শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাটত অব্যাহত চিলনী চুৰৰ তাণ্ডব পুনৰ থপিয়াই নিলে টকাৰ বেগ

যোৰহাটত অব্যাহত চিলনী চুৰৰ তাণ্ডব পুনৰ থপিয়াই নিলে টকাৰ বেগ

ডিজিটেল সংবাদ, যোৰহাটঃ চিলনী চুৰৰ পৰা যোৰহাটবাসীক ৰক্ষা কৰিবলৈ যোৰহাট আৰক্ষীয়ে যিমানেই চেষ্টা নকৰক কিয়, চিলনী চুৰে যেন কেৰেপই নকৰে যোৰহাট আৰক্ষীক। যোৰহাটবাসীৰ চিলনী চোৰৰ সন্ত্ৰাসত নিদ্ৰা হৰণ কৰি থকাৰ সময়তে পুনৰ কালি দুটা চিলনী চুৰে এজন ব্যক্তিৰ পৰা এটা টকাৰ বেগ থপিয়াই নিয়ে। উক্ত বেগত প্ৰায় ৪০ হাজাৰ টকা আছে বুলি লোকজনে আৰক্ষীৰ আগত উল্লেখ কৰে। ঘটনাৰ বিবৰণি অনুসৰি কালি দুপৰীয়া পশ্চিম যোৰহাটৰ পৰ্বতীয়া গাঁৱৰ তথা সৰুচৰাই মৌজা গাঁও পঞ্চায়ত সমবায় সমিতিৰ এজেণ্ট ভবেন বৰাই নিজৰ দোকানৰ বাবে সামগ্ৰী কিনিবলৈ নগৰলৈ আহিছিল। নগৰৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত ৰাস্তা পাৰ হ’ব লওঁতেই মটৰ চাইকেলত অহা দুটা দুৰ্বৃত্তই চিলনীৰ দৰে টকাৰ বেগতো থপিয়াই লৈ যায়। আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।