শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটীত কলিতা জনগোষ্ঠী  সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিনিধিত্বমূলক মুকলি সভাৰ আহ্বান

গুৱাহাটীত কলিতা জনগোষ্ঠী  সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিনিধিত্বমূলক মুকলি সভাৰ আহ্বান

ডিজিটেল সংবাদ, যোৰহাটঃ পুনৰ একত্ৰিকৰণৰ দিশত আগবাঢ়িছে কলিতা জনগোষ্ঠীয় সংগঠনসমূহ। অসমৰ প্ৰাচীনতম জনগোষ্ঠী কলিতাসকল উচ্চ বংশৰ বুলি পৰিচয় পোৱাৰ সমান্তৰালভাৱে ৰাজনৈতিক, অৰ্থনৈতিক তথা কিছু ক্ষেত্ৰত সামাজিক দিশতো বহু বঞ্চনা তথা অৱহেলিত হৈ আহিছে। এইক্ষেত্ৰত শাসনৰ গাদী দখল কৰা প্ৰতিখন চৰকাৰ তথা জনগোষ্ঠীটোৰে একাংশ লোকৰ অৱহেলিত মনৰ প্ৰতিফলনেই আজিৰ সময়ত কলিতা জনগোষ্ঠী সৰ্বদিশতে পিছপৰি আছে বুলি বহু বিজ্ঞ লোকে ক’ব খোজে। তাৰ মাজতে আশাৰ সঞ্চাৰ কঢ়িয়াই কলিতাসকলৰ মূল এটি সংগঠন কলিতা জনগোষ্ঠী সন্মিলন, অসমত সৃষ্টি হোৱা দুটা ফৈদক একত্ৰিকৰণৰ যোগেদি জনগোষ্ঠীটোৰ বাকী সংগঠন তথা ৰাইজক একেখন মঞ্চৰ তললৈ অনাৰ প্ৰয়াস হাতত লৈছে কলিতা জনগোষ্ঠী সমন্বয়ৰক্ষী সমিতি নামৰ সংগঠনটোৰ নেতৃত্বই।
উল্লেখ্য যে, কিছুমান আভ্যন্তৰীণ কণ্ডলৰ পৰিণতিতেই কলিতা জনগোষ্ঠীত বিভিন্ন দাবী সজোৰে উত্থাপন কৰাত বহুসময়ত কলিতা জনগোষ্ঠীয় সংগঠনসমূহ তথা ৰাইজ বিফল হৈ আহিছে। সেয়ে এই বিষয়টো সহজভাৱে গ্ৰহণ নকৰি সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক দীপক মজুমদাৰ আৰু ২১ জনকৈ আহ্বায়কৰ নেতৃত্বত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ দুখন ৰাজ্যিক সমিতিক তথা দুয়োটা গোটক এক কৰাৰ কথা উত্থাপন কৰা হয়। সমন্বয়ৰক্ষী সমিতিৰ অন্যতম বিষয়ববীয়া মৃণাল দত্তই প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা অনুসৰি অহা ২০ মে’ৰ ভিতৰত উক্ত সংগঠনটোৰ দুয়োটা গোটক নিজৰ মতামত প্ৰকাশৰ বাবে সময়সীমা ধাৰ্য কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আনহাতে ইতিপূৰ্বেও দুয়োটা গোটক জনগোষ্ঠীটোৰ কল্যাণৰ স্বাৰ্থত একত্ৰিকৰণ কৰাৰ উদ্দেশ্যে বহুবাৰ সভা অনুষ্ঠিত কৰা হৈছিল যদিও তাত সংগঠনটোৰ দুয়োটা কোনো সঁহাৰি নজনালে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ইফালে, সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত ২৬ মে’ৰ পূৱা ১০ বজাৰ পৰা গুৱাহাটী, ৰূপনগৰস্থিত মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধিমূলক মুকলি সভাত সংগঠনটোৰপৰা প্ৰেৰণ কৰা উত্তৰৰ ওপৰত বিষদভাৱে আলোচনা কৰি কলিতা জনগোষ্ঠীৰ উত্তৰণ তথা উন্নয়নৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব। এতিয়া কলিতা। জনগোষ্ঠী সমন্বয়ৰক্ষী সমিতিৰ এই আহ্বানক কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ দুয়োটা গোটে কিমান গুৰুত্বসহকাৰে গ্ৰহণ কৰি দীৰ্ঘদিনীয়া এটা বিবাদ নিষ্পত্তি কৰে সেয়া হ’ব লক্ষণীয়। আহ্বায়ক মণ্ডলীয়ে জনাই যে উক্ত সভালৈ দুয়োটা গোটৰ নেতৃত্ববৰ্গই যদি নাহে তেন্তে জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত তেখেত সকলৰ আপত্তি  কৰা অধিকাৰসমূহ অন্ত পৰিব আৰু সভাই লোৱা সিদ্ধান্তই দুয়োটা গোটৰ নেতৃত্বই মানি ল’বই লাগিব। অধিক জানিবলৈ মূখ্য আহ্বায়ক ডাঃ দীপক মজুমদাৰ লগত ৮৬৩৮৩৩১৮২১ নম্বৰত আৰু আহ্বায়ক  মৃণাল দত্তৰ লগত ৭০০২৩৬৩৭৬৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।