শেহতীয়া খবৰ
Home / আঞ্চলিক / ইণ্ডিয়া অপেনঃ শিৱ-ফাইলু-অংকুশিতা ছেমিফাইনেলত

ইণ্ডিয়া অপেনঃ শিৱ-ফাইলু-অংকুশিতা ছেমিফাইনেলত

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ শিৱ থাপা, ফাইলু বসুমতাৰী আৰু অংকুশিতা বড়ােৱেও চলিত দ্বিতীয় ইণ্ডিয়া অপেন আন্তর্জাতিক বক্সিং প্রতিযােগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি পদক অর্জন কৰাটো নিশ্চিত কৰিছে। ৬০ কিলােগ্রাম শাখাত খেলা শিৱই আজি কোৱাৰ্টাৰ ফাইনেলত ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে মৰিছাছৰ হেলেনি ডামিনক। আনহাতে, যােৱানিশা অসমৰ অংকুশিতা বড়ােই ৬৪ কিলােগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ৪-১ৰ ব্যৱধানত পৰাস্ত কৰে দেশৰে ললিতাক। ইফালে, ৬৪ কিলােগ্রাম শাখাত খেলা ফাইলুই কোৱাৰ্টাৰ ফাইনেলত ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে নেপালৰ পুনম ৰাৱালক। উল্লেখ্য যে ইয়াৰ পূর্বে অসমৰ লাভলিনা বৰগােহাই, ভাগ্যৱতী কচাৰী আৰু যমুনা বড়ােৱে ছেমিফাইনেলত প্রৱেশ কৰি পদক জয় নিশ্চিত কৰিছিল। সেই দৃষ্টিকোণেৰে ঘৰত অনুষ্ঠিত ইণ্ডিয়া অপেনত দেশক প্রতিনিধিত্ব কৰা অসমৰ ছয়ােগৰাকী বক্সাৰে পদক লাভ কৰাৰ গৌৰৱময় সফলতা লাভ কৰিলে।

ইফালে, প্রতিযােগিতাৰ আজি তৃতীয় দিনাও ভাৰতীয় বক্সাৰে নিজৰ একক অধিপত্য অব্যাহত ৰাখে। দিনৰ প্ৰথম ভাগত অনুষ্ঠিত মেচত ভাৰতৰ গােবিন্দ কুমাৰ সাহানি (৪৯ কিলােগ্রাম) আৰু মদন লালে (৫৬ কিলােগ্রাম) ৱাক অভাৰ লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। আনহাতে, ভাৰতৰ আন ৯ জন বক্সাৰেও নিজৰ মেচত জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশৰে পদক জয় নিশ্চিত কৰিছে। দীপকে ৪৯ কিলােগ্রাম শাখাত খেলি ৪-১ত পৰাস্ত কৰে থাইলেণ্ডৰ ছামাক ছাহানক। তাৰকা অমিত পাংঘলে ৫২ কিলােগ্রাম শাখাত খেলি ৫-০ত পৰাস্ত কৰে থাইলেণ্ডৰ চাকাপঙক। পি এল প্রসাদে ৫২ কিলােগ্রাম শাখাত খেলি ৫-০ ত পৰাস্ত কৰে নেপালৰ তেজ বাহাদুৰক। শচীনে ৫২ কিলােগ্রাম শাখাত খেলি ৪১ ত পৰাস্ত কৰে ফিলিপাইনছৰ ৰেগন ছাইগা লাড’নক। গৌৰৱ সােলাংকীয়ে ৫২ কিলােগ্রাম শাখাত খেলি ৫-০ ত পৰাস্ত কৰে মৰিছাছৰ লুইছ ফ্লেটক। কবিন্দৰ সিং বিষ্টে ৫৬ কিলােগ্রাম শাখাত খেলি ৩-২ ত পৰাস্ত কৰে ফিলিপাইনছৰ মাৰিঅ’ ফার্ণাজেক। গৌৰৱ বিধুৰীয়ে ৫৬ কিলােগ্রাম শাখাত খেলি ৫-০ ত পৰাস্ত কৰে তাজাকিস্তানৰ বাইমহান পার্মান ভক। অনকিতে ৬০ কিলােগ্রাম শাখাত খেলি ৫-০ ত পৰাস্ত কৰে নেপালৰ প্রকাশ লিম্বুক। আনহাতে, মনীষ কৌশিকে ৬০ কিলােগ্রাম শাখাত খেলি ৫-০ ত পৰাস্ত কৰে থাইলেণ্ডৰ থিৱা জানথাচুম্পাক। বিপৰীতে, কোৱাৰ্টাৰত পৰাস্ত হয় ভাৰতৰ নীৰজ স্বামী আৰু মহম্মদ হুছামুদ্দিন।

ইফালে, যােৱানিশাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ নুপুৰ (৭৫ কিলােগ্রাম), প্রবীন (৬০ কিলােগ্রাম), এল সৰিতা দেৱী (৬০ কিলােগ্রাম), মনীষা (৫৭ কিলােগ্রাম), এইছ ক্রছ (৫৭ কিলােগ্রাম), ছনিয়া (৫৭ কিলােগ্রাম), সন্ধাৰাণী (৫৪ কিলােগ্রাম), মিনাকুমাৰী (৫৪ কিলােগ্রাম) আৰু জ্যোতি (৫১ কিলােগ্রাম)য়ে নিজৰ মেচত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। আনহাতে, বনলাল ডুটি (৫১ কিলােগ্রাম), নীৰজ (৫৭ কিলােগ্রাম), ছিমৰনজিত কৌড় (৬০ কিলােগ্রাম) আৰু মঞ্জু বাম্ব’ৰিয়া (৬৪ কিলােগ্রাম)ই ৱাক অভাৰ লাভ কৰি ছেমিফাইনেলত প্ৰৱেশৰে পদক জয় নিশ্চিত কৰে।