শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / কলকাতাত অমিত শ্বাহৰ ৰোড শ্ব’ত উত্তপ্ত পৰিস্থিতি , তৃণমূল কৰ্মীয়ে ৰোড শ্ব’ত চলালে আক্ৰমণ, গাড়ীত অগ্নিসংযোগ

কলকাতাত অমিত শ্বাহৰ ৰোড শ্ব’ত উত্তপ্ত পৰিস্থিতি , তৃণমূল কৰ্মীয়ে ৰোড শ্ব’ত চলালে আক্ৰমণ, গাড়ীত অগ্নিসংযোগ

পশ্চিমবংগত বিজেপিয়ে ২৩খনতকৈয়ো অধিক আসন লাভ কৰিব : অমিত শ্বাহ

ক’লকাতা, ১৪ মে’ : সপ্তদশ সাধাৰণ নিৰ্বাচনৰ অন্তিম পৰ্যায়ক লৈ উত্তপ্ত দেশৰ ৰাজনীতি। আৰোপ-প্ৰত্যাৰোপেৰে চলিছে সপ্তদশ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী সভা। বিৰোধী দলৰ সমান্তৰালকৈ বিজেপিৰ মুখ্য প্ৰচাৰক ৰূপে নমা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখনৰ পিছত আন এখনকৈ অন্তিম পৰ্যায়ৰ বাবে নিৰ্বাচনী সভা সম্বোধন কৰা সমান্তৰালকৈ দলটোৰ সভাপতি অমিত শ্বাহেও এখনৰ পিছত আন এখনকৈ নিৰ্বাচনী সভা সম্বোধন কৰিছে। বিশেষভাৱে বিজেপি দলটোৱে অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ক’লকাতাৰ ৯খন আসনৰ ওপৰত শেনদৃষ্টি ৰাখিছে। ক’লকাতাৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ৯খন আসনৰ ওপৰত শেনদৃষ্টি ৰাখি আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৰাজ্যখনত এক বৃহৎ ৰোড শ্ব’ উলিয়ায়। বিজেপি প্ৰাৰ্থীৰ হৈ ক’লকাতাত মঙলবাৰে বিয়লি অমিত শ্বাহে উলিওৱা ৰোড শ্ব’ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয়। বিয়লি ৪.৩০ বজাত অমিত শ্বাহে মধ্য ক’লকাতাৰ এশ্লেনেড অঞ্চলৰ পৰা উত্তৰ ক’লকাতাৰ স্বামী বিবেকানন্দ ভৱনলৈ উলিয়ায় এক বিশাল ৰোড শ্ব’। এই ৰোড শ্ব’ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে মমতা বেনাৰ্জী এইবাৰৰ সাধাৰণ নিৰ্বাচনত পৰাস্ত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। পৰাজয়ৰ পৰা মমতা বেনাৰ্জীয়ে ৰক্ষা নাপায় বুলিও উল্লেখ কৰে অমিত শ্বাহে। মন কৰিবলগীয়া যে অমিত শ্বাহে উত্তৰ ক’লকাতাৰ বিজেপি প্ৰাৰ্থী ৰাহুল সিন্হা আৰু দক্ষিণ ক’লকাতাৰ প্ৰাৰ্থী চন্দ্ৰকুমাৰ বোসৰ হৈ উলিয়ায় এই ৰোড শ্ব’। য’ত অমিত শ্বাহৰ সৈতে বিজেপিৰ দুইগৰাকী প্ৰাৰ্থীয়ে এখন গাড়ীত থিয় হৈ ভোটাৰ ৰাইজক সম্বোধন কৰে। এই ৰোড শ্ব’ৰ বৃহৎসংখ্যক বিজেপি সমৰ্থক লোকে অংশগ্ৰহণ কৰে। কিন্তু ৰোড শ্ব’ৰ সময়ছোৱাতে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয়। যিখন গাড়ীত উঠি অমিত শ্বাহৰ লগতে বিজেপিৰ দুগৰাকী প্ৰাৰ্থীয়ে ৰোড শ্ব’ৰ জৰিয়তে প্ৰচাৰ অভিযানত নামিছিল সেইখন গাড়ীকেই আক্ৰমণৰ লক্ষ্য কৰি লয়। একাংশ লোকে গাড়ীখনলৈ লক্ষ্য কৰি লাঠিৰ লগতে শিল নিক্ষেপ কৰাৰ ঘটনা সংঘটিত কৰে। এই ঘটনাক লৈ উত্তপ্ত হৈ পৰে বিজেপিৰ ৰোড শ্ব’। যাৰ বাবে আৰক্ষীয়ে উপায়বিহীন হৈ ৰোড শ্ব’ত লাঠিচালনা কৰিবলগীয়া হয়। আনহাতে ৰোড শ্ব’ৰ সময়ছোৱাত অগ্নি সংযোগৰ ঘটনাও সংঘটিত হয় বুলি জানিব পৰা যায়। তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে ৰোড শ্ব’ৰ গাড়ীত অগ্নি সংযোগ কৰি দিয়াৰ ঘটনা সংঘটিত হয়। এনে ঘটনাত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হয় বাবে আৰক্ষীয়ে অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱা দেখা পোৱা যায়। এনে ঘটনাৰ পিছতেই অমিত শ্বাহে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি কয় যে ষোল্লখন ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পিছতো বিৰোধীক এনেধৰণৰ কেতিয়াও আক্ৰমণৰ লক্ষ্য কৰি লোৱা হোৱা নাই। অৰ্থাৎ বিৰোধীক আক্ৰমণ কৰা হোৱা নাই বিজেপিশাসিত ষোল্লখন ৰাজ্যত। তেওঁ কয়- পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিমানেই বিৰোধীক অপব্যৱহাৰ কৰিব, সিমানেই জনমত তেওঁৰ বিপক্ষে যাব বুলিও উল্লেখ কৰে। লগতে কয়- পশ্চিমবংগৰ ৪২খন আসনৰ ভিতৰত বিজেপিয়ে এইবাৰ ২৩খনতকৈও অধিক আসন দখল কৰিব বুলি আজি উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। তেওঁ কয়- পশ্চিমবংগ আৰু দেশৰ জনতাই দ্বিতীয়বাৰলৈ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে। মন কৰিবলগীয়া যে পশ্চিমবংগত ৰোড শ্ব’ৰ পূৰ্বেই টিএমচিৰ কৰ্মীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ সকলো ধৰণৰ পোষ্টাৰ-বেনাৰ ৰাজপথৰ পৰা আঁতৰাই দিয়াৰ ঘটনা সংঘটিত কৰে। যাক লৈ বিজেপি আৰু তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত এক বিতৰ্কৰ সৃষ্টি হয়। অমিত শ্বাহে ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ পূৰ্বেই সেই স্থানত পশ্চিমবংগ আৰক্ষী উপস্থিত হৈ ৰোড শ্ব’ৰ অনুমতিৰ নথি বিচাৰে বিজেপিৰ পৰা। কিন্তু বিজেপিয়ে ৰোড শ্ব’ৰ অনুমতিৰ নথি দেখুৱাবলৈ ব্যৰ্থ হোৱাৰ পিছতেই মঞ্চ ভাঙি পেলোৱাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতেই ক’লকাতা আৰক্ষীয়ে কয় যে বিজেপিয়ে ৰাজ্যখনত নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে, যাৰ বাবে তেওঁলোকৰ পোষ্টাৰ-বেনাৰ ৰাজপথৰ পৰা আঁতৰোৱা হৈছে বুলি উল্লেখ কৰে।