শেহতীয়া খবৰ
Home / আঞ্চলিক / জাঁজী হাঁহচৰাৰ পৰা ছুটি ছবি নিৰ্মাণৰ প্ৰস্তুতিঃ মূহুৰত সম্পন্ন

জাঁজী হাঁহচৰাৰ পৰা ছুটি ছবি নিৰ্মাণৰ প্ৰস্তুতিঃ মূহুৰত সম্পন্ন

ডিজিটেল সংবাদ, জাঁজীঃ যোৰহাট জিলাৰ জাঁজী হাঁহচৰাৰ পৰা এখন ছুটি ছবি নিৰ্মাণৰ যো-জা চলিছে। সাংস্কৃতিক কৰ্মী সুৰজিৎ হাতীমুৰীয়াৰ কাহিনী, চিত্ৰনাট্যৰ আধাৰত নিৰ্মাণ হব লগা ইনজুডিচিয়াছ ( INJUDICIOUS) নামৰ ছুটি ছবিখন পৰিছালনা কৰিব ৰাজশ্ৰী ফুকনে। ইতিমধ্যে যোৱা দেওবাৰ ১২ মে তাৰিখে  জাঁজী হাঁহচৰাত ছবিখনৰ শুভমুহুৰত সম্পন্ন হৈ যায়। জাঁজী হাঁহচৰাৰ ৰঞ্জিত গোঁহাইৰ বাসগৃহত অনুষ্ঠিত হোৱা শুভমুহুৰত অনুষ্ঠানত কেমেৰা অন কৰে দিগন্ত সন্দিকৈয়ে। চুটি ছবিখনত অভিনয় কৰিছে  ড০ লক্ষিমী গগৈ, শ্যামলী চেতিয়া, শেৱালী শৰ্মা, বিধান হাজৰিকা, ৰঞ্জিত দাস আৰু নৃত্যাঞ্জলী ডাঞ্চ একাডেমীৰ প্ৰশিক্ষাৰ্থী সকলে। হাঁহচৰা অঞ্চলৰ পৰা পোনপ্ৰথমবাৰৰ বাবে নিৰ্মাণ হ’বলগীয়া এই চুটি ছবিখনৰ পৰিচালিকা ৰাজশ্ৰী ফুকনে প্ৰকাশ কৰা অনুসৰি কম বাজেটৰ ছবিখনৰ দৃশ্যগ্ৰহণ হাঁহচৰা আৰু ইয়াৰ আশে পাশে সম্পন্ন কৰা হ’ব।