শেহতীয়া খবৰ
Home / আঞ্চলিক / সাহিত্য সভা-ইউ এছ টি এমৰ উদ্যোগত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক জলপানি

সাহিত্য সভা-ইউ এছ টি এমৰ উদ্যোগত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক জলপানি


সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকলৰ নামত আগবঢ়োৱা হ’ব বিশেষ বৃত্তি


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ মে’ : উত্তৰ-পূৰ্বাঞ্চলৰ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা প্ৰতিষ্ঠান ইউনিভাৰছিটী অৱ ছাইন্স এণ্ড টেকন’লজী, মেঘালয়ে (ইউ এছ টি এম) অনগ্ৰসৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বৃত্তি প্ৰদান কৰি সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ সৈতে যাতে ফেৰ মাৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে। সাহিত্য সভাৰ সহযোগত ২০টা পূৰ্ণাংগ জলপানিৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়ি আহিছে ইউ এছ টি এম। আজি গুৱাহাটীৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু বিশ্ববিদ্যালয়খনৰ আচাৰ্য মহবুবুল হকে এই কথা ঘোষণা কৰে। আজি সংবাদমেলত জানিবলৈ দিয়া অনুসৰি মেধাসম্পন্ন আৰু আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক সাহিত্য সভাৰ ২০গৰাকী প্ৰাক্তন সভাপতিৰ নামত ২০টা পূৰ্ণাংগ শিক্ষা জলপানি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ঘোষিত ২০টা জলপানিৰ ভিতৰত ১৫টা স্নাতকোত্তৰ শিক্ষাৰ বাবে আৰু ৫টা স্নাতক শিক্ষাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। মেধাৰ ভিত্তিত নিৰ্বাচিত হোৱা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে স্নাতক আৰু স্নাতকোত্তৰ বিভাগত পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান, উদ্ভিদবিজ্ঞান, জীৱবিজ্ঞান, ইংৰাজী, মাইক্ৰ’বায়’লজী, গণিত, ৰাজনীতি বিজ্ঞান, বি বি এ, বি চি এ, বি এছ ডব্লিউ ইত্যাদি বিষয়ত পঢ়াৰ সুবিধা পাব বুলি হকে সংবাদমেলত উল্লেখ কৰে।

আনহাতে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ মহেশ্বৰ নেওগ আৰু সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ সোঁৱৰণত দুটা গৱেষণা বৃত্তি প্ৰদান কৰা হ’ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে সংবাদমেলত ঘোষণা কৰে। আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে অসম সাহিত্য সভা অন্যথা www.ustm.ac.inৰ পৰা আবেদন-পত্ৰ সংগ্ৰহ কৰিব পাৰিব। প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম দিন ১৫ জুন বুলি মহবুবুল হকে জানিবলৈ দিয়ে। জলপানিৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ নাম ২০ জুনত ঘোষণা কৰা হ’ব। অৱশ্যে জলপানি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা বিনামূলীয়া হ’ব যদিও তেওঁলোকৰ হোষ্টেলৰ মাচুল ৰেহাই দিয়া নহয় বুলি ইউ এছ টি এমৰ কৰ্তৃপক্ষই জনায়।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )