শেহতীয়া খবৰ
Home / আঞ্চলিক / ব্যৱসায়িক ধন দাবীঃ  যোগীঘোপাত স্বয়ম্ভূ সাংবাদিকক জেল হাজোতলৈ প্ৰেৰণ

ব্যৱসায়িক ধন দাবীঃ  যোগীঘোপাত স্বয়ম্ভূ সাংবাদিকক জেল হাজোতলৈ প্ৰেৰণ

মনোৱাৰ হুছেইন, যোগীঘোপাঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত দলনীবিল গাঁৱৰ ব্যৱসায়ী এগৰাকীক কৰা ধন দাবীৰ অভিযোগত স্বয়ম্ভূ সাংবাদিক এগৰাকীক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। স্বয়ম্ভূ সাংবাদিক গৰাকী কৰেয়া পাহাৰ গাঁওৰ কাশেম আলীৰ পুত্ৰ কাদেৰ আলী(২৯) বুলি জনা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, স্বয়ম্ভূ সাংবাদিক কাদেৰ আলীৰ বিৰুদ্ধে যোগীঘোপাৰ দলনীবিল গাঁৱৰ ব্যৱসায়ী আব্দুৰ ৰহিমে ধন দাবীৰ অভিযোগ উত্থাপন কৰি যোৱা ১১ মে’ত যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৮৪/৩৪ অধীনত ১৯১/১৯ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি পলাতক হৈ থকা কাদেৰ আলীক বালাপাৰা পৰা গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে কাদেৰক গ্ৰেপ্তাৰ কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে কেইদিনমান পূৰ্বে  কাদেৰ আলী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাদ্দাম হুছেইন আৰু উপসভাপতি ইছমাইল হুছেইনে ব্যৱসায়ী আব্দুৰ ৰহিমৰ পৰা ৬০ হেজাৰ টকা দাবী কৰি বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল। ব্যৱসায়ী গৰাকীয়ে উপায়ন্তৰ হৈ উক্ত ধনৰাশিৰ ২০ হেজাৰ টকা আদায় দিয়ে যুৱকৰ দলটোক। যুৱকৰ দলটোৱে বাকী ৪০ হেজাৰ টকা দাবী কৰি বিভিন্ন ধৰনৰ ভয় ভাবুকি দেখুৱাইছিল। যুৱক কেইজনৰ এনে ধনদাবীত অতিষ্ঠ হৈ অৱশেষত ব্যৱসায়ীজনে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰে। ব্যৱসায়ী গৰাকীয়ে থানাত এজাহাৰ দাখিল কৰা খবৰ লাভ কৰি যুৱক কেইগৰাকীয়ে পলাতক হৈ আছিল। অৱশেষত আজি আৰক্ষীয়ে পুৱা বালাপাৰাৰ পৰা কাদেৰ আলীক গ্ৰেপ্তাৰ কৰে যদিও ছাদ্দাম হুছেইন আৰু ইছমাইল হুছেইন সম্প্ৰতি পলাতক হৈ আছে বুলি জনা গৈছে । ইপিনে আৰক্ষীয়ে কাদেৰ আলীক গ্ৰেপ্তাৰ কৰা খবৰ লাভ কৰি চলন্তাপাৰা বেছিমাৰীৰ এগৰাকী যুৱক থানাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে, কিছুদিন পূৰ্বে কাদেৰ আলীয়ে নিজকে ভাৰত মেডিয়া ২৪ৰ লগতে আন কেইবাটাও ফেছবুক পৃষ্ঠাৰ সাংবাদিক বুলি পৰিচয় দি বেছিমাৰী গাঁৱত এখন ট্ৰেক্টৰ আটক কৰি ধনদাবী কৰে। পিছত কাদেৰ আলীয়ে যুৱক গৰাকীক চলন্তাপাৰাৰ জনৈক শৰ্মা নামৰ এগৰাকী লোকৰ ঘৰত তেওঁৰ কাৰ্যালয় আছে বুলি মাতি পঠিয়াই।