শেহতীয়া খবৰ
Home / আঞ্চলিক / আৰ্থিক দৈন্যতাক নেওচি ধনশিৰিত উজ্জ্বলিল প্ৰেৰণাঃ মহকুমাৰ ভিতৰত ৯৫% পাই শীৰ্ষস্থানত

আৰ্থিক দৈন্যতাক নেওচি ধনশিৰিত উজ্জ্বলিল প্ৰেৰণাঃ মহকুমাৰ ভিতৰত ৯৫% পাই শীৰ্ষস্থানত

দেৱাশীষ শৰ্মা, সৰুপথাৰঃ সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতাই কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ মনৰ প্ৰৱল ইচ্ছা, একাগ্ৰতা থাকিলে সফলতা আপুনা আপুনি আহে৷ ইয়াৰ যেন জলন্ত উদাহৰণ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ প্ৰৰণা বৰা৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰুপথাৰৰ ১নং গন্ধকৰৈ গাওঁৰ বাসিন্দা তথা সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা প্ৰেৰণা বৰাই এইবাৰ সকলোকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৯৫ শতাংশ লাভ কৰি ধনশিৰি মহকুমাৰ ভিতৰতেই শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়৷ ১নং গন্ধকৰৈ গাওঁৰ আৰ্থিক ভাৱে দুৰ্বল খেতিয়ক পৰিয়ালৰ মদন বৰা আৰু মাখনি বৰাৰ জ্যেষ্ঠা কন্যা প্ৰেৰণাই অসমীয়াত ৯৫, ইংৰাজীত ৯২, গণিতত ৯৮, বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৯৬ আৰু ঐচ্চিক গণিতত ৯৭ সৰ্বমুঠ ৫৭০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ চৰকাৰী বিদ্যালয়ত পাঠগ্ৰহণ কৰা বাবে ইংৰাজী বিষয় শিক্ষকক চৰকাৰে এনআৰচিৰ দায়িত্ব দিয়াত শিক্ষাগ্ৰহনৰ পৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হোৱাত প্ৰেৰণাই ঘৰুৱা শিক্ষকৰ সহায় ল’বলগীয়া হয়৷ ইংৰাজীৰ লগতে গণিততো এনেদৰে শিক্ষকগৰাকী এনআৰচি কামত নিয়োজিত হৈ থকাত তেওঁৰ লগতে বিদ্যালয়খনৰ আন ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ঠ সমস্যাৰ সৃষ্টি হয় বুলি জনাই৷
আজৰি পৰত সাহিত্য চৰ্চা কৰি ভালপোৱা প্ৰেৰণাই কবিতা লিখে৷ তদুপৰি গ্ৰামাঞ্চলৰ চহা জীৱনৰ নিবিৰ সম্পৰ্ক থকা কৃষি কৰ্মটো পিতৃক পথাৰত ভু-ৰুই,কঠিয়া তুলি, জলপান দি সহায় কৰি আহিছে মেধা ছাত্ৰী প্ৰেৰণাই৷ ভৱিষ্যতে বিজ্ঞান শাখাত উচ্চ শিক্ষা গ্ৰহণ কৰি এগৰাকী সফল চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে প্ৰেৰণাই৷ বিদ্যালয়ৰ পৰা অহাৰ পাছত প্ৰত্যেক দিনা কি কি বিদ্যালয়ত পঢ়ালে তাৰ ওপৰত আলোচনা, বিশ্লেষণ কৰে প্ৰেৰণাই পিতৃ-মাতৃৰ সৈতে৷ মাতৃ মাখনি বৰায়ে অনুভৱ কৰে যে প্ৰত্যেক গৰাকী ছাত্ৰ বা ছাত্ৰীক যদি অভিভাৱকসকলে উপযুক্ত ভাৱে চোৱা-চিতাৰ দায়িত্ব পালন কৰি সুনাগৰিক হিচাবে গঢ়ি তোলে তেতিয়াই সমাজখন উন্নতি দিশত শান্তিৰে আগবাঢ়ি যাব৷ আৰ্থিক অনাটনৰ মাজেৰে সফলতা লাভ কৰা মেধাৱী ছাত্ৰী প্ৰেৰণা বৰাই গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ভিতৰত শীৰ্ষস্থান লাভ কৰাৰ কথা জনাৰ পিছত  লগে লগে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে প্ৰেৰণাৰ বাসগৃহলৈ গৈ অভিনন্দন জ্ঞাপন কৰি তাইৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আশীৰ্বাদ প্ৰদান কৰেগৈ৷ আন আন দল-সংগঠনসমূহৰ লগতে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই কালি ১নং গন্ধকৰৈ গাওঁৰ বাসগৃহলৈ গৈ অভিনন্দন জ্ঞাপন কৰে৷