শেহতীয়া খবৰ
Home / আঞ্চলিক / বিয়লি ৩ বজালৈকে হোৱা ভোট গণনাত কাৰ কিমান অগ্ৰগতি

বিয়লি ৩ বজালৈকে হোৱা ভোট গণনাত কাৰ কিমান অগ্ৰগতি

অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত কোন সমষ্টিত কাৰ কিমান অগ্ৰগতি-

ধুবুৰী লোকসভা সমষ্টিঃ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল কংগ্ৰেছ দলৰ ১৬০৫০৫ প্ৰাৰ্থীতকৈ  ভোটত আগবাঢ়ি আছে৷

কোকৰাঝাৰ লোকসভা সমষ্টিঃ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া ৩৬৯৪৭ টা ভোটত ইউপিপিএলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্ম তকৈ আগবাঢ়ি আছে৷

বৰপেটা লোকসভা সমষ্টিঃ অগপ-বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকতকৈ ৩২৪৬৩ ভোটত আগবাঢ়ি আছে৷

গুৱাহাটী লোকসভা সমষ্টিঃ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাতকৈ ৮৭১৯ টা ভোটত বিজেপি প্ৰাৰ্থী কুইন ওজা আগবাঢ়ি আছে৷

মঙলদৈ লোকসভা সমষ্টিঃ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতাতকৈ ১০৯৮১৩ টা ভোটত আগবাঢ়ি আছে।

নগাঁও লোকসভ সমষ্টিঃ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈতকৈ ২৯০৬৫ টা ভোটত আগবাঢ়ি আছে।

কলিয়াবৰ লোকসভা সমষ্টিঃ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ ৪৪৫৮২ টা ভোটত আগবাঢ়ি আছে।

তেজপুৰ লোকসভা সমষ্টিঃ তেজপুৰত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস কংগ্ৰেছৰ এম জি ভি কে ভানুতকৈ ১১৯২৭১ টা ভোটত আগবাঢ়ি আছে।

যোৰহাটত লোকসভা সমষ্টিঃ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইতকৈ ৭৩২১২ টা ভোটত আগবাঢ়ি আছে।

লক্ষীমপুৰ লোকসভা সমষ্টিঃ বিজেপিৰ প্ৰদান বৰুৱা কংগ্ৰেছৰ অনিল বৰগোহাঁইতকৈ ২৭৯৪০৪ টা ভোটত আগবাঢ়ি আছে।

ডিব্রুগড় লোকসভ সমষ্টিঃ ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ ৰামেশ্বৰ তেলী কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰতকৈ ২৭৯৩১৯ টা আগবাঢ়ি আছে।

শিলচৰত লোকসভ সমষ্টিঃ বিজেপিৰ ৰাজদ্বীপ ৰয় কংগ্ৰেছ প্ৰাথী সুস্মিতা দেৱ বৰ্মনতকৈ ৪১৭১৫টা ভোটত আগবাঢ়ি আছে।

কৰিমগঞ্জ লোকসভ সমষ্টিঃ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰাধেশ্বাম বিশ্বাস বিজেপিৰ কৃপানাথ মাল্লাতকৈ ৬৭৮২১ টা ভোটত আগবাঢ়ি আছে।

স্বায়ত্ত শাসিত পৰিষদ লোকসভা সমষ্টিঃ বিজেপিৰ হৰেণ সিং বে কংগ্ৰেছৰ বিৰেণ সিং ইংতিতকৈ ৯৭৭৫২ টা ভোটত অগ্ৰগতি লাভ কৰি আছে।