শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৰাজ্যিক আন্তঃস্কুল টাং ছু ডো প্ৰতিযোগিতাত নলবাৰীৰ সাফল্য

ৰাজ্যিক আন্তঃস্কুল টাং ছু ডো প্ৰতিযোগিতাত নলবাৰীৰ সাফল্য

ষ্টাফ ৰিপ’ৰ্টাৰ, নলবাৰী  : আই টি এফ টোং ছু ডো স্প’ৰ্টছ এছ’চিয়েচন অৱ আছামৰ উদ্যোগত গুৱাহাটীৰ বেলতলাৰ নিউ পুৱেৰুণ সংঘত অনুষ্ঠিত ১৯তম ৰাজ্যিক আন্তঃস্কুল টাং ছু ডো ল’ৰা- ছোৱালীৰ সমৰ কলা প্ৰতিযোগিতাখনৰ যোৱা ১৯ মে’ত সামৰণি পৰে। উক্ত খেলত নলবাৰী জিলা টাং ছু ডো এছ’চিয়েচনৰ পৰা এঘাৰজনীয়া দল এটাই অংশগ্ৰহণ কৰে। নলবাৰীৰ দলটোৱে দুটা সোণৰ পদক, দুটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনে। সোণৰ পদক লাভ কৰে চাহিল কুমাৰ ঠাকুৰ আৰু ইনতাদুল হুছেইেন। ৰূপৰ পদক লাভ কৰে ৰচান তাহিৰ, আৰমান হ’ক আৰু ব্ৰঞ্জৰ পদক লাভ কৰে দীপজ্যোতি ডেকাই। উক্ত খেলত নলবাৰী দলৰ প্ৰশিক্ষক হিচাপে গৈছিল আজহাৰুল আমিন আৰু গুৱাহাটীৰ মুখ্য বিচাৰক হিচাপে থাকে এন চি ৰাও।