শেহতীয়া খবৰ
Home / আঞ্চলিক / শিক্ষামন্ত্ৰীৰ অসন্তুষ্টি প্ৰকাশ চৰকাৰী বিদ্যালয়ৰ আশাপ্ৰদ ফলাফলৰ লাভ নকৰাৰ বাবে

শিক্ষামন্ত্ৰীৰ অসন্তুষ্টি প্ৰকাশ চৰকাৰী বিদ্যালয়ৰ আশাপ্ৰদ ফলাফলৰ লাভ নকৰাৰ বাবে

ডিজিটেল সংবাদ, গুৱাহাটীঃ হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফল ১৫ মে’ ৯ বজাত ঘোষণা কৰাৰ পাছত ‘ছেবা’ৰ কাৰ্যালয়ত অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এক সংবাদমেলৰ আয়োজন কৰে৷ বিগত বৰ্ষতকৈ এইবাৰ উত্তীৰ্ণৰ হাৰ ৪.১৯ % বৃদ্ধি পাইছে৷ শিক্ষামন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে, ‘এইবেলি পৰীক্ষাত গ্ৰেছ মাৰ্কৰ ব্যৱস্থা নাছিল৷ চৰকাৰী স্কুলৰ ফলাফল উন্নত বুলি কোৱাৰ লগতে ৬৫ খন চৰকাৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ, ৪৯১ খন প্ৰাইভেট স্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ৷’

ইফালে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে ১৭ মে’ৰ পৰা প্ৰপত্ৰ প্ৰদান কৰিব আৰু ১ জুলাইৰ পৰা আৰম্ভ হ’ব কম্পাৰ্টমেণ্টেল পৰীক্ষা৷ ইফালে উৰা বাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে৷এই সম্পৰ্কে পৰীক্ষা কৰা হ’ব WHATSAPP গ্ৰুপ লগতে আৰক্ষীৰ ছাইবাৰ ক্ৰাইমৰ জড়িয়তে তদন্ত কৰা হ’ব৷ এই বৰ্ষত ৬০.২৩ % উত্তীৰ্ণ হৈছে৷ ইয়াৰে ৬২.৬৯ % ল’ৰা আৰু ৫৭.৯৯% ছোৱালী উত্তীৰ্ণ হৈছে৷ শিক্ষামন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ আগশাৰীৰ কেইখন মান চৰকাৰী বিদ্যালয়ৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ লগতে বিদ্যালয়কেইখনৰ অধ্যক্ষৰ সৈতে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে৷