শেহতীয়া খবৰ
Home / আঞ্চলিক / আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ সম্পন্ন

আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ সম্পন্ন

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু অগ্ৰগামী স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত খুটিকটিয়া প্ৰগতি সমাজৰ ৰাজহুৱা সভাগৃহত আজি এখন  বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত হৈ যায়। উক্ত স্বাস্থ্য শিৱিৰটি শুভ উদ্বোধন কৰে আইন সেৱা প্ৰাধিকাৰীৰ নগাঁৱৰ সম্পাদিকা তথা অতিৰিক্ত মূখ্যন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে। অঞ্চলৰ শতাধিক স্থানীয় লোকে অংশ গ্ৰহণ কৰা স্বাস্থ্য শিৱিৰটিত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক ডাঃ কুমুদ বৰা আৰু ডাঃ জয়শ্ৰী পাঠক উপস্থিত ৰোগৰ প্ৰতিকাৰৰ ওপৰত বিষদভাবে আলোচনা কৰাৰ লগতে ৰাইজৰ পৰীক্ষা কৰে। তদুপৰি, ৰোগীসকলৰ মাজত বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। স্বেচ্ছাসেৱী সংগঠনটোৰ সভানেত্রী তথা আইন সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামীৰ তত্বাৱধানত আয়োজিত স্বাস্থ্য পৰীক্ষা শিৱিৰত চুমি বৰদলৈৰ লগতে অধিবক্তা চিম্পী বৰা, অৰ্ধআইনী সহায়ক ক্ৰমে পাপুমনি বৰা, দ্বীপেন শইকীয়া উপস্থিত থাকে। আইন সেৱা প্ৰাধিকাৰীৰ এনে প্ৰচেষ্টাক স্থানীয় ৰাইজে শলাগ লৈছে।