শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / তিনি বছৰীয়া ছোৱালী যৌন নিৰ্যাতন ঘটনা মাৰ নাযাওতেই পুনৰ কাশ্মীৰত অন্য এক নিৰ্যাতন৷

তিনি বছৰীয়া ছোৱালী যৌন নিৰ্যাতন ঘটনা মাৰ নাযাওতেই পুনৰ কাশ্মীৰত অন্য এক নিৰ্যাতন৷

ডিজিটেল সংবাদ, কাশ্মীৰঃ সমগ্ৰ কাশ্মীৰত তিনি বছৰীয়া এগৰাকী কন্যাশিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত উত্তপ্ত হৈ থকা সময়তে পুনৰ কন্যা শিশুৰ ওপৰত নিৰ্যাতন চলায়৷ এই ঘটনা দেওবাৰে কাশ্মীৰৰ গন্দৰ্বল অঞ্চলত সংঘটিত হয় যদিও মঙলবাৰেহে ঘটনা পোহৰলৈ আহে৷ গন্দৰ্বলৰ এছ এছ পি খালেক আহমেদে এজন নিৰ্যাতন কাৰীক আছিফ ৱানী(২০) বুলি চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে৷ এই নিৰ্যাতন কাৰীজনক ভুক্তভোগী শিশুগৰাকীৰ অভিভাৱকে চিনাক্ত কৰে৷ এই ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী শিশুগৰাকীৰ পৰিয়ালে দেওবাৰে প্ৰদান কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয়৷ এছ এছ পিয়ে  কৈছে যে, ‘ভুক্তভোগী শিশুগৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে৷লগতে এটা জৰুৰীকালিন দলক এই ঘটনাৰ অনুসন্ধানৰ বাবে দ্বায়িত্ব প্ৰদান কৰা হৈছে৷

জানিব পৰা মতে ভুক্তভোগী শিশুগৰাকীৰ পিতৃয়ে কৈছে যে, ‘মোৰ সৰু ছোৱালীগৰাকী ৮ মে’ৰ পৰা সন্ধানহীন হৈ আছিল৷ মোৰ পত্নীয়ে ছোৱালী গৰাকী খুৰাকৰ সৈতে বজাৰলৈ যোৱা বুলি কৈছিল৷ ইয়াৰ পাছত নামাজৰ পাছত যেতিয়া ছোৱালীজনী ঘৰলৈ ঘূৰি অহা নাছিল তেতিয়া খুৰা জনক প্ৰশ্ন কৰাত তেখেতে ৭:২০ বজাতেই ঘৰলৈ পঠাই দিয়া বুি জানিবলৈ দিয়ে৷ আমি বিভিন্ন ঠঅইত বিচাৰ খোচাৰ কৰা পাছতো কোনো সন্ধান লাভ কৰা নাছিলো৷’ শিশুগৰাকীৰ মাতৃয়ে কয় যে, ‘অৱশেষত ঘৰৰ ওচৰে পাজৰে মই তাইৰ নাম লৈ চিঞৰিচিলো আৰু ওচৰৰ স্কুল এখনৰ বাথৰুমৰ পৰা মাত এটা ভাহি আহিছিল৷ ইয়াৰ পাছতেই মই দৌৰি  বাথৰুমৰ ফালে যাও আৰু মেৰ ছোৱালীক অৰ্ধ উলংগ অৱস্থাত লাভ কৰো৷কিছু তেজৰ চেকুৰা তাইৰ কাপোৰত পাইছিলো৷ মই যেতিয়া তাইক সুধিছিলো তেতিয়া যিয়ে এই নিৰ্যাতন চলাইছিল তাৰ নাম জনাইছিল আৰু লগে লগেই আমি আৰক্ষী থানাত গোচৰ ৰুজ কৰিলো আৰু তাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷’