শেহতীয়া খবৰ
Home / আঞ্চলিক / সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত জাতীয় শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৪ তম মৃত্যু দিৱস

সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত জাতীয় শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৪ তম মৃত্যু দিৱস

ডিজিটেল সংবাদ, বিহালী/জিনজিয়াঃ আজি জাতীয় শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৪ তম মৃত্যু দিৱসত সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সমিতিৰ সহযোগত বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে স্মৰণ কৰে। প্ৰথমে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে পূৱ শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া সুহাস কদমে। পাছত পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন ও বন্তি প্ৰজ্বলন কৰে প্ৰধান শিক্ষক চিত্তৰঞ্জন ৰয়ে। ইয়াৰ পাছতে সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক শ্ৰীমন্ত দাসে উদ্দেশ্য ব্যাখ্যা কৰা  স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্ৰীয় সভাপতি বিপুল কুমাৰ মেধিয়ে। সভাত শিক্ষাবিদ ইন্দ্ৰেশ্বৰ কটকী, জ্যেষ্ঠ সাংবাদিক, শিক্ষাবিদ প্ৰদীপ কুমাৰ শৰ্মা, অমিতাভ বৰুৱা, সমাজকৰ্মী শ্নিগ্ধা মহন্ত হাজৰিকা, বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জীৱন চন্দ্ৰ নাথ, সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি মঃ ইমদাদ আলী, যোৰহাট সমিতিৰ হৈ প্ৰতিনিধিত্ব কৰে চৈয়দ ৱাছিম ৰহমানে,
মানৱ অধিকাৰ কৰ্মী ৰিতু বৰা, চৰ চাপৰি সাহিত্য সভাৰ সভাপতি মঃ খাদেম আলী, সাংবাদিক বীৰেন্দ্ৰ নাথ গোস্বামী, বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষ চিত্তৰঞ্জন ৰয়, শিক্ষক বিশ্বজিৎ ৰয় প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সভাত ভাষণৰ আঁত ধৰে সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় জ্যোতিষ পাতিৰ, নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে ভুৱন শইকীয়াই, তাৰ সমান্তৰালকৈ শ্বহীদ পৰাগ কুমাৰ দাসৰ ওপৰত ভাষণ দিয়ে ক্ৰমে, ইন্দ্ৰেশ্বৰ কটকী, বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জীৱন চন্দ্ৰ নাথ, জ্যেষ্ঠ সাংবাদি বীৰেন্দ্ৰ নাথ গোস্বামী আৰু অমিতাভ বৰুৱাই । সভাত পৰাগ দাসৰ সোঁৱৰণত স্বৰচিত কবিতা পাঠ কৰে তেজপুৰৰ ধৰিত্ৰী শ্ৰাৱন, স্নিগ্ধাশিখা গোস্বামী হাজৰিকা আৰু খগেন মটকে । সভাই পৰাগ কুমাৰ দাসৰ লগতে মুঠ ৩০ জন সাংবাদিকৰ হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ লগতে অতি শীঘ্ৰে সাংবাদিক সুৰক্ষা আইন বলৱৎ কৰিবলৈ আহ্বান জনায় । আজিৰ সভাতেই ৫ গৰাকী বৰেণ্য ব্যক্তি ক্ৰমে প্ৰদীপ কুমাৰ শৰ্মা, শ্নিগ্ধাশিখা গোস্বামী হাজৰিকা, যোৰহাটৰ প্ৰকৃতি প্ৰেমী বিজু কুমাৰ শৰ্মা, সাংবাদিক ভুৱন লুইটেল, শিক্ষক বিশ্বজিৎ ৰয়ক সম্বৰ্ধনা জনোৱা হয়৷