শেহতীয়া খবৰ
Home / ৰাজনীতি / ভিত্তিহীন আপত্তি দাখিলৰ শাস্তি— ৫০ হাজাৰ টকা জৰিমণা আৰু ৫ বছৰ কাৰাবাস

ভিত্তিহীন আপত্তি দাখিলৰ শাস্তি— ৫০ হাজাৰ টকা জৰিমণা আৰু ৫ বছৰ কাৰাবাস

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ আসোঁৱাহপূর্ণ খচৰা প্রকাশৰ পাছত দাবী-আপত্তি আৰু অভিযোগ প্রক্রিয়া ১০ আগষ্টৰ পৰা আৰম্ভ হ’ব৷ কিন্তু এন আৰ চি কর্তৃপক্ষই প্রস্তুত কৰা প্র-পত্র আৰু অভিযোগৰ ক্ষেত্রত আৰোপ কৰা চর্তই এই প্রক্রিয়াটোৰ আৰম্ভণিতেই তীব্র প্রতিক্রিয়াৰ দৃষ্টি কৰিছে৷ চূড়ান্ত খচৰাত অপ্রত্যাশিতভাৱে লাখ লাখ বিদেশীৰ নাম অন্তর্ভুক্ত হোৱাৰ আশংকা ঘনীভূত হোৱাত দাবী- আপত্তি প্রক্রিয়াৰ যোগেদি বিদেশীৰ নাম কর্তন কৰি এখন শুদ্ধ এন আৰ চি প্রস্তুতৰ শেষ আশা অসমৰ খিলঞ্জীয়া জনসাধাৰণে পোষণ কৰিছিল৷ কিন্তু অভিযোগৰ ক্ষেত্রত এন আৰ চি কর্তৃপক্ষই আৰোপ কৰা চর্তই সকলোৰে চকু কপালত তুলিছে৷

কিয়নো খচৰা তালিকাত বিদেশীৰ নাম অন্তর্ভুক্ত হোৱা বুলি খোদ দায়িত্বশীল চৰকাৰী বিষয়াই তথ্যসহকাৰে প্রমাণ কৰাৰ পাছত তালিকাভুক্ত সন্দেহজনক লোকৰ নাম কর্তন কৰিবলৈ অভিযোগ দিয়াজন শাস্তিৰ সন্মুখীন হ’ব বুলি আৰোপ কৰা চর্তই অভিযোগকাৰীক যে থমকি ৰ’বলৈ বাধ্য কৰাব, সেয়া স্পষ্ট৷ এতিয়া প্রশ্ন হ’ল প্রথমখন খচৰা তালিকাৰ দৰে চূড়ান্ত খচৰাতো বিদেশীৰ নাম অন্তর্ভুক্ত হোৱাৰ পৰা প্রতিৰোধ কৰিব নোৱৰা এন আৰ চি কর্তৃপক্ষই নিজৰ ব্যর্থতা ঢাকিবলৈ অভিযোগৰ পথ ৰুদ্ধ কৰিবলৈ শাস্তিৰ চর্ত আৰোপ কৰিছে নেকি? উল্লেখযোগ্য যে খচৰা তালিকাত বিদেশীৰ নাম অন্তর্ভুক্ত হোৱা বুলি কোনো ব্যক্তিয়ে অভিযোগ দিয়াৰ লগতে সংশ্লিষ্ট লোকজন যে বিদেশী, সেয়াও অভিযোগৰাকীয়ে প্রমাণ কৰিব লাগিব৷

অন্যথা ওলোটাই অভিযোগকাৰীক ৫ বছৰ পর্যন্ত কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব৷ যিটো বিষয় বিতর্কিত আই এম (ডি-টি) আইনত সন্নিৱিষ্ট আছিল৷ নাগৰিকত্ব আইন ১৯৫৫ৰ দোহাই দি অভিযোগৰাকীক শাস্তি বিহা হ’ব বুলি এন আৰ চি কর্তৃপক্ষই প্রস্তুত কৰা প্র-পত্রখনৰ নিম্নাংশত স্পষ্টকৈ উল্লেখ কৰিছে৷ এই চর্ত আৰোপৰ পাছত এন আৰ চি খচৰাত নাম অন্তর্ভুক্ত হোৱা বিদেশীৰ বিৰুদ্ধে জাতিপ্রেমী কোনো ব্যক্তি অভিযোগ দিবলৈ আহিবনে? যদি এখন বিদেশীমুক্ত এন আৰ চি প্রস্তুত কৰাই এন আৰ চি কর্তৃপক্ষৰ লক্ষ্য, তেন্তে শাস্তিৰ ভাবুকি একেই সময়তে প্রদান কৰা হ’ল কিয়? কোন বিদেশী, কোন ভাৰতীয় সেয়া নির্ণয় কৰিবলৈ এন আৰ চি ৰূপায়ণৰ দায়িত্ব অর্পণ কৰাৰ পাছতো সেয়া সার্থকভাৱে সম্পন্ন কৰিব নোৱৰা কর্তৃপক্ষই কিয় অভিযোগকাৰীকে বিপাঙত পেলাবলৈ চেষ্টা কৰিছে সেয়া ৰহস্যৰ বিষয়৷

খচৰা তালিকাত নাম অন্তর্ভুক্ত সন্দেহজন লোকজন যে বিদেশী, সেয়া অভিযোগকাৰীয়ে নিজেই তথ্য সহকাৰে প্রতিপন্ন কৰিব লাগিব৷ আনকি অভিযোগকাৰীয়ে প্র-পত্রখনত নির্দিষ্টকৈ ব্যাখ্যা কৰিব লাগিব৷ এন আৰ চি কর্তৃপক্ষই বিতৰণ কৰিবলগীয়া এই প্র-পত্রক লৈ এতিয়া তুমুল প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে ৰাজ্যৰ মুছলমান অধ্যুষিত জিলাকেইখনত কমসংখ্যক মানুহৰ নাম খচৰা তালিকাত কর্তন হৈছে৷ ১৩৪ কিল’মিটাৰ ভাৰত-বাংলা সীমান্তই স্পর্শ কৰি থকা ধুবুৰী জিলাত মাত্র ৭.৪৯ শতাংশ আৰু কৰিমগঞ্জ জিলাত মাত্র ৮.৪৬ শতাংশ লোকহে সম্পূর্ণ খচৰাৰ পৰা বাদ পৰিছে৷

বাংলাদেশৰ পৰা হোৱা প্রব্রজনৰ বোজা অধিক পৰিমাণে এই দুখন জিলাই গ্রহণ কৰি অহা সত্ত্বেও জিলা দুখনতেই নাম কর্তন হোৱা লোকৰ সংখ্যা কম৷ তেনে ক্ষেত্রত অন্য জিলাকেইখনৰ ক্ষেত্রতো যে বাংলাদেশীয়ে নির্বিঘ্রে খচৰাত নাম সুমুৱাবলৈ সক্ষম হৈছে, সেয়া ধুৰুপ৷ মূল তালিকা প্রকাশৰ পূর্বে দাবী-আপত্তি আৰু অভিযোগৰ জৰিয়তে এইসকল বিদেশীৰ নাম কর্তনৰ সুযোগ আছিল৷ কিন্তু অভিযোগকাৰীক শাস্তিৰ চর্ত বান্ধি দি তালিকাভুক্ত বিদেশীৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পথকেই যেন এন আৰ চি কর্তৃপক্ষই