শেহতীয়া খবৰ
Home / আঞ্চলিক / ভ্ৰাম্যমান থিয়েটাৰৰ দৰে চলিছে ২১৫ নং আদিতপুৰ চি অঙ্গনৱাড়ী কেন্দ্ৰঃ মন্ত্ৰী-উপায়ুক্তয়ো ল’ব নোৱাৰে ব্যৱস্থা, তদন্ত দাবী ৰাইজৰ

ভ্ৰাম্যমান থিয়েটাৰৰ দৰে চলিছে ২১৫ নং আদিতপুৰ চি অঙ্গনৱাড়ী কেন্দ্ৰঃ মন্ত্ৰী-উপায়ুক্তয়ো ল’ব নোৱাৰে ব্যৱস্থা, তদন্ত দাবী ৰাইজৰ

ৰিঞ্জুৱাৰা পাৰবিন, কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৰূপসী শিশু সংহত শিশু উন্নয়ন সেৱা আঁচনি (প্ৰকল্প)খন সম্পূৰ্ণৰূপে বগা হাতীত পৰিণত হৈছে। অভিযোগ মতে, আচঁনিখন সম্প্ৰতি কাগজে কলমেহে চলিছে। আঁচনি খনৰ বিভিন্ন প্ৰক্ৰিয়াত জড়িত অধিকাংশ উৰ্ধতন বিষয়া-কৰ্মচাৰী, প্ৰকল্প বিষয়া-পৰিদৰ্শকেৰে অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীয়ে বুজাবুজি কৰি কণ কণ শিশুসকলৰ নামত আৱন্টিত চৰকাৰী ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে।প্ৰাপ্ত অভিযোগ মতে, প্ৰকল্পটোত এটা মিনি অংগনৱাড়ী কেন্দ্ৰসহ মুঠ ২৯৮ টা অংগনৱাড়ী কেন্দ্ৰ আছে। উক্ত কেন্দ্ৰ সমূহত ছয় (৬ মাহ) মাহৰ পৰা ৬ বছৰৰ ভিতৰৰ মুঠ ২৪,৭৮৯ জন শিশু ছাত্ৰ ছাত্ৰী আছে। প্ৰকৃততে এই শিশু ছাত্ৰ ছাত্ৰীৰ সংখ্যা ছয় হাজাৰতকৈ এজনো বেছি নহব। প্ৰাপ্ত তথ্য মতে, প্ৰকল্পটোত ছয় মাহৰ পৰা তিনি বছৰৰ শিশু শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় ১৩০০০ জন আৰু তিনি বছৰৰ পৰা ছয় বছৰৰ ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা প্ৰায় ১২৩৩৯ জন। ইয়াৰে ৫৬ গৰাকী পুষ্টি হীনতাত ভোগা শিক্ষাৰ্থী আছে বুলি জানিব পৰা গৈছে ।
জনীয়া সমষ্টিৰ ১২ খন গাঁও পঞ্চায়ত এলেকাত উক্ত অংগনৱাড়ী কেন্দ্ৰ সমূহ আছে। কিছুদিন পূৰ্বে উক্ত শিক্ষাৰ্থী সকলৰ মধ্যহ্নভোজনৰ বাবে জনে প্ৰতি দিনে ৮ টকা হিচাবপত মুঠ এক কোটি বিশ লাখ,সত্তৰ হাজাৰ এশ বিৰানব্বৈ (১,২০,৭০১৯২ টকা) অবন্টন দিছে। পুষ্টিহীনতাত ভোগা শিক্ষাৰ্থীৰ বাবে প্ৰতি দিনে ১২ টকা খৰচ কৰিবলৈ বিভাগীয় নিৰ্দেশনা আছে যদিও ইয়াৰ বাবে কোনো অংগনৱাড়ী কেন্দ্ৰতেই ব্যৱস্থা লোৱা নহয়। প্ৰতিখন কেন্দ্ৰই গঢ় হিচাবত প্ৰায় ৪১ হাজাৰ টকা কৈ লাভ কৰিছে। কিন্তু অভিযোগ মতে, ইয়াৰ প্ৰতিখন কেন্দ্ৰত নিয়মিত ভাৱে ৫ জনৰ পৰা ১২ জনকৈ অধিক শিক্ষাৰ্থী উপস্থিত নাথাকে। কিন্ত উক্ত শিক্ষাৰ্থীৰ বাবে নাম মাত্ৰ মধ্যাহ্নভোজন খুৱাই সিংহ ভাগ ধন কৰ্মী, মুখ্য সেৱীকা (পৰিদৰ্শক), শিশু প্ৰকল্প বিষয়াই বুজাবুজি কৰি আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ মতে, প্ৰকল্পটোৰ অধীনত থকা ২১৫ নং আদিতপুৰ চি অঙ্গনৱাড়ী কেন্দ্ৰটো বিগত সাত বছৰত সাতবাৰ স্থানান্তৰ কৰি ভ্ৰাম্যমান অংগনৱাড়ী কেন্দ্ৰ হিচাপে জনাজাত হৈ পৰিছে।কেন্দ্ৰটোৰ কৰ্মী ৰুকিয়া খাতুনে বিভাগীয় সকলো নীতি নিয়ম উলংগা কৰি নিজৰ খিয়াল খুচি মতে চলাইছে বুলি ৰাইজ আৰু অভিভাৱক সকলে অভিযোগ উত্থাপন কৰিছে ।
ইফালে কেন্দ্ৰটো বাৰে বাৰে স্থানান্তৰ কৰাত সম্প্ৰতি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুৰ্নীতিগ্ৰস্থ কৰ্মী ৰুকিয়া খাতুন বিগত ৯ বছৰ ধৰি অঙ্গনৱাড়ী কেন্দ্ৰটোলৈ শিশু সকলৰ বাবে অহা গৰম খাদ্যকে ধৰি যাবতীয় সুবিধা আত্মসাৎ কৰিছে। কিন্তু বিষয় সন্দৰ্ভত ৰাইজে প্ৰকল্প বিষয়াৰ লগতে উৰ্ধতন কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰিও কোনো সুফল পোৱা নাই।এই দৰে আলাদ্দিনৰ চাকিৰে যথেষ্ট ধন শিশুৰ নামত অহা চৰকাৰী ধন শৰাধ কৰি গৈছে যদিও জিলা সমাজ কল্যাণ বিষয়াৰ লগতে জিলা উপায়ুক্তয়ো উক্ত কৰ্মীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি অভিভাৱক আৰু ৰাইজে অভিযোগ উত্থাপন কৰিছে। কৰ্মী গৰাকীৰ মইমতালি আৰু দূৰ্নীতিৰ বিৰুদ্ধে ছুপাৰভাইজৰ আনিছা খাতুনক বাৰ বাৰ ৰাইজে অৱগত কৰিও কোনো ইতিবাচক সহাৰি নোপোৱাত ছুপাৰভাইজৰ গৰাকীৰ জেপ নিয়মীয়াকৈ গৰম হৈ আহিছে বুলি ৰাইজে অভিযোগ কৰে । এই ক্ষেত্ৰত কলগাছিয়া চি ডি পি অ গৰাকীয়ে টেবুলৰ তলেদি হাত আগবঢ়াই দিয়া বন্ধ নকৰিলে কোনো অঙ্গনৱাড়ী কৰ্মীৰ দূৰ্নীতি বন্ধ কৰাটো সম্ভৱ নহয় বুলি ৰাইজে অভিযোগ তুলিছে। বৰ্তমান কেন্দ্ৰটো এচাহক আলিৰ থকা ঘৰৰ বাৰান্দাত চলিছ যদিও তাৰে পৰা কৰ্মীয়ে এন্ধাৰৰ সুযোগত কেন্দ্ৰৰ চাইন ব’ৰ্ডখন চুৰি কৰি নিয়া বুলি গুৰুতৰ অভিযোগ পোৱা গৈছে। হঠাৎ কেতিয়াবা কেন্দ্ৰলৈ কৰ্মীজনী আহিলেও দহ বজাৰ পিছত হে আহি পায় বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে। দূৰ্নীতি পৰায়ন কৰ্মী গৰাকীৰ বিৰুদ্ধে বৰপেটা উপায়ুক্ত, জিলা সমাজ কল্যায়ণ বিষয়া, কলগাছিয়াৰ ৰাজহ চক্ৰ বিষয়া প্ৰমুখ্যে উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত ৰাইজে পৰ্যায়ক্ৰমে  লিখিত অভিযোগ দাখিল কৰিও কোনো সুফল পোৱা নাই। ইয়াৰোপৰি, আদিতপুৰ এ, আদিতপুৰ বি, ২৫৭ নং চৰিয়াতপুৰ কেন্দ্ৰ, ২৮৬ নং চান্দমামা কেন্দ্ৰৰ লগতে মুঠ ২২৭ খন অংগনৱাড়ী কেন্দ্ৰ নাম মাত্ৰ হে চলিছে বুলি অভিযোগ পোৱা গৈছে। উক্ত কেন্দ্ৰ সমূহৰ দ্বাৰা শিক্ষাৰ্থীৰ কোনো ধৰণৰ শৈক্ষিক উন্নয়ন সাধন কৰিব পৰা নাই। ৰাইজে তদন্তমূলে বিভাগীয় কতৃপক্ষক  বিহিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে।