শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাটত স্কুলীয়া ছাত্ৰীৰ আত্মহত্যা

যোৰহাটত স্কুলীয়া ছাত্ৰীৰ আত্মহত্যা

ডিজিটেল সংবাদ, যোৰহাটঃ যোৱা নিশা যোৰহাট ডনবস্ক হাই স্কুল, বাঘচুঙৰ এগৰাকী নৱমান শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ চহৰখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত ছাত্ৰী গৰাকী হৈছে যোৰহাটৰ বঙালপুখুৰীৰ ত্ৰিনিতি বৰদলৈ। আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা মতে ছাত্ৰীগৰাকীয়ে নিজৰ কোঠাত চিপজৰী লৈ আত্মহত্যা কৰে। অত্যাধিক পঢ়াৰ বোজাৰ বাবে ছাত্ৰীগৰাকীয়ে আত্মহননৰ দৰে পথ বাচি লয় বুলি আৰক্ষীৰ লগতে পৰিয়ালৰ লোকে সন্দেহ কৰিছে। ত্ৰিনিতি বঙালপুখুৰীৰ দিব্যজ্যোতি বৰদলৈ আৰু লীনা বৰদলৈৰ কণ্যা । ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিছে।