শেহতীয়া খবৰ
Home / আঞ্চলিক / আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল


ডিজিটেল সংবাদ, গুৱাহাটীঃ  
বহু প্ৰতিক্ষাৰ অন্তত অসম মাধ্যমিক শিক্ষা পৰিষদ ‘ছেবা’ ই ঘোষণা কৰিব উচ্চ মাধ্যমিক শেষান্ত পৰীক্ষাৰ ফলাফল৷ আজি  (১৫ মে’)ত ফলাফল ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে ছেবাই৷ পুৱা ৯ বজাত ৱেবচাইটযোগে উপলব্ধ হ’ব এই ফলাফল৷ কেইবাটাও ৱেবচাইটযোগে পৰীক্ষাৰ্থীয়ে ফলাফল লাভ কৰাৰ উপৰিও গুগল প্লেষ্ট’ৰৰ পৰা ‘ছেবা এপ ২০১৯’ৰ যোগেদিও লাভ কৰিব পাৰিব ফলাফল৷ পুৱা ৯ বজাৰ পৰা পৰীক্ষাৰ্থীয়ে ছেবা ৱেবছাইট http://results.sebaonlie.org যোগে ছাব পাৰিব ফলাফল ৷ সৰ্বমুঠ ১৩ টা ৱেবছাইট যোগে লাভ কৰিব ফলাফল৷

SMS যোগেও পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ফলাফল৷ ফলাফলৰ দিনাই পৰীক্ষাৰ্থীয়ে লাভ কৰিব মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট৷ দিনৰ ১১ বজাৰ পৰা পৰীক্ষাৰ্থীয়ে মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট নিজ নিজ বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব শিক্ষাৰ্থীয়ে৷ এইবাৰ সৰ্বমুঠ ৩,৩৬,২০৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত৷

ফলাফল প্ৰকাশ কৰা আন ১৩ টা ৱেবছাইট হ’লঃ

www.resultassam.nic.in ,
www.examresults.net ,
www.examresults.net/assam/
www.indiaresults.com ,
www.exametc.com ,
www.iresults.net ,
www.yesresults.com ,
www.results.shiksha ,
www.assam.shiksha ,
www.assamonline.in ,
www.assamjobalerts.com ,
www.assamresults.in