শেহতীয়া খবৰ
Home / ক্ৰীড়া / পদক জিকাৰ লক্ষৰে আজিত গুৱাহাটীৰ ৰীংত অৱতীৰ্ণ হ’ব মেৰি কম

পদক জিকাৰ লক্ষৰে আজিত গুৱাহাটীৰ ৰীংত অৱতীৰ্ণ হ’ব মেৰি কম

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত কালিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা। প্ৰথম দিনৰ প্ৰতিযোগীতাত ভাৰতৰ ৭ জনকৈ খেলুৱায়ে চমকপ্ৰদ প্ৰদৰ্শনেৰে সুন্দৰ আৰম্ভণী কৰাৰ অন্তত আজি দ্বিতীয় দিনৰ খেলত নেপালৰ বক্সাৰ মালা ৰায়ৰ বিৰুদ্ধে ৫১ কেজিৰ শাখাত ভাৰতৰ হৈ ৰীংত অৱতীৰ্ণ হ’ব ছবাৰকৈ আন্তঃৰাষ্ট্ৰীয় খীতাপ অৰ্জন কৰা মেৰী কম৷