শেহতীয়া খবৰ
Home / আঞ্চলিক / ইণ্ডিয়া অপেনত ভাগ ল’বলৈ মহানগৰীত তাৰকা বক্সাৰ গুৱাহাটীত অনুৰাগীৰ সহাৰি বিচাৰিছে মেৰী কমে

ইণ্ডিয়া অপেনত ভাগ ল’বলৈ মহানগৰীত তাৰকা বক্সাৰ গুৱাহাটীত অনুৰাগীৰ সহাৰি বিচাৰিছে মেৰী কমে

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘টকিঅ’ অলিম্পিকলৈ এতিয়াও সময় আছে। কিন্তু অলিম্পিকৰ পূর্বে মােৰ প্রথম লক্ষ্য হ’ল চলিত বছৰতে ৰাছিয়াত হ’বলগা বিশ্ব মহিলা চেম্পিয়নশ্বিপত পুনৰ পদক লাভ কৰা। সেয়েহে ইণ্ডিয়া অপেন মােৰ বাবে গুৰুত্বপূর্ণ। এই মন্তব্য ভাৰতৰ তাৰকা মহিলা বক্সাৰ এম চি মেৰী কমৰ। অহা ২০-২৪ মে’লৈ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্প কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা দ্বিতীয় ইণ্ডিয়া অপেন আন্তর্জাতিক বক্সিং প্রতিযােগিতাত অংশ লােৱাৰ বাবে আজি মহানগৰীত উপস্থিত হৈছে মেৰী কম।

আবেলি গুৱাহাটীৰ পল্টন বজাৰৰ ছাই কেন্দ্ৰত অনুশীলনাে কৰে ২০১২ ৰ লণ্ডন অলিম্পিকত ব্ৰঞ্জ পদক লাভ কৰা খেলৰত্ন সন্মানৰে বিভূষিত মেৰী কমে। ইণ্ডিয়া অপেনত ৫১ কিলােগ্রাম শাখাত খেলিব লগা মেৰী কমে লগতে কয়-মই পদকৰ বাবে ভােকাতুৰ। গুৱাহাটীলৈও পদক লাভ কৰাৰ লক্ষ্য লৈয়ে আহিছাে। মই সদায় পদক জয়ৰ লক্ষ্য লৈ ৰিঙত উঠো আৰু সর্বোচ্ছ উজাৰি দি খেলাে। ইণ্ডিয়া অপেনতাে ইয়াৰ ব্যতিক্রম নহয়।

উল্লেখ্য যে পূর্বে ৫১ কিলােগ্রাম শাখাত খেলি মেৰীয়ে ২০১২ ৰ লণ্ডন অলিম্পিকত ব্রঞ্জ লাভ কৰিছিল যদিও বিশ্ব চেম্পিয়নশ্বিপত ইতিহাস গঢ়ি ছটা সােণ অর্জন কৰিছে ৪৮ কিলােগ্রাম শাখাত অংশগ্রহন কৰি। যােৱা বছৰ নতুন দিল্লীতে মেৰী কমে ৪৮ কিলােগ্রাম শাখাত অংশগ্রহন কৰিয়ে বিশ্ব চেম্পিয়নশ্বিপৰ সােন অর্জন কৰিবলৈ সফল হয়।

ইফালে, ইণ্ডিয়া অপেনত গুৱাহাটীৰ লগতে উত্তৰ-পূৱৰ অনুৰাগীৰ সমর্থন বিচাৰিছে মেৰী কমে। মই সকলােকে খেল উপভােগ কৰিবলৈ আমন্ত্রণ জনাইছাে। উত্তৰ-পূৱৰ পৰিবেশ আৰু ক্রীড়া প্রতিভা অনন্য। এনে প্রতিযােগিতাই আমাক নতুন সুযােগ দিছে। নতুন প্রজন্মক আকর্ষিত কৰিব দ্বিতীয় ইণ্ডিয়া অপেন আন্তর্জাতিক বক্সিং প্রতিযােগিতা। মেৰী কমে ব্যক্ত কৰে। দেশত প্ৰথমবাৰৰ বাবে ৫১ কিলােগ্রাম শাখাত খেলিব লগা বিষয়টো লৈ মেৰী কমে কয়-মই সুখী। সলনিয়ে সদায় নতুন সম্ভাৱনা দিয়ে। তাতে আকৌ মই ঘৰুৱা পৰিবেশত খেলিম। প্রতিযােগিতাত মই ১০০ শতাংশ দিবলৈ সাজু হৈছাে।