শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাট আৰক্ষীৰ জালত দুই ম’বাইল চোৰ

যোৰহাট আৰক্ষীৰ জালত দুই ম’বাইল চোৰ

ডিজিটেল সংবাদ, যোৰহাটঃ এইবাৰ যোৰহাট আৰক্ষীৰ জালত পৰিছে দুই ম’বাইল চোৰ। কালি নিশা আৰক্ষীয়ে অভিযান চলাই দুটা ম’বাইল চোৰক গ্ৰেপ্তাৰ কৰিছে। ধৃত চোৰ দুটা হল দেৰগাঁও বালিজানৰ জালু শ্বেখ (৪৫) আৰু যোৰহাট পটীয়াগাৱঁৰ বিশ্ব শইকীয়া (২৩)। ধৃত চোৰ দুটাৰ পৰা দুটা এণ্ডৰয়ড ম’বাইল উদ্ধাৰ কৰিছে। ধৃত জালু শ্বেখৰ বিৰুদ্ধে আৰক্ষীয়ে ৬৩৮/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি ৩৮০ ধাৰা অনুসৰি আৰু বিশ্ব শইকীয়াৰ বিৰুদ্ধে ১১৩১/১৯ নম্বৰত একে ধাৰাতে গোচৰ পঞ্জীয়ন কৰি আজি জেললৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, নগৰৰ দেৱাল ৰ’ড আৰ্দশ নগৰৰ মনোজ তুড়ি নামৰ এজনে তেওঁৰ ঘৰৰ পৰা যোৱা মাৰ্চ মাহতে ম’বাইল চোৰ হোৱাৰ এজাহাৰৰ দাখিল কৰিছিল। আনহাতে জেইল ৰ’ডৰ পংকজ লাহন নামৰ এজন তেওঁৰ ম’বাইল চোৰ হোৱা বুলি অভিযোগ দিছিল। আজি ধৃত চোৰ দুটাক জেললৈ প্ৰেৰণ কৰা হয়৷