শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাটত পে’ট্ৰল পাম্পত ভাবুকি দিয়া চাৰি উদণ্ড যুৱকক গ্ৰেপ্তাৰ-জেললৈ প্ৰেৰণ

যোৰহাটত পে’ট্ৰল পাম্পত ভাবুকি দিয়া চাৰি উদণ্ড যুৱকক গ্ৰেপ্তাৰ-জেললৈ প্ৰেৰণ

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটৰ লিচুবাৰীৰ পে’ট্ৰল ডিপুত তেল ভৰাই পইচা পৰিশোধ নকৰি কৰ্মচাৰীক ভাবুকি দিয়াৰ অভিযোগত চাৰি যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰে৷ ধৃত যুৱক কেইজনৰ নাম হ’ল জেইল ৰ’ডৰ দীপাংকৰ গগৈ(২০), অপূৰ্ব বৰা(২৬),পূর্ণ গগৈ (২৬),আৰু মিছন কেম্পাছৰ বাবু বাছফৰ৷ আৰক্ষীয়ে যুৱক কেইজনক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁলোকৰ পৰা এখন মটৰ চাইকেল আৰু এখন স্কুটী জব্ধ কৰে। উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলত লিচুবাৰীৰ তেল ডিপুত উল্লেখিত যুৱক কেইজনে মটৰ চাইকেল আৰু স্কুটীত তেল ভৰাই পইচা নিদি আঁতৰি যাবলৈ বিচৰাত পে’ট্ৰল ডিপুটোৰ কৰ্মচাৰীজনে তেলৰ পইচা বিচৰাত যুৱক কেইজনে কৰ্মচাৰীজনক ভাবুকি দি আঁতৰি যায় বুলি ডিপুটোৰ স্বতাধিকাৰীয়ে লিচুবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত ৯৮৪/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি ৩৮৬ ধাৰাত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে যুৱককেইজন গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰোৱাই জেললৈ প্ৰেৰণ কৰে৷