁই গুলীবৰ্ষণ কৰে।

এটা সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোতে সান্ধ্য আইন জাৰি কৰে। অঞ্চলটোত যাতে কোনোধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে সমগ্ৰ অঞ্চলটোতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। ইপিনে উক্ত ঘটনাৰ বাবে আৰক্ষী প্ৰশাসনক স্থানীয় ৰাইজে সম্পূৰ্ণৰূপে জগৰীয়া কৰিছে। আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই উক্ত ঘটনাটো সংঘটিত হ’ল বুলি একাংশই অভিযোগ কৰে। কালি সংঘটিত হাইলাকান্দিৰ উক্ত ঘটনাৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণাধীন হৈছে যদিও আজিও চৌদিশে আতংক আৰু চেপা উত্তেজনাই বিৰাজ কৰিছে।