শেহতীয়া খবৰ
Home / আঞ্চলিক / গোৱালপাৰাত খহনীয়া প্ৰতিৰোধৰ নামত ৪.৫ কোটি টকা শৰাধ, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

গোৱালপাৰাত খহনীয়া প্ৰতিৰোধৰ নামত ৪.৫ কোটি টকা শৰাধ, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

খহনীয়া সৰ্বস্বান্ত শ শ নৈপৰীয়া ৰাইজ, প্ৰতিৰোধৰ কামৰ নামত ভেঁকো-ভাওনা

গণ বাৰ্তা বিশেষ, গোৱালপাৰা : গোৱালপাৰা জিলাৰ বলদমাৰী চৰৰ পৰা জলেশ্বৰলৈকে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ প্ৰতি মুহূৰ্তত চপৰা-চপৰকৈ পাৰৰ মাটি নৈৰ বুকুত বিলীন হৈ পৰিছে৷ ইয়াৰ লগে লগে নৈপৰীয়া শ শ পৰিয়ালে ঘৰ-বাৰী, খেতি-মাটি হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হৈছে৷ খহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহে অঘৰী জীৱন-যাপন কৰিবলৈ বাধ্য হৈছে৷ নৈৰ বুকুত প্ৰাথমিক বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, মছজিদ-মাদ্ৰাছা জাহ গৈছে৷ চৰকাৰী তথ্য মতে বলদমাৰী চৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ৩৩৪৮ বিঘা ১ কঠা ১৫ লেচা মাটি জাহ গৈছে৷ তদুপৰি ৪০৭টা পৰিয়াল ক্ষতিগ্ৰস্ত আৰু গৃহহীন হোৱা বুলিও একেখন তথ্যত প্ৰকাশ পাইছে৷ লক্ষণীয় যে চৰকাৰী তথ্য মতেই খহনীয়াত গৃহহীন হোৱা বলদমাৰী চৰৰ পৰিয়ালসমূহে সমীপৱৰ্তী প্ৰস্তাৱিত ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা বুলি উল্লেখ কৰা হৈছে যদিও অধিকাংশ পৰিয়ালেই পেটৰ তাড়নাত কাম বিচাৰি উজনি অসমলৈ যোৱা বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে৷ উল্লেখ্য যে বলদমাৰী চৰৰ খহনীয়া প্ৰতিৰোধৰ নামত আৰ আই ডি এফ আঁচনিৰ অধীনত নাবাৰ্ডে প্ৰায় ৪.৫০ কোটি টকা আবটন দিছে৷ উক্ত ধনৰাশিৰ সঠিকভাৱে ব্যৱহাৰ কৰিলে খহনীয়াৰ কৰাল গ্ৰাসৰ পৰা ৰাইজে কিছু পৰিমাণে সকাহ পালেহেঁতেন৷ কিন্তু অকৰ্মণ্য জলসম্পদ বিভাগে খ’ৰালি কালত আঁচনিখৰ কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে লুণ্ঠনৰ স্বাৰ্থত বাৰিষা কালতহে কাম আৰম্ভ কৰিছে৷ ৰাইজৰ অভিযোগ মতে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ সলনি পাৰ্কিউপাইন পেলাই সমস্ত ধনৰাশি একাংশ দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰে মিলি লুণ্ঠন চলাইছে৷ বাৰিষাৰ সময়ত পাৰ্কিউপাইন পেলোৱাৰ কাম আৰম্ভ কৰাৰ ফলত তিল পৰিমাণেও খহনীয়া প্ৰতিৰোধ হোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে৷ ফলত আবটিত প্ৰায় ৪.৫০ কোটি টকা সম্পূৰ্ণৰূপে পানীত পৰা বুলি ৰাইজৰ অভিযোগত প্ৰকাশ৷ ৰাইজৰ অভিযোগ মতে কিছুসংখ্যক পাৰ্কিউপাইন পেলাই কাগজে-পত্ৰই প্ৰাককলন অনুসৰি পাৰ্কিউপাইন পেলোৱা বুলি দেখুৱাই আবটিত ধনৰাশি আত্মসাৎ কৰা হৈছে৷ গৰাখহনীয়াই মোৰ সৰ্বস্ব কাঢ়ি নিলে৷ ঘৰ বাৰী, মাটি-সম্পত্তি সকলো শেষ৷ পৰিয়াললৈ ক’ত থাকিম, কি খাই জীয়াই থাকিম তাৰ কোনো ৰাস্তাই দেখা নাই৷ খহনীয়াত প্ৰায় ৭০ বিঘা মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা ৬৫ বছৰীয়া বৃদ্ধ ওছমান আলীৰ কৰুণ আৰ্তনাদ এয়া৷ তেওঁৰ দৰেই অঞ্চলটোৰ শ শ পৰিয়ালে খহনীয়াত সৰ্বস্ব হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হৈছে৷ বলদমাৰী চৰৰ প্ৰায় এহাজাৰটা পৰিয়ালে ভয়ংকৰ দুৰ্দশাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষই খহনীয়াত সৰ্বহাৰা হোৱা পৰিয়ালসমূহৰ পুনঃসংস্থাপনৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ এনে অৱস্থাত প্ৰায় ৪.৫০ কোটি টকীয়া আঁচনিৰ কামৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে খহনীয়া সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহৰ পুনঃসংস্থাপনৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নৈপৰীয়া জনতাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনাইছে৷