শেহতীয়া খবৰ
Home / আঞ্চলিক / মহানুভৱতাঃ হেৰাই পোৱা ধন বেংক কৰ্তৃপক্ষক ওভতালে যোৰহাটৰ যুৱকে

মহানুভৱতাঃ হেৰাই পোৱা ধন বেংক কৰ্তৃপক্ষক ওভতালে যোৰহাটৰ যুৱকে

ডিজিটেল সংবাদ, যোৰহাটঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটত কিচুদিনৰ পৰা সংঘটিত হৈছে বহু অপৰাধজনিত ঘটনা৷ বিশেষকৈ বিভিন্ন সময়ত বিভিন্নজনৰ পৰা চোৰে টকা চুৰি কৰি নিয়াৰ সমান্তৰালকৈ অতি কৌশলেৰে বহু গ্ৰাহকৰ এ টি এম ৰ পৰা হৰলুকি কৰিছে টকা৷ কিন্তু ইয়াৰ মাজতে আজি যোৰহাটত দেখা গ’ল অন্য এক নিৰ্দশন৷ এ টি এমত হেৰাই পোৱা ধন বেংক কৰ্তৃপক্ষক চমজাই দিলে যোৰহাটৰ এজন যুবকে৷ পশ্চিম যোৰহাট পুলিবৰৰ সচেতন যুৱক তথা “অসমীয়া খবৰ”ৰ কৰ্মচাৰী প্ৰসেনজিৎ খাউণ্ডে নগৰৰ তৰাজানৰ এটা এছ বি আই এটিএমত হেৰাই পাই নগদ ১০ হাজাৰ টকা৷ যুৱকজনে সেই টকাৰ প্ৰতি কোনো ধৰণৰ ললায়িত নহৈ এছ বি আইৰ কতকীপুখুৰী শাখাৰ লগত যোগাযোগ কৰে৷ পৰৰ্ৱতী সময়ত যুৱকজনে উক্ত ধনখিনি বেংকটোৰ শাখা প্ৰৱন্ধকৰ হাতত প্ৰদান কৰে৷ অসমীয়া খবৰৰ কৰ্মচাৰী তথা সচেতন যুৱক প্ৰসেনজিৎ খাউণ্ডৰ এনে মহানুভৱতাক শলাগ জ্ঞাপন কৰিছে বেংক কৰ্তৃপক্ষই৷ যি সময়ত যোৰহাট নগৰত এটিএম চুৰি কাণ্ডকে ধৰি টকাৰ লালসাত বহু যুৱকে বহু চুৰি কাণ্ড সংঘটিত কৰিছে, ঠিক সেই সময়তে যুৱকজনৰ এনে মহানুভৱতাই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে কিছুদিন পূৰ্বে তেনে এক অনুৰূপ ঘটনা যোৰহাটৰ তৰাজান এছ বি আই বেংকৰ এ টি এমত সংঘটিত হৈছিল৷ সেই সময়টো এটিএমটোত সমিৰণ গায়ন নামৰ এজন যুৱকে নগদ ১০ হাজাৰ টকা উদ্ধাৰ কৰি পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত প্ৰদান কৰিছিল।