শেহতীয়া খবৰ
Home / আঞ্চলিক / কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত নাগৰিক সভা

কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত নাগৰিক সভা

ৰিঞ্জুৱাৰা পাৰবিন, কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত আজি দুপৰীয়া এখনি নাগৰিক সজাগতা সভা অনুষ্ঠিত হয়। মইনবড়িৰ সমাজ কৰ্মী আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত সভাত কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি দাসে উদ্দেশ্য ব্যাখ্যা কৰে । উক্ত সভাত অতিথিৰূপে অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক (ডি এছ বি) হেমেন দাস উপস্থিত থাকি কোনো উৰা বাতৰি বা ভুৱা প্ৰচাৰত গুৰুত্ব নিদিবলৈ আহ্বান জনায়। তেঁও আৰু কয় সমন্বয় আৰু প্ৰগতিশীল সুস্থ সমাজ ব্যৱস্থা সুদৃঢ় ৰাখিবলৈ সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে দায়িত্ব বহন কৰিব লাগিব। উল্লেখ্য যে হাইলাকান্দিৰ ঘটনাৰ পিছত মুছলমান সমাজত প্ৰতিক্ৰিয়া সৃষ্টি হলেও ইয়াক লৈ কোনো ধৰণৰ নতুন ঘটনা সৃষ্টি নকৰিবলৈ সভাত উপস্থিত থকা সমাজৰ সকলো পক্ষক আহ্বান জনায় বক্তা সকলে।ইফালে  আজিৰ সভাত উপস্থিত থকা সকলক এন আৰ চি’ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ইতিপূৰ্বে গঠিত শান্তি সমিতিত  অন্তৰ্ভুক্ত কৰিবলৈ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।