শেহতীয়া খবৰ
Home / আঞ্চলিক / হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবে বৰপেটাৰোডত ছাত্ৰীৰ আত্মহত্যা

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবে বৰপেটাৰোডত ছাত্ৰীৰ আত্মহত্যা

ডিজিটেল সংবাদ, বৰপেটাৰোডঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰত ৰাজ্যজুৰি তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হৈ থকাৰ মাজতে আজি বাক্সা জিলাৰ তথা লুৱাশুৰত (বেলগুৰি) পৰীক্ষাত অনুৰ্তীৰ্ণ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। ঘটনাৰ  বিৱৰণী মতে, বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত লুৱাসুৰ গাওঁৰ ভানু দাসৰ কন্যা তথা ছাত্ৰী ৰাধিকা দাসে আবেলি  ডিঙিত চিপ লৈ আত্মহত্যা কৰিব চেষ্টা চলায়। পিছত পৰিয়ালৰ লোকে এই কাণ্ড দেখা পাই হুৱাদুৱা লগায় আৰু পিছত বৰপেটাৰোডৰ চৰকাৰী চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে ৰাধিকাক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে ৰাধিকা দাসে এইবেলি নৰনাৰায়ণ একাডেমীৰ পৰা মেট্ৰিক পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল যদিও উত্তীৰ্ণ হ’ব নোৱাৰিলে। পৰিয়ালৰ লোকে অনুৰ্তীৰ্ণ হোৱাৰ বাবেই এনে পন্থা হাতত লোৱা বুলি মত ব্যক্ত কৰিছে।