শেহতীয়া খবৰ
Home / আঞ্চলিক / আমগুৰিত আৱকাৰী বিভাগৰ সুৰা বিৰোধী অভিযানত উৎফুল্লিত জনসাধাৰণঃ আৱকাৰী বিভাগক অধিক তৎপৰ হোৱাৰ আহ্বান

আমগুৰিত আৱকাৰী বিভাগৰ সুৰা বিৰোধী অভিযানত উৎফুল্লিত জনসাধাৰণঃ আৱকাৰী বিভাগক অধিক তৎপৰ হোৱাৰ আহ্বান

ডিজিটেল সংবাদ, জাঁজীঃ শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰ এলেকাত  জিলা আৱকাৰী বিভাগৰ তৎপৰতাত শেহতীয়াকৈ আৰম্ভ কৰা সুৰা বিৰোধী অভিযানত অসাধু সুৰা ব্যৱসায়ীসকল স্ত্ৰস্তমান হৈ পৰাৰ বিপৰীতে উৎফুল্লিত হৈ পৰিছে জনসাধাৰণ। উল্লেখযোগ্য যে যোৱা কেইদিনমান ধৰি শিৱসাগৰৰ আৱকাৰী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু আমগুৰিৰ আৱকাৰী পৰিদৰ্শক কংকণ বৰাৰ নেতৃত্বত আৰু আৰক্ষীৰ সহযোগত আৱকাৰী বিভাগে আমগুৰি ৰাজহ চক্ৰ এলেকাৰ বিভিন্ন স্থানত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই হাজাৰ হাজাৰ লিটাৰ চুলাই মদ বিনষ্ট কৰাৰ লগতে বহু সংখ্যক চুলাই ভাটি উৎখাত কৰিছে। ইফালে আৱকাৰী বিভাগে যোৱা ১৫ মেৰ পুৱা ফুলপানীছিগাৰ পুৰণিমেলীয়াৰ এটা চুলাই ভাতি ধংস কৰাৰ লগতে ভাতিটোৰ গৰাকী বিপিন গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কিন্তু ইয়াৰ পাছতো অঞ্চলটোত বন্ধ হোৱা নাই চুলাই মদৰ উৎপাদন আৰু সৰবৰাহ কাৰ্য।  উদাহৰণ স্বৰূপে ফুলপানীছিগাৰ চাংমাই গাঁও আৰু মাজুমেলীয়া গাঁৱত বহুকেইজন সুৰা ব্যৱসায়ীয়ে চুলাই মদৰ লগতে দেশী আৰু বিদেশী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে এইসকল অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৱকাৰী বিভাগক দাবী জনাইছে।
ইফালে আমগুৰি দেওৰজা অঞ্চলত এতিয়াও পূৰ্ণোদ্যমে ছলি আছে চুলাই মদৰ উৎপাদন আৰু বিক্ৰী কাৰ্য। একালত আহোম স্বৰ্গদেউ  চুৰেংমুং (দেওৰজা)ই জীৱন্তে সমাধি লোৱা মৈদামৰ বাবে বিখ্যাত হৈ পৰা দেওৰজা অঞ্চল এতিয়া বিখ্যাত চুলাই ভাটিৰ বাবে। অঞ্চলটোত প্ৰায় ঘৰে ঘৰে চুলাই ভাটি। দেওৰজাৰ পথাৰচুকৰ মুঠ ২৮ ঘৰ লোকৰ ভিতৰত ১৭ ঘৰেই প্ৰস্তুত কৰে বিষাক্ত চুলাই মদ। স্থানীয় ৰাইজৰ অভিযোগ মতে পথাৰচুকৰ জনৈক প্ৰণৱ নামৰ যুৱক জনে ঘৰত চুলাই মদ তৈয়াৰ কৰাৰ লগতে অঞ্চলটোত লালীগুৰ যোগান ধৰি আহিছে। গাঁওখনৰ ৰঞ্জন আৰু বসন্ত নামৰ দুই কুখ্যাত চুলাই বেপাৰীয়েও আন সকলৰ লগত চুলাই তৈয়াৰ কৰি আছে। দেওৰজা কুমাৰচুকৰ প্ৰশান্ত (পিতৌ)নামৰ আন এটা চুলাই ব্যৱসায়ীও কৌশলেৰে অব্যাহত ৰাখিছে চুলাই বেপাৰ। এইটো ধূৰ্ত সুৰা ব্যৱসায়ীয়ে নিশাৰ ভিতৰতে চুলাই তৈয়াৰ কৰি তৈয়াৰী চুলাই আন স্থানত মজুত কৰি আৱকাৰীৰ চকুত ধুলি মাৰি আহিছে। আনহাতে এই বিষাক্ত চুলাই তৈয়াৰী কাৰ্যত ব্যৱহৃত লালীগুৰ সৰবৰাহ কাৰ্য্যত জৰিত আছে অঞ্চলটোৰ মুকুট শইকীয়া নামৰ লালীগুৰৰ কুখ্যাত ব্যৱসায়ী। শিৱসাগৰ জিলা প্ৰশাসনে লালীগুৰৰ সৰবৰাহ আৰু ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো কি মন্ত্ৰৰ বলত মুকুটে লালীগুৰৰ ব্যৱসায় কৰি আছে সেয়া ৰহস্যজনক কথা। এইজন চতুৰ ব্যৱসায়ীয়ে বৰ্তমান লালীগুৰৰ গুদাম হিচাপে ব্যৱহাৰ কৰিছে দিকচু এটা স্থান। ইয়াৰ পৰাই প্ৰতি দিনে পুৱতি নিশা ২-৩ বজাত মুকুটে ডাম্পাৰৰ দ্বাৰা চুলাই ভাটিসমুহত যোগান ধৰে লালীগুৰ। দেওৰজাৰ পথাৰচুকৰ প্ৰণৱ নামৰ ব্যৱসায়ীটোৱে সম্প্ৰতি মুকুট শইকীয়াৰ লালীগুৰৰ অন্যতম বিতৰক বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। প্ৰশাসন আৰু আৰক্ষী বিভাগৰ লগত হাত-বাত কৰি থকা ৰঞ্জন, প্ৰশান্ত, প্ৰণৱ মুকুটৰ দৰে অসাধু ব্যৱসায়ীক  এতিয়া  শিৱসাগৰ জিলাৰ দক্ষ আৱকাৰী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু আমগুৰিৰ আৱকাৰী পৰিদৰ্শক কংকণ বৰাই  ঢুকি পাবনে নাপাই সেয়া সন্দেহৰ বিষয়‌।