শেহতীয়া খবৰ
Home / আঞ্চলিক / বটদ্ৰৱাৰ ছলাপথাৰত চাঞ্চল্যকৰ হত্যা কাণ্ডঃ পাৰিবাৰিক কন্দলৰ বাবেই পাষণ্ড স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক

বটদ্ৰৱাৰ ছলাপথাৰত চাঞ্চল্যকৰ হত্যা কাণ্ডঃ পাৰিবাৰিক কন্দলৰ বাবেই পাষণ্ড স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক

ডিজিটেল সংবাদ, টুকটুকীঃ বটদ্ৰৱাৰ চলাপথাৰত এক চাঞ্চল্যকৰ হত্যা কাণ্ডই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নিজ স্বামীয়ে পত্নী ফাৰহানা খাতুনক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে দীৰ্ঘ দিন স্বামী-স্ত্রীৰ পাৰিবাৰিক কণ্ডলৰ পৰিনতিত স্বামী ইক্ৰামুলে পৰিকল্পিত ভাবে নিজ পত্নী ফাৰহানাক প্ৰেট্ৰল ঢালি জ্বলাই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে পত্নী পৰিয়াল লোকৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ ধৃত ইক্ৰামুলক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে দোষীক শাস্তিৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য৷