শেহতীয়া খবৰ
Home / আঞ্চলিক / কলগাছিয়াত আমছুৰ সংৱাদ মেলঃ এন আৰ চি’ৰ ভুৱা আপত্তিৰ বিৰুদ্ধে ২১ মে’ত দিল্লীত ধৰ্মঘটৰ আহ্বান

কলগাছিয়াত আমছুৰ সংৱাদ মেলঃ এন আৰ চি’ৰ ভুৱা আপত্তিৰ বিৰুদ্ধে ২১ মে’ত দিল্লীত ধৰ্মঘটৰ আহ্বান

ৰিঞ্জুৱাৰা পাৰবিন, কলগাছিয়াঃ ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণ প্ৰক্ৰিয়াত দাৱী আৰু আপত্তিৰ নামত সংখ্যালঘু সকলক এক দুষ্টচক্ৰই একপক্ষীয় আৰু অবৈধভাৱে আপত্তি কৰি অন্যায়-অত্যাচাৰ-হাৰাশাস্তি কৰাৰ বিৰুদ্ধে দিল্লীৰ জন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি আজি কলগাছিয়াত অনুষ্ঠিত সংবাদমেলত ঘোষণা কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।তেওঁ আৰু কয় এন আৰ চি বিধি মতে আপত্তিৰ সুযোগ আছে যদিও প্ৰকৃতাৰ্থত উক্ত বিধি উলংঘা হৈছে। আপত্তিকাৰী সকলৰ শুদ্ধ পৰিচয় নাই আৰু তেনে আপত্তি কি স্বাৰ্থত গ্ৰহণ কৰা হৈছে বুলি প্ৰশ্ন কৰি শুনানিত আপত্তি কাৰী সকল উপস্থিত নাথাকি প্ৰথম আৰু দ্বিতীয় খচৰাত নাম প্ৰকাশ হোৱা সংখ্যালঘু ৰাইজক অন্যায় ভাৱে হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰে। বিষয়টো ৰাষ্টীয় স্তৰলৈ লৈ গৈ প্ৰতিবাদ কৰাৰ সিদ্ধান্তৰে অহা ২১ মে’ত দিল্লীৰ যন্তৰ মন্তৰৰ আমছুৱে গ্ৰহন কৰিব ধৰ্মঘটৰ কাৰ্য্যসুচী।ইয়াৰোপৰি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামেও সংবাদমেলত পাতি অবৈধ আপত্তিৰে ৰাইজক হাৰাশাস্তি বন্ধ কৰিবলৈ দাবী জনায়। সংবাদমেলত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ইউনুছ আলী আহমেদ, কলগাছিয়া সমিতিৰ সভাপতি ফিৰদৌছ আলী, কৃষক মুক্তিৰ শহানুৰ ইছলাম প্ৰমুখ্যে ছাত্ৰ নেতা সকলে উপস্থিত থাকে।