শেহতীয়া খবৰ
Home / ৰাজনীতি / ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত পশ্চিম বংগত ব্যাপক হিংসা

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত পশ্চিম বংগত ব্যাপক হিংসা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা দেওবাৰে পশ্চিমবংগত হিংসাত্মক ঘটনা সংঘটিত হৈছে। এজন বিজেপি সদস্য আৰু এজন তৃণমূল কংগ্ৰেছ সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুয়োটা দলে পৰস্পৰৰ ওপৰত কৰ্মীহত্যাৰ অভিযোগ আনিছে। আনহাতে, ঘাটল লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভাৰতী ঘোষৰ কনভয়ৰ গাড়ীৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ চলাইছে। তৃণমূল কংগ্ৰেছৰ সদস্যই এই আক্ৰমণ চলোৱা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে।