শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / দিল্লী কাৰ দখলত ? ৰাহুল নে মোদীৰ ? আজি নিৰ্ণয় হ’ব ৭৯২৮ প্ৰাৰ্থীৰ ভাগ্য

দিল্লী কাৰ দখলত ? ৰাহুল নে মোদীৰ ? আজি নিৰ্ণয় হ’ব ৭৯২৮ প্ৰাৰ্থীৰ ভাগ্য

চৰকাৰ গঠনক লৈ শাসক-বিৰোধীৰ সঘনাই বৈঠক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ডেৰমহীয়া উৎকণ্ঠাৰ যৱনিকা পৰিবলৈ মাজত মাথোঁ কেইটামান মুহূৰ্ত বাকী। সকলো ধৰণৰ জল্পনা-কল্পনা আৰু প্ৰতীক্ষাৰ অন্ত পেলাই কাইলৈ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব দেশৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা। দিল্লীৰ মচনদ কাৰ দখললৈ যাব, ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী- কাইলৈ সেইটো স্পষ্ট হ’ব। কাইলৈৰ ভোট গণনাক কেন্দ্ৰ কৰি দল-প্ৰাৰ্থীৰ মাজত বৃদ্ধি পাইছে তীব্ৰ উৎকণ্ঠা, বাঢ়িছে ৰক্তচাপ। ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে নিৰ্বাচনী সমীক্ষাৰ জৰিয়তে পুনৰবাৰ মোদী চৰকাৰে দিল্লী দখল কৰিব বুলি একপ্ৰকাৰ ইংগিত প্ৰদান কৰিছে।

ৰাষ্ট্ৰীয় সংস্থাসমূহৰ উক্ত নিৰ্বাচনী সমীক্ষাৰ পিছতেই এন ডি এ ইতিমধ্যে চৰকাৰ গঠনৰ বাবে তৎপৰ হৈ পৰিছে। পুনৰ দিল্লীত এন ডি এ চৰকাৰ হ’ব বুলি আশংকা কৰিয়ে ইতিমধ্যে বিজেপিয়ে হাজাৰ হাজাৰ কিলোগ্ৰাম মিঠাই প্ৰস্তুত কৰিছে। ইপিনে বিৰোধীয়েও আশা এৰি দিয়া নাই। দিল্লী দখলৰ লক্ষ্যৰে বিৰোধীয়েও সঘনাই অনুষ্ঠিত কৰিছে বৈঠক। ৰচনা কৰিছে গোপন মন্ত্ৰণা। যিকোনো স্বাৰ্থৰ বিনিময়ত বিজেপিক ৰুধিবলৈ ঐক্যবদ্ধ হৈছে সকলো বিৰোধী দল। আনকি ইভিএম মেচিনত যাতে শাসকীয় দলটোৱে কোনো ধৰণৰ টেম্পাৰিং কৰিব নোৱাৰে তাৰ বাবে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি কংগ্ৰেছে স্মাৰক-পত্ৰ দিছে।

কাইলৈ অনুষ্ঠিত হ’বলগীয়া দেশৰ ৫৪৩টা লোকসভা সমষ্টিৰ সাধাৰণ নিৰ্বাচনৰ বাবে ইতিমধ্যে ভোটগণনা কেন্দ্ৰসমূহ সাজু কৰি তুলিছে। ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰসমূহত অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে। আনকি ভোটগণনা কেন্দ্ৰসমূহত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে। প্ৰতিটো বিধানসভা সমষ্টিৰ পাঁচটাকৈ ভিভিপেট মেচিনৰ জৰিয়তে গণনা হ’ব। এইবেলি ভিভিপেট মেচিন ব্যৱহাৰ হোৱাৰ বাবে ফলাফলৰ ক্ষেত্ৰত কিছু বিলম্ব হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। ২২.৩ লাখ বেলট পৰীক্ষাৰ বাবে ১,৬০০ গণনাকাৰী নিয়োগ কৰাৰ লগতে ১৭.৩ লাখ ভিভিপেট পৰীক্ষা কৰিবলৈ ১৬.৩ লাখ নিৰীক্ষণ কক্ষ প্ৰস্তুত কৰা হৈছে। কাইলৈৰ দিনটোতে দেশৰ সাধাৰণ নিৰ্বাচনৰ সৰ্বমুঠ ৭,৯২৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। কোন ৰথী-মহাৰথীৰ ভাগ্য উদয় হ’ব সেয়া স্পষ্ট হ’ব।

মন কৰিবলগীয়া যে দেশৰ সপ্তদশ লোকসভা নিৰ্বাচন সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। উক্ত নিৰ্বাচনত সৰ্বমুঠ ৭,৯২৮গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। ৯০ কোটি ভোটাৰে নিৰ্ণয় কৰিব এইসকল প্ৰাৰ্থীৰ ভাগ্য। এইবেলি উক্ত প্ৰাৰ্থীসকলৰ ভিতৰত ৭২৪গৰাকী মহিলা প্ৰাৰ্থী। কংগ্ৰেছৰ সৰ্বাধিক ৫৪গৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ হৈ ৫৩গৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বহুজন সমাজ পাৰ্টী (বি এছ পি)য়ে ২৪গৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে তৃণমূল কংগ্ৰেছে ২৩, চি পি আই এমে ১০, চি পি আয়ে ৪ আৰু এন চি পিয়ে এগৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এইবেলি দেশৰ সাধাৰণ নিৰ্বাচনত ২২২গৰাকী মহিলা প্ৰাৰ্থী নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এ ডি আৰৰ এক তথ্য অনুসৰি সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হোৱা সৰ্বমুঠ মহিলা প্ৰাৰ্থীৰ ভিতৰত ১০০গৰাকী, অৰ্থাৎ ১৫ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ। ১১ শতাংশ মহিলা প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধজনিত গোচৰ। চাৰিগৰাকী হত্যাৰ গোচৰত অভিযুক্ত। একেদৰে ৩৬ শতাংশ মহিলা প্ৰাৰ্থী কোটিপতি।

সমগ্ৰ দেশৰ লগতে অসমতো ভোটগণনাক লৈ যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰা হৈছে। অসমৰ ১৪টা লোকসভা সমষ্টিৰ বাবে মুঠ ৫১টা স্থানত ভোট গণনা চলিব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি লখিমপুৰ লোকসভা সমষ্টিৰ ভোটগণনা মুঠ ৮টা স্থানত চলিব। কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোট গণনা সাতটা স্থান, কলিয়াবৰ লোকসভা সমষ্টিৰ ভোট গণনা ৬ স্থান, যোৰহাট-বৰপেটা লোকসভা সমষ্টিৰ ভোট গণনা ৫টা স্থানত, তেজপুৰ, মঙলদৈ, গুৱাহাটী, ধুবুৰী, ডিফুৰ ভোট গণনা ৪টা স্থানত আৰু নগাঁও লোকসভা সমষ্টিৰ ভোট গণনা তিনিটা স্থান, কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোট গণনা দুটা স্থানত চলিব। অকল শিলচৰ লোকসভা সমষ্টিৰহে ভোটগণনা এটা স্থানত চলিব। আয়োগৰ তথ্য অনুসৰি লখিমপুৰ লোকসভা সমষ্টিৰ ভোট গণনা ৮টা স্থানত চলিব।

সংসদীয় সমষ্টিটোৰ অধীনস্থ বিধানসভা সমষ্টিসমূহৰ ভোট গণনা মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ত, উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঢকুৱাখনা মহকুমাধিপতিৰ কাৰ্যালয়, ধেমাজিৰ ডি আৰ ডি এৰ কাৰ্যালয়, জোনাই মহকুমাধিপতিৰ কাৰ্যালয়, ডিব্ৰুগড় চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়াৰ ষ্টেটফেড গুদাম আৰু শদিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত স্থাপন কৰা হৈছে ভোটগণনা কেন্দ্ৰ। সেইদৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ভোটগণনা গোসাইগাঁৱৰ মহকুমাধিপতি কাৰ্যালয় চৌহদ, কোকৰাঝাৰ ডায়েট, কাজলগাঁও উপেন্দ্ৰ ব্ৰহ্ম কলেজ, বিজনী মহকুমাধিপতি কাৰ্যালয় চৌহদ, বৰপেটাৰ এম চি কলেজ, বজালী কলেজ, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কেন্দ্ৰত সম্পন্ন হ’ব।

ইপিনে কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনস্থ বিধানসভা সমষ্টিসমূহত ভোট গণনা, নগাঁও চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়, বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়, সৰুপথাৰ কলেজ, গোলাঘাট আৱাসিক পলিটেকনিক আৰু যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কেন্দ্ৰত চলিব। আনহাতে যোৰহাট সংসদীয় সমষ্টিৰ অধীনস্থ বিধানসভা সমষ্টিসমূহৰ ভোটগণনা যোৰহাট চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিতাবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়, শিৱসাগৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাজিৰাৰ মহকুমাধিপতি কাৰ্যালয় আৰু চৰাইদেউ উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা গণনা কক্ষত সম্পন্ন হ’ব। অনুৰূপ ধৰণে বৰপেটা লোকসভা সমষ্টিৰ অধীনস্থ বিধানসভা সমষ্টিসমূহত ভোট গণনা বঙাইগাঁও কলেজ, অভয়াপুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বজালী কলেজ, বৰপেটা এম চি কলেজ আৰু নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা গণনা কক্ষত সম্পন্ন কৰা হ’ব। একেদৰে তেজপুৰ লোকসভা সমষ্টিৰ অধীনস্থ বিধানসভা সমষ্টিসমূহৰ ভোটগণনা তেজপুৰৰ দৰং কলেজ, বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়, গহপুৰৰ মহকুমাধিপতি কাৰ্যালয়, উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা গণনা কক্ষত চলিব।

একেদৰে মঙলদৈ লোকসভা সমষ্টিৰ অধীনস্থ বিধানসভা সমষ্টিসমূহৰ ভোটগণনা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়, নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়, মঙলদৈ কলেজ আৰু ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা গণনা কক্ষত সম্পন্ন কৰা হ’ব। অনুৰূপ ধৰণে গুৱাহাটী লোকসভা সমষ্টিৰ অধীনস্থ বিধানসভা সমষ্টিসমূহৰ ভোটগণনা গোৱালপাৰাৰ পি আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আমিনগাঁও, গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ আৰু নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা গণনা কক্ষত চলিব। ধুবুৰী লোকসভা সমষ্টিৰ ভোটগণনা হাটশিঙিমাৰীৰ অডিটৰিয়াম হল, ধুবুৰী জিলা পুথিভঁৰাল, বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয় চৌহদ আৰু গোৱালপাৰা কলেজত স্থাপন কৰা গণনা কক্ষত সম্পন্ন হ’ব। সেইদৰে ডিফু লোকসভা সমষ্টিৰ অধীনস্থ বিধানসভা সমষ্টিসমূহৰ ভোটগণনা হাফলং উপায়ুক্ত কাৰ্যালয়, বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিফু চৰকাৰী কলেজ আৰু হামৰেনৰ উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা গণনা কক্ষত চলিব।

ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অধীনস্থ বিধানসভা সমষ্টিসমূহৰ ভোটগণনা ডিব্ৰুগড় চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়াৰ ষ্টেটফেড গুদাম, মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা গণনা কক্ষত সম্পন্ন হ’ব। নগাঁও লোকসভা সমষ্টিৰ অধীনস্থ বিধানসভা সমষ্টিসমূহৰ অধীনস্থ ভোটগণনা মৰিগাঁও কলেজ, নগাঁৱৰ ডছন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হোজাইৰ উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা গণনাকক্ষত সম্পন্ন কৰা হ’ব। কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোটগণনা কৰিমগঞ্জ কলেজ আৰু হাইলাকান্দিৰ ভি এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ভোটগণনা কেন্দ্ৰত অনুষ্ঠিত হ’ব। শিলচৰ লোকসভা সমষ্টিৰ অধীনস্থ সাতটা বিধানসভা সমষ্টিৰ ভোটগণনা কাছাৰ জিলাৰ উদাৰবন্দৰ নটৰিপ ইষ্ট-ৱেষ্ট কৰিড’ৰত স্থাপন কৰা ভোটগণনা কক্ষত চলিব। উল্লেখ্য যে এইবেলি অসমত ১৪টা লোকসভা সমষ্টিত ১৪৫গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কাইলৈ ভাগ্য নিৰ্ণয় হ’ব অসমৰ ১৪৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য।