শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটীত আৰম্ভ হ’ল দ্বিতীয় ইণ্ডিয়া অ’পেন বক্সিং প্ৰতিযোগিতা

গুৱাহাটীত আৰম্ভ হ’ল দ্বিতীয় ইণ্ডিয়া অ’পেন বক্সিং প্ৰতিযোগিতা

ডিজিটেল সংবাদ, গুৱাহাটাঃ গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা। বিশ্বৰ বহু কেইখন দেশৰ আগশাৰীৰ বক্সাৰে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনক লৈ উৎসাহী হৈ পৰিছে অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজ। প্ৰতিযোগিতাখনৰ পুৰুষৰ শাখাত ১০ টা আৰু মহিলাৰ শাখাত ৮ টা ইভেণ্ট থাকিব। অসম তথা উত্তৰ-পূবৰ তাৰকা বক্সাৰ মেৰীকম, শিৱ থাপা, লাভলিনা বৰগোহাঁইক লৈ যথেষ্ট আশাবাদী ঘৰুৱা দৰ্শকসকল।

উল্লেখযোগ্য যে, সমাগত বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ ইণ্ডিয়ান অ’পেন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন ভাৰতীয় বক্সাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই ৬০ কেজি আৰু লাভলীনা বৰগোহাঁয়ে ৬৯ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। শিৱ থাপাই ঘৰুৱা দৰ্শকৰ উপস্থিতিত প্ৰতিযোগিতাখনত সোণৰ পদক দখল কৰাৰ বাবে চেষ্টা চলাব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে। আনহাতে, ভাৰতীয় বক্সিং জগতৰ তাৰকা খেলুৱৈ এম চি মৰীকমে ৫১ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। প্ৰতিযোগিতাৰ পূৰ্বে সংবাদ মেল সম্বোধন কৰি তাৰকা বক্সাৰগৰাকীয়ে এনে ধৰণৰ প্ৰতিযোগিতা বেছিকৈ আয়োজন হ’লে খেলুৱৈ সকলে বেছিকৈ এক্সপ’জাৰ পাবলৈ সক্ষম হয় বুলি মন্তব্য কৰে।