শেহতীয়া খবৰ
Home / আঞ্চলিক / তৃণমূল কৰ্মীৰ বিদ্ৰোহত এস্তমান অতুল-কেশৱ , সংবিধান সংশোধনৰ বাবে কাৰ্যনিৰ্বাহকত বিশেষ তৎপৰতা

তৃণমূল কৰ্মীৰ বিদ্ৰোহত এস্তমান অতুল-কেশৱ , সংবিধান সংশোধনৰ বাবে কাৰ্যনিৰ্বাহকত বিশেষ তৎপৰতা

আজি সাধাৰণ পৰিষদৰ বৈঠক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ মে’ : অগপৰ ভিতৰচ’ৰাত যে অস্থিৰতা এতিয়াও আছে সেয়া পুনৰ এবাৰ প্ৰমাণিত হৈছে। কালি বিধায়িনী দলৰ বৈঠকত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত অনুপস্থিত থকাৰ পিছত তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰসংগই চৰ্চা লাভ কৰিছিল। কিন্তু আজি কাৰ্যনিৰ্বাহকৰ সকলোকে আচৰিত কৰি কাৰ্যনিৰ্বাহকত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত।

লক্ষণীয় যে আজি কাৰ্যনিৰ্বাহকত প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত নহ’ব বুলি আশংকা কৰিয়ে তেওঁৰ বাবে কোনো আসন ৰখা নাছিল বৈঠকৰ সময়ত। এনে অৱস্থাত প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত হোৱাৰ পিছতে বিধায়ক সত্যব্ৰত কলিতা আৰু কমলা কলিতাই নিজৰ আসন এৰি দিয়াত প্ৰফুল্ল কুমাৰ মহন্তই কমলা কলিতাৰ আসনত বহি বৈঠকত অংশ লয়। অগপৰ ভিতৰচ’ৰাত যে প্ৰফুল্ল কুমাৰ মহন্তক অতুলপন্থী তথা মিত্ৰতাপন্থী নেতাসকলে পচন্দ নকৰে তাৰ প্ৰমাণ আজি কাৰ্যনিৰ্বাহকতে প্ৰমাণিত হয়। উল্লেখ্য যে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে প্ৰফুল্ল কুমাৰ মহন্তই বিৰোধিতা কৰাৰ লগতে দলটোৰ তৃণমূল পৰ্যায়ত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছিল।

ইপিনে কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত বিজেপিৰে মিত্ৰতা মানি নোলোৱা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘কেব’ৰ বিৰোধিতা কৰাটো দলৰ সিদ্ধান্ত আছিল আৰু সেই সিদ্ধান্ত অনুসৰিয়ে তেওঁ কাম কৰিছিল। বিজেপিৰে মিত্ৰতা প্ৰসংগত দলৰ মজিয়াত ক’ম বুলি উল্লেখ কৰি অনুশাসন ভংগ কৰিছো নে নাই সেয়া দলে আলোচনা কৰিব বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে তৃণমূল কৰ্মীসকলৰ বিদ্ৰোহৰ জুয়ে যে অগপৰ কেন্দ্ৰীয় কমিটীক জলা-কলা খুৱাইছে সেয়া একপ্ৰকাৰ প্ৰমাণিত হৈছে। উল্লেখ্য যে আজি কাৰ্যনিৰ্বাহকত লোকসভা নিৰ্বাচনক লৈ পৰ্যালোচনা অনুষ্ঠিত হয়। লোকসভা নিৰ্বাচনৰ সময়ত অগপৰ বিভিন্ন জিলা কমিটী আৰু শাখা কমিটীসমূহত তৃণমূল কৰ্মীসকলে মিত্ৰতাৰ বিৰোধিতা কৰিছিল। তেনে ক্ষেত্ৰত দলটোৰ ভিতৰচ’ৰাত বিদ্ৰোহ সৃষ্টি হোৱাত দলীয় শৃংখলাক লৈও কাৰ্যনিৰ্বাহকত আলোচনা অনুষ্ঠিত হয়। ইপিনে একাংশ তৃণমূল পৰ্যায়ৰ নেতাকে ধৰি অগপৰ প্ৰতিষ্ঠাপক সভাপতিয়ে লোকসভা নিৰ্বাচনত কেবক সমৰ্থন কৰা বিজেপি প্ৰাৰ্থীৰ বিপৰীতে ভোট দিবলৈ আহবান জনোৱা তথা নিজ সমষ্টিত ভোটদানৰ পৰা বিৰত থকা সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। অৱশ্যে উক্ত আলোচনা অৰ্ধপূৰ্ণ হয় বুলি জানিব পৰা গৈছে। ইপিনে আজিৰ কাৰ্যনিৰ্বাহকত কোনো নেতাৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা নহয়।

ইপিনে দলৰ ভিতৰচ’ৰাৰ বিদ্ৰোহত একপ্ৰকাৰ যে অতুল আৰু কেশৱ বাহিনী চিন্তিত হৈছে সেয়া প্ৰমাণিত হৈছে বুলি একাংশ সচেতন মহলে মন্তব্য কৰিছে। উল্লেখ্য যে জাতীয়তাবাদী দলটোৰ সংবিধান সংশোধন কৰাৰ বাবে কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত এখন সাতজনীয়া কমিটী গঠন কৰা হৈছে। এই কমিটীখনে সংবিধান সংশোধনৰ বাবে উদ্যোগ গ্ৰহণ কৰিব। আনহাতে দলত সৃষ্টি হোৱা বিশৃংখলতা আৰু অনুশাসনমূলক ব্যৱস্থাৰ ক্ষেত্ৰত কমিটী গঠন কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সকলো কতৃÇত্ব আজিৰ কাৰ্যনিৰ্বাহকে দলৰ সভাপতি অতুল বৰাক অৰ্পণ কৰে। আজি কাৰ্যনিৰ্বাহকে দলীয় অনুশাসনৰ ক্ষেত্ৰত এখন তিনিজনীয়া কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰি সকলো কৰ্তৃত্ব অতুল বৰাৰ ওপৰত ন্যস্ত কৰে। কাইলৈ অগপৰ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব আৰু ইয়াতেই নিশ্চিত হ’ব দলটোৰ ভৱিষ্যৎ। কিন্তু তৃণমূল পৰ্যায়ত চলা বিদ্ৰোহ তথা অতুল-কেশৱৰ শিবিৰ আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ মাজত চলা শীতল যুদ্ধত যে অতুল-কেশৱ তথা মিত্ৰতাপন্থী অগপৰ নিদ্ৰা হৰণ হৈছে সেয়া সংবিধান সংশোধন কৰিবলৈ লোৱা কাৰ্যই প্ৰমাণ কৰিছে বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে।