শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটী মহানগৰীত গ্ৰেনেড বিষ্ফোৰণ

গুৱাহাটী মহানগৰীত গ্ৰেনেড বিষ্ফোৰণ

৬ জন আহত, এজনৰ অৱস্থা সংকটজনক

ডিজিটেল সংবাদ, গুৱাহাটীঃ আৰক্ষীৰ নিৰাপত্তা বেষ্টনি ভেদ কৰি আজি গুৱাহাটী মহানগৰীৰ জু-ৰোডস্থিত চি-চেণ্টলৰ সমীপত দুষ্কৃতিকাৰীয়ে বোমা নিক্ষেপ কৰে। জু-ৰোডৰ উক্ত স্থানত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে নিয়মিত তালাচী অভিযান অব্যাহত ৰাখে আৰু এই নিৰাপত্তা বাহিনীক লক্ষ্য কৰিয়েই দুষ্কতিকাৰীয়ে বোমা নিক্ষেপ কৰা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে উক্ত বোমাটো গ্ৰেনেড বুলি সন্দেহ কৰিছে আৰু ঘটনাৰ লগত আলফা (স্বাধীন) জড়িত থকাৰ সন্দেহব্যক্ত কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি আজি সন্ধিয়া ৮ বজাত বিপৰীত দিশৰ পৰা বাইকত অহা দুষ্কৃতিকাৰীয়ে বোমাটো নিক্ষেপ কৰি পলায় যায়। উক্ত বোমা বিস্ফোৰণৰ ফলত ১১জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে এজনৰ অৱস্থা সংকটজনক।

প্ৰাপ্ত তথ্য অনুসৰি ইয়াৰে ৬জন লোকক জি এম চি এইচত ভৰ্তি কৰোৱা হয় যদিও দুজনক উন্নত চিকিৎসাৰ বাবে নেমকেয়াৰ হস্পিতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে  চিকিৎসালয়খনত বোমা বিস্ফোৰণত আহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱানক ভৰ্তি কৰোৱা হয়। জি চি এইচত ভৰ্তি কৰোৱা এছ এছ বিৰ জোৱান দুজন অমূল্য লালন আৰু ৰমেশ লাল বুলি জানিব পৰা গৈছে। আনহাতে বোমা বিস্ফোৰণত আহত পিতৃ-কন্যা অমিত খাছাৰ আৰু ৰিচা খাছাৰক নেমকেয়াৰলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে। ইপিনে বোমা বিস্ফোৰণত আহত আন ৫ গৰাকীক গীতানগৰস্থিত কে জি এম টি হস্পিতালত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে। বাতৰি লিখা পৰলৈকে লাভ কৰা তথ্য অনুসৰি কে জি এম টি হস্পিতালত কল্যাণ বৈশ্য, লালা কুমাৰ যাদৱ, হীৰকজ্যোতি বৰুৱা, ফাৰহানা ৰহমানক ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলিত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিৰাপত্তা সকলৰ দিশ পৰ্যালোচনা কৰিছে। বোমা বিস্ফোৰণৰ ঘটনাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৰিহণা দিয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানক এই ক্ষেত্ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।