শেহতীয়া খবৰ
Home / ৰাজনীতি / জন্মস্থান গোলাঘাটৰ পৰাই নেতৃত্ব সলনিৰ কুচ কাৱাজ , অগপত অতুল হাতাও অভিযান অব্যাহত

জন্মস্থান গোলাঘাটৰ পৰাই নেতৃত্ব সলনিৰ কুচ কাৱাজ , অগপত অতুল হাতাও অভিযান অব্যাহত


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : অসমীয়া ৰাইজৰ আৱেগ-অনুভূতিক অৱজ্ঞা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থনকাৰী দল বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি লোকসভাৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খোজা অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত ক্ষোভ অব্যাহত আছে। নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বুলি সদম্ভে ঘোষণা কৰা বিজেপি দলৰ সৈতে মিত্ৰতা স্থাপন কৰি একমাত্ৰ ব্যক্তিগত লাভালাভৰ বাবে আঞ্চলিক দলটোক ব্যৱহাৰ কৰা বুলি পূৰ্বতে অভিযোগ উত্থাপন কৰি অগপৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে মুকলি বিদ্ৰোহ ঘোষণা কৰাৰ লগতে দলটো পুনৰ গঠনৰ লগতে এটা ব্যক্তিগত কোম্পানীত পৰিণত কৰিব খোজা অগপক উদ্ধাৰ কৰাৰ বাবে তৃণমূল পৰ্যায়ত সভা-সমিতি অনুষ্ঠিত কৰাৰ লগতে তৃণমূল কৰ্মীসকলৰ লগতে অগপক ভাল পোৱা অসমবাসীক একগোট কৰাৰ অভিযান আৰম্ভ কৰিছিল।

এক প্ৰেছ বিজ্ঞপ্তি যোগে তৃণমূল কৰ্মীসকলৰ আহবায়ক ড০ অশ্বিনী কুমাৰ মহন্তই জানিবলৈ দি কয় যে অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাসক ধূলিসাৎ কৰি অগপৰ কেইজনমান নেতাই স্বাৰ্থ সিদ্ধিৰ হকে মূল দলৰ সিদ্ধান্ত নোহোৱাকৈ গেৰুৱা দল বিজেপিৰ লগত মিত্ৰতা স্থাপন কৰি দলটোৰ গুৰুভাগ সদস্য, বিশেষকৈ তৃণমূল কৰ্মীসকলক অপমান কৰিছে। জাতিদ্ৰোহী উক্ত নেতাসকলক তৃণমূল কৰ্মীসকলে অনাগত দিনত যাতে অগপক ব্যক্তিগত কোম্পানী বুলি নাভাবি সঠিক পথেদি আগুৱাই আহি অসম আৰু খিলঞ্জীয়াসকলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি মনোযোগ দিয়ে আৰু নিজ দল অগপক সৰ্বভাৰতীয় দলৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰি আঞ্চলিকতাবাদৰ মহা মূল মন্ত্ৰৰে সমৃদ্ধ কৰিব পাৰে তাকে সকীয়াই দিবলৈ তৃণমূল কৰ্মী দলৰ আহ্বায়ক ডঃ অশ্বিনী কুমাৰ মহন্তৰ নেতৃত্বত অগপৰ জন্মস্থান গোলাঘাটৰ পৰাই অভিযান আৰম্ভ কৰিবলৈ দলৰ প্ৰতিটো পৰ্যায়ৰ বিশিষ্ট বিষয়ববীয়াৰ লগতে শুভাকাংক্ষীক আহ্বান জনাবলৈ প্ৰস্তুতি গ্ৰহণ কৰিছে। লগতে ‘কেব’ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি জিলা পৰ্যায়ত জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ ৰক্ষাৰ্থে প্ৰয়োজন হ’লে বিভিন্ন বিষয়ববীয়াক সমূহীয়াভাৱে পদত্যাগ কৰোৱাৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুঠতে খিলঞ্জীয়া ৰাইজৰ আশা-আকাংক্ষা প্ৰতিফলিত হোৱাকৈ আৰু সকলোৰে প্ৰিয়ভাজন হ’বলৈ বিভিন্ন দল-সংগঠনৰ লগত দিহা-পৰমৰ্শ ল’বলৈ এক ঐতিহাসিক আলোচনা কৰিবলৈ প্ৰচেষ্টা চলাই আছে বুলি জানিবলৈ দি অগপৰ জন্মস্থান গোলাঘাটৰ পৰাই অতুল বৰা আৰু কেশৱ মহন্তক আঁতৰাই নতুনকৈ দল গঠনৰ অভিযান অচিৰেই আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। আনহাতে দলত হোৱা বিদ্ৰোহক প্ৰশমিত কৰিবলৈ তথা নিজৰ স্থান সুৰক্ষিত ৰাখিবলৈ অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

দলৰ ভিতৰত লোকসভা নিৰ্বাচনৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত থকা প্ৰাৰ্থীৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰি ভোটদানৰ পৰা বিৰত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক নিজৰ পক্ষলৈ অনাৰ বাবে অতুল বাহিনীয়ে চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনক লৈ কেইদিনমান পূৰ্বেই প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে আলোচনাত বহাও পৰিলক্ষিত হৈছিল। ইপিনে অহা ১৩ মে’ৰ বিধায়িনী দলৰ বৈঠক আৰু ১৪-১৫ মে’ত অগপৰ বৈঠক অনুষ্ঠিত কৰি দলটোৰ অভ্যন্তৰত চলি থকা বিদ্ৰোহ নাইকিয়া কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। অন্যহাতেদি অগপত বিদ্ৰোহৰ সৃষ্টি কৰা একাংশ তৃণমূল পৰ্যায়ৰ কৰ্মীক কংগ্ৰেছৰ দালাল আখ্যা দি বহিষ্কাৰ কৰাৰ অভিযান অব্যাহত ৰাখিছে কেন্দ্ৰীয় কমিটীয়ে। ইয়ে প্ৰমাণ কৰে যে অগপৰ অভ্যন্তৰত তথা তৃণমূল পৰ্যায়ত চলা বিদ্ৰোহত কম্পিত হৈছে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত।