শেহতীয়া খবৰ
Home / ৰাজনীতি / তৃণমূলকৰ্মীৰ বিদ্ৰোহৰ পিছতে অগপত সংস্কাৰৰ জোৱাৰ

তৃণমূলকৰ্মীৰ বিদ্ৰোহৰ পিছতে অগপত সংস্কাৰৰ জোৱাৰ

শৃংখলা ৰক্ষাৰ বাবে অনুশাসন কমিটীৰ অনুমোদন


ষ্টাফ ৰিপ’ৰ্টাৰ ৰিপ’ৰ্টাৰ, গুৱাহাটী : বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ পিছতে তৃণমূল কৰ্মীসকলৰ মাজত বিদ্ৰোহৰ সৃষ্টি হোৱাৰ পিছতে অগপৰ ভিতৰচ’ৰাত দুটা ফৈদৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছিল। এফালে মিত্ৰতাৰ সপক্ষত থকা অতুলপন্থী, আনফালে প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। কেব সমৰ্থনকাৰী প্ৰাৰ্থীক ভোট নিদিবলৈ মুক্তভাৱে আহবান জনোৱা প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৃণমূল কৰ্মীসকলৰ বিদ্ৰোহৰ পিছতে অগপত জোকাৰণিৰ সৃষ্টি পৰিলক্ষিত হৈছিল। ইফালে কাৰ্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰি অগপৰ কেন্দ্ৰীয় নেতৃত্বই বিদ্ৰোহ দমনৰ বাবে চেষ্টা চলোৱা বুলি একাংশ সচেতন মহলে মন্তব্য প্ৰকাশ কৰি আহিছিল। তাকেই পুনৰ এবাৰ প্ৰমাণিত কৰি অগপৰ সংবিধান সলনি কৰিবলৈ ওলাইছে আঞ্চলিকতাবাদী দলটোৱে। লক্ষণীয়ভাৱে কেৱল গাদী ৰক্ষাৰ স্বাৰ্থতে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সংবিধান সংশোধনৰ জৰিয়তে যাতে বিদ্ৰোহ দমন কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰিবলৈ ওলোৱা বুলি একাংশ সচেতন মহলে অভিযোগ কৰা পৰিলক্ষিত হৈছে।

ইপিনে আজি অগপৰ মুখ্য কাৰ্যালয়ত সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। সভাত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকা, ফণীভূষণ চৌধুৰীকে ধৰি শীৰ্ষ স্থানীয় নেতৃত্ব উপস্থিত থাকে যদিও প্ৰফুল্ল কুমাৰ মহন্তৰ উপস্থিতি পৰিলক্ষিত নহ’ল। আজিৰ সভাত নগাঁও কাগজ কল, কাছাৰ কাগজ কল, যোগীঘোপা অশোক কাগজ কল পুনজ্জীৱিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে সাংবিধানিক ৰক্ষাকৱচ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কেন্দ্ৰত উপস্থাপন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। এন আৰ চি সন্দৰ্ভতো দলে প্ৰস্তাৱ অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াটোত বাধা দিবলৈ একাংশ দল-সংগঠনে ষড়যন্ত্ৰ চলোৱা বুলি মত-পোষণ কৰাৰ লগতে এখন শুদ্ধ এন আৰ চি প্ৰকাশৰ বাবে ৰাজ্যিক সমন্বয়কক সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইপিনে সাধাৰণ পৰিষদৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা আন বিষয়সমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল সংবিধান সংশোধনীৰ কমিটী গঠন আৰু দলৰ শৃংখলা ৰক্ষাৰ বাবে অনুশাসন কমিটী গঠন।

আজিৰ সভাত লোকসভা নিৰ্বাচনৰ সময়ছোৱা আৰু নিৰ্বাচনৰ পিছত সমষ্টিভিত্তিক হোৱা পৰ্যালোচনাত জিলা সমিতিসমূহৰ অভিযোগসমূহৰ ভিতৰত বিতংভাৱে পৰীক্ষা কৰিবলৈ এখন অনুশাসন কমিটী গঠন কৰিবলৈ দলৰ সভাপতি অতুল বৰাক কৰ্তৃত্ব প্ৰদান কৰে। ইপিনে সাধাৰণ পৰিষদৰ সভাই অগপক আমবাৰী কেন্দ্ৰিক কৰাৰ বিপৰীতে সমষ্টি, আৰু জিলাভিত্তিত কৰ্মীসভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )